Joshua 21 in Assamese

1 তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তানসকলৰ জনগোষ্ঠীৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷

2 আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।

3 তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ উত্তৰাধীকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।

4 চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰুণ পুৰোহিতৰ সন্তানসকলে চিঠিখেলৰ দ্বাৰাই যিহূদা জনগোষ্ঠীৰ, চিমিয়োন জনগোষ্ঠীৰ আৰু বিন্যামীন জনগোষ্ঠীৰ পৰা তেৰ খন নগৰ পালে।

5 আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম জনগোষ্ঠীসকলৰ পৰা, আচেৰ জনগোষ্ঠিৰ আৰু নপ্তালী জনগোষ্ঠীৰ পৰা আৰু বাচানত থকা মনচিৰ আধা জনগোষ্ঠীৰ পৰা দহখন নগৰ পালে।

6 আৰু বংশানুক্ৰমে গৰ্চোনৰ সন্তানসকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ জনগোষ্ঠীৰ আৰু নপ্তালী জনগোষ্ঠীৰ পৰা আৰু বাচানত থকা মনচিৰ আধা জনগোষ্ঠীৰ পৰা তেৰ খন নগৰ পালে।

7 আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তানসকলে নিজ নিজ জনগোষ্ঠী অনুসাৰে ৰূবেণ জনগোষ্ঠীৰ, গাদ জনগোষ্ঠীৰ আৰু জবুলুন জনগোষ্ঠীৰ পৰা বাৰখন নগৰ পালে।

8 এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।

9 পাছত তেওঁলোকে যিহূদাৰ সন্তানসকলৰ জনগোষ্ঠীৰ পৰা আৰু চিমিয়োনৰ সন্তানসকলৰ জনগোষ্ঠীৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷

10 এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।

11 ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অৰ্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।

12 কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।

13 তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তানসকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্‌না,

14 চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,

15 চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,

16 চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই জনগোষ্ঠীৰ পৰা এই ন খন নগৰ পালে।

17 আৰু বিন্যামীন জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,

18 চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।

19 নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।

20 আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।

21 ইস্ৰায়েলৰ সন্তানসকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে

22 কিব্‌চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ হোৰোণ, এই চাৰিখন নগৰ দিলে।

23 আৰু দান জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্‌তকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,

24 চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎৰিম্মোন, এই চাৰিখন নগৰ দিলে।

25 আৰু মনচিৰ আধা জনগোষ্ঠীৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎৰিম্মোন এই দুখন নগৰ তেওঁলোকক দিলে।

26 কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।

27 অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তানসকলক মনচিৰ আধা জনগোষ্ঠীৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।

28 গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,

29 চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়িন-গন্নীম, এই চাৰিখন নগৰ দিলে।

30 আৰু আচেৰ জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,

31 চৰণীয়া ঠায়েৰে সৈতে হিলকৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।

32 আৰু নপ্তালী জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।

33 নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।

34 পাছত তেওঁলোকে মৰাৰীৰ জনগোষ্ঠীবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়াললৈ জবুলুন জন-গোষ্ঠিৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্লিয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,

35 চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।

36 ৰূবেণ জনগোষ্ঠীৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,

37 চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ম্ৰেফাৎ, এই চাৰিখন নগৰ দিলে।

38 আৰু গাদ জনগোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰাম্মোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷

39 মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচ্‌বোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।

40 লেবীয়াসকলৰ অৱশিষ্ট জনগোষ্ঠী অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।

41 ইস্ৰায়েলৰ সন্তানসকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।

42 সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।

43 এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।

44 তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।

45 যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।