Joshua 22:15 in Assamese 15 পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা জনগোষ্ঠীৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে:
Other Translations King James Version (KJV) And they came unto the children of Reuben, and to the children of Gad, and to the half tribe of Manasseh, unto the land of Gilead, and they spake with them, saying,
American Standard Version (ASV) And they came unto the children of Reuben, and to the children of Gad, and to the half-tribe of Manasseh, unto the land of Gilead, and they spake with them, saying,
Bible in Basic English (BBE) And they came to the children of Reuben and the children of Gad and the half-tribe of Manasseh, to the land of Gilead, and said to them,
Darby English Bible (DBY) And they came to the children of Reuben, and to the children of Gad, and to the half tribe of Manasseh, to the land of Gilead, and spoke with them, saying,
Webster's Bible (WBT) And they came to the children of Reuben, and to the children of Gad, and to the half-tribe of Manasseh, to the land of Gilead, and they spoke with them, saying,
World English Bible (WEB) They came to the children of Reuben, and to the children of Gad, and to the half-tribe of Manasseh, to the land of Gilead, and they spoke with them, saying,
Young's Literal Translation (YLT) And they come in unto the sons of Reuben, and unto the sons of Gad, and unto the half of the tribe of Manasseh, unto the land of Gilead, and speak with them, saying,
Cross Reference Exodus 32:8 in Assamese 8 তেওঁলোকক যি পথত যাবলৈ মই আজ্ঞা দিছিলোঁ, সেই পথৰ পৰা তেওঁলোকে ক্ষিপ্রবেগে ঘূৰিলে। তেওঁলোকে নিজৰ বাবে সাঁচত ঢলা এটা দামুৰি নিৰ্মাণ কৰিলে, আৰু তাৰ আগত প্ৰণিপাত কৰিলে। তেওঁলোকে ক’লে, ‘হে ইস্ৰায়েল, মিচৰ দেশৰ পৰা তোমাক উলিয়াই অনা ঈশ্বৰ এয়া’।”
Leviticus 5:19 in Assamese 19 এয়ে হৈছে দোষাৰ্থক বলি; তেওঁ অৱশ্যে যিহোৱাৰ সাক্ষাতে দোষী।”
Leviticus 17:8 in Assamese 8 আৰু তুমি তেওঁলোকক কোৱা, ‘ইস্ৰায়েল-বংশীয় যি কোনো লোক বা তেওঁলোকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশী জনে নিজৰ হোম-বলি বা মঙ্গলাৰ্থক বলি,
Leviticus 26:40 in Assamese 40 কিন্তু যদি তেওঁলোকে আৰু তেওঁলোকৰ পিতৃয়ে কৰা পাপ বা মোৰ সত্য লঙ্ঘন কৰাৰ কাৰণে নিজ নিজ অপৰাধ স্ৱীকাৰ কৰে, আৰু তেওঁলোকে মোৰ বিপৰীত আচৰণ কৰাত,
Numbers 5:6 in Assamese 6 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওঁক বা স্ত্ৰীয়েই হওঁক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহোৱাৰ অহিতে অপৰাধ কৰে, সেই জন ব্যক্তি দোষী হয়।
Numbers 14:43 in Assamese 43 কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”
Numbers 32:15 in Assamese 15 কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
Deuteronomy 7:4 in Assamese 4 কিয়নো সেই ছোৱালীবোৰে আপোনালোকৰ ল’ৰাবোৰক মোক অনুসৰণ কৰাৰ পৰা আঁতৰাই নিব আৰু আন দেৱ-দেৱীৰ সেৱা পূজা কৰাব; সেয়ে হ’লে, আপোনালোকলৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ব, আৰু তেওঁ আপোনালোকক শীঘ্ৰে বিনষ্ট কৰিব।
Deuteronomy 12:4 in Assamese 4 আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উপসনা সেই লোকসকলে কৰাৰ দৰে নকৰিব।
Deuteronomy 12:13 in Assamese 13 নিজৰ বিষয়ে সাৱধান হ'ব। যি কোনো স্থানতে আপোনালোকে হোম-বলি উৎসৰ্গ নকৰিব;
Deuteronomy 30:17 in Assamese 17 কিন্তু যদি আপোনালোকৰ অন্তৰ প্রভুৰ পৰা আতঁৰি যায় আৰু আপোনালোক তেওঁৰ অবাধ্য হয়; যদি আপোনালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰে,
Joshua 22:12 in Assamese 12 ইস্ৰায়েলৰ লোকসকলে সেই কথা শুনাৰ পাছত, ইস্ৰায়েলৰ লোকসকলৰ গোটেই সমাজে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ বাবে চীলোত গোট খালে।
Joshua 22:18 in Assamese 18 তোমালোকে যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছা? তোমালোকে আজি যদি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহী হোৱা, তেওঁ কালিলৈ ইস্ৰায়েলৰ গোটেই সমাজলৈ ক্ৰোধ কৰিব।
1 Samuel 15:23 in Assamese 23 কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়েহে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
1 Chronicles 21:3 in Assamese 3 যোৱাবে ক’লে, “যিহোৱাই তেওঁৰ সৈন্যসকলক এতিয়া যিমান আছে তাতকৈ এশ গুণ অধিক বৃদ্ধি কৰক। কিন্তু হে মোৰ প্ৰভু মহাৰাজ, তেওঁলোক সকলোৱে জানো মোৰ প্ৰভুৰ পৰিচৰ্য্যা নকৰে? কিয় মোৰ প্ৰভুৱে এইদৰে বিচাৰিছে? কিয় ইস্ৰায়েলৰ ওপৰত দোষ কঢ়িয়াই আনিছে?”
