John 6:40 in Assamese 40 মোৰ পিতৃৰ ইচ্ছা এই যে, যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।”
Other Translations King James Version (KJV) And this is the will of him that sent me, that every one which seeth the Son, and believeth on him, may have everlasting life: and I will raise him up at the last day.
American Standard Version (ASV) For this is the will of my Father, that every one that beholdeth the Son, and believeth on him, should have eternal life; and I will raise him up at the last day.
Bible in Basic English (BBE) This, I say, is my Father's pleasure, that everyone who sees the Son and has faith in him may have eternal life: and I will take him up on the last day.
Darby English Bible (DBY) For this is the will of my Father, that every one who sees the Son, and believes on him, should have life eternal; and I will raise him up at the last day.
World English Bible (WEB) This is the will of the one who sent me, that everyone who sees the Son, and believes in him, should have eternal life; and I will raise him up at the last day."
Young's Literal Translation (YLT) and this is the will of Him who sent me, that every one who is beholding the Son, and is believing in him, may have life age-during, and I will raise him up in the last day.'
Cross Reference Isaiah 45:21 in Assamese 21 ওচৰলৈ আহা আৰু মোৰ আগত এইতো ঘোষনা কৰা, প্রমান আনা! তেওঁলোকক একেলগে মিলিত হবলৈ দিয়া। কোনে আগৰ পৰা এইসকলো দেখুৱাই আহিছে? কোনে ঘোষনা কৰিছে? মই যিহোৱাই নহয়নে? মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, মই ন্যায়ৱান ঈশ্বৰ, আৰু ত্ৰাণকৰ্ত্তা; মোৰ বাহিৰে আন কোনো নাই।
Isaiah 52:10 in Assamese 10 যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
Isaiah 53:2 in Assamese 2 কাৰণ তেওঁ যিহোৱাৰ আগত গছ পুলিৰ দৰে, আৰু শুকান মাটিত অঙ্কুৰিত হোৱা কোমল গজালিৰ দৰে বাঢ়ি উঠিল; তেওঁৰ কোনো বৈশিষ্ট্যপূর্ণ চেহেৰা বা ঐশ্বর্য নাছিল, আমি যেতিয়া তেওঁক চাওঁ তেতিয়া আমাক আকর্ষণ কৰিব পৰা তেওঁৰ কোনো সৌন্দৰ্য নাছিল।
Mark 16:16 in Assamese 16 তাতে যি জনে বিশ্বাস কৰি বাপ্তিস্ম গ্ৰহন কৰে, তেওঁ পৰিত্ৰাণ পাব কিন্তু যি জনে অবিশ্বাস কৰে, তেওঁক দণ্ডাজ্ঞা কৰা হ’ব৷
Luke 2:30 in Assamese 30 কিয়নো মোৰ চকুৱে আপোনাৰ পৰিত্রাণ দেখা পালে,
John 1:14 in Assamese 14 সেই বাক্যই মাংস হ’ল; অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
John 3:15 in Assamese 15 যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।
John 3:36 in Assamese 36 পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে; পুত্ৰক অমান্য কৰা জনে জীৱনৰ