John 8:55 in Assamese 55 আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
Other Translations King James Version (KJV) Yet ye have not known him; but I know him: and if I should say, I know him not, I shall be a liar like unto you: but I know him, and keep his saying.
American Standard Version (ASV) and ye have not known him: but I know him; and if I should say, I know him not, I shall be like unto you, a liar: but I know him, and keep his word.
Bible in Basic English (BBE) You have no knowledge of him, but I have knowledge of him; and if I said I have no knowledge of him I would be talking falsely like you: but I have full knowledge of him, and I keep his word.
Darby English Bible (DBY) And ye know him not; but I know him; and if I said, I know him not, I should be like you, a liar. But I know him, and I keep his word.
World English Bible (WEB) You have not known him, but I know him. If I said, 'I don't know him,' I would be like you, a liar. But I know him, and keep his word.
Young's Literal Translation (YLT) and ye have not known Him, and I have known Him, and if I say that I have not known Him, I shall be like you -- speaking falsely; but I have known Him, and His word I keep;
Cross Reference Jeremiah 4:22 in Assamese 22 যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
Jeremiah 9:3 in Assamese 3 আৰু তেওঁলোকে নিজৰ জিভাৰূপ ধনুত নিজৰ মিছা কথাস্বৰূপ বাণ জোৰে, আৰু দেশত পৰাক্ৰমী হয়, কিন্তু সত্যৰ বাবে নহয়। কিয়নো তেওঁলোকে এক দুষ্টতাৰ পৰা আন দুষ্টতালৈ আগ বাঢ়ি যায় আৰু যিহোৱাই কৈছে, তেওঁলোকে মোক হ’লে নাজানে।
Hosea 5:4 in Assamese 4 তেওঁলোকৰ কাৰ্য্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে, আৰু তেওঁলোকে যিহোৱাক নাজানে।
Matthew 11:27 in Assamese 27 কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে; পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
Luke 10:22 in Assamese 22 মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”
John 1:18 in Assamese 18 ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক প্ৰকাশ কৰিলে।
John 6:46 in Assamese 46 কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
John 7:28 in Assamese 28 তেতিয়া যীচুৱে অশ্ৰু টুকি মন্দিৰত শিক্ষা দিলে আৰু উচ্চস্বৰে ক’লে, “আপোনালোকে মোক জানে আৰু মই ক’ৰ পৰা আহিছোঁ, সেই বিষয়েও জানে৷ মই নিজ ইচ্ছাৰে অহা নাই, কিন্তু যি জনে মোক পঠালে, তেওঁ সত্য; তেওঁক আপোনালোকে নাজানে।
John 8:19 in Assamese 19 তেতিয়া তেওঁলোকে যীচুক সুধিলে, “তোমাৰ পিতৃ ক’ত আছে?” যীচুৱে উত্তৰ দিলে, “আপোনালোকে মোকো নাজানে আৰু মোৰ পিতৃকো নাজানে; মোক জনা হ’লে মোৰ পিতৃকো জানিলেহেঁতেন।
John 8:29 in Assamese 29 মোক যি জনে পঠালে, তেওঁ মোৰ লগত আছে। তেওঁ মোক অকলশৰীয়াকৈ ৰখা নাই, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কাম কৰোঁ।”
John 8:44 in Assamese 44 চয়তান আপোনালোকৰ পিতৃ আৰু আপোনালোক তাৰ পৰা হৈছে। সেই কাৰণে আপোনালোকে আপোনালোকৰ সেই পিতৃৰ অভিলাষ পূর্ণ কৰিবলৈ ইচ্ছা কৰে। চয়তান আদিৰে পৰা নৰবধী; সি সত্যত নাথাকে, কিয়নো তাৰ ভিতৰত সত্য নাই। সি যেতিয়া মিছা কথা কয়, তেতিয়া সি নিজৰ স্বভাৱৰ পৰাই কয়। কাৰণ সি মিছলীয়া আৰু মিছলীয়াৰ বাপেক।
John 8:51 in Assamese 51 মই আপোনালোকক সঁচাকৈয়ে কওঁ, “কোনোৱে যদি মোৰ বাক্য পালন কৰে, তেওঁ কোনো কালে মৃত্যুক নেদেখিব।”
John 10:15 in Assamese 15 পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেষৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
John 15:10 in Assamese 10 যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।
John 15:21 in Assamese 21 কিন্তু যি জনে মোক পঠিয়ালে, তেওঁক তেওঁলোকে নজনাৰ কাৰণে, মোৰ নামৰ কাৰণে তোমালোকক এইদৰে কৰিব।
John 16:3 in Assamese 3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
John 17:25 in Assamese 25 হে ন্যায়ৱান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ; আৰু তুমি যে মোক পঠালা, সেয়া তেওঁলোকেও জানিলে।
Acts 17:23 in Assamese 23 কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদী’ বুলি লিখা এটা বেদী দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
2 Corinthians 4:6 in Assamese 6 যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ মহিমা প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যিজনা ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেইজনা ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
1 John 2:4 in Assamese 4 কোনোৱে যদি কয়, “মই ঈশ্বৰক জানো”, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন নকৰে; তেনেহলে তেওঁ এজন মিছলীয়া আৰু সেই সত্য তেওঁৰ অন্তৰত নাই৷
1 John 2:22 in Assamese 22 যীচু সেই অভিষিক্ত জন বুলি যি জনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে প্ৰকৃত মিছলীয়া আন কোন আছে? সেই জনেই খ্ৰীষ্টাৰি; তেওঁ পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে।
1 John 5:10 in Assamese 10 যি জনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যি জনে ঈশ্বৰত বিশ্বাস নকৰে, ঈশ্ৱৰে তেওঁক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, তেওঁ সেই কথাত বিশ্বাস কৰা নাই।
Revelation 3:9 in Assamese 9 চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।