2 Chronicles 10:19 in Assamese 19 এইদৰে ইস্ৰায়েলে দায়ূদৰ বংশৰ বিৰুদ্ধে আজিলৈকে সেই ভাবেৰেই বিদ্ৰোহ আচৰণ কৰি আছে।
2 Chronicles 25:27 in Assamese 27 অমচিয়াই যিহোৱাৰ পথ ত্যাগ কৰাৰ পাছত লোকসকলে যিৰূচালেমত তেওঁৰ বিৰুদ্ধে চক্ৰান্ত কৰিছিল৷ সেয়েহে তেওঁ লাখীচলৈ পলাই গৈছিল, কিন্তু লোকসকলে লাখীচলৈকে তেওঁৰ পাছত মানুহ পঠিয়ালে আৰু তেওঁক সেই ঠাইত বধ কৰালে।
2 Chronicles 26:18 in Assamese 18 তেওঁলোকে উজ্জিয়া ৰজাৰ সম্মুখত থিয় হৈ তেওঁক ক’লে, “হে উজ্জিয়া, যিহোৱাৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আপোনাৰ অধিকাৰ নাই; কিন্তু ধূপ জ্বলাবৰ বাবে পবিত্ৰীকৃত হোৱা হাৰোণৰ সন্তান যি পুৰোহিতসকল, তেওঁলোকৰহে অধিকাৰ আছে। আপুনি পবিত্ৰস্থানৰ পৰা বাহিৰ হওঁক, কিয়নো আপুনি সত্যলঙ্ঘন কৰিলে৷ ইয়াতে ঈশ্বৰ যিহোৱাৰ পৰা আপুনি সম্মান নাপাব।”
2 Chronicles 28:13 in Assamese 13 তেওঁলোকে তেওঁলোকক ক’লে, “তোমালোকে বন্দী কৰি অনা লোকসকলক এই ঠাইলৈ নানিবা, কিয়নো আমাৰ পাপ আৰু দোষবোৰ বঢ়াবৰ অৰ্থে তোমালোকে যিহোৱাৰ গুৰিত আমাক পুনৰ দোষী কৰিবলৈ মন কৰিছাঁহক; কাৰণ আমাৰ দোষ অধিক আৰু ইস্ৰায়েলৰ ওপৰত প্ৰচণ্ড ক্ৰোধ আছে।”
Ezra 9:2 in Assamese 2 কাৰণ পবিত্র লোকসকলে তেওঁলোকৰ কিছুমান ল’ৰা-ছোৱালীৰ বিবাহত এনেদৰে আন দেশৰ লোকসকলৰ সৈতে সম্বন্ধ স্থাপন কৰে। এই অৱিশ্বাসী কাৰ্য্যত কৰ্ম্মচাৰী আৰু মূখ্য লোকসকলে আগভাগ লয়।”
Ezra 9:15 in Assamese 15 হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি ধৰ্ম্মপৰায়ণ, কাৰণ আজি আমি অতি কম সংখ্যক ৰক্ষা পোৱা লোকহে অৱশিষ্ট আছোঁ। চাওক! আমি আমাৰ দোষেৰে সৈতে আপোনাৰ সাক্ষাতে আছোঁ, ইয়াৰ ফলত আমি কোনেও কোনে এজনো আপোনাৰ সাক্ষাতে থিয় হ’ব নোৱাৰোঁ।”
Psalm 78:8 in Assamese 8 তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনও সমর্পিত আৰু বিশ্বস্ত নাছিল।
Isaiah 63:10 in Assamese 10 কিন্তু তেওঁলোকে বিদ্ৰোহ কৰি তেওঁৰ পবিত্ৰ আত্মাক দুখ দিছিল; সেয়ে তেওঁ তেওঁলোকৰ শত্রু হৈছিল, আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।
Matthew 6:14 in Assamese 14 কিয়নো তোমালোকে যদি আন লোকৰ অপৰাধ ক্ষমা কৰা, তেনেহলে তোমালোকৰ স্বর্গীয় পিতৃয়ে তোমালোকৰো অপৰাধ ক্ষমা কৰিব;
Matthew 18:17 in Assamese 17 যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ-সংগ্ৰহকাৰী সকলৰ দৰে হওক।
1 Corinthians 1:10 in Assamese 10 কিন্তু মোৰ প্রিয় ভাইসকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আৰু আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
1 Corinthians 5:4 in Assamese 4 আপোনালোকে যেতিয়া আমাৰ প্ৰভু যীচুৰ নামেৰে একত্রিত হয়, মোৰ আত্মাও আমাৰ প্রভু যীচুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলোঁ।
Galatians 1:1 in Assamese 1 মই পৌল, এজন পাঁচনি। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হ’লো।
Hebrews 12:25 in Assamese 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল, সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়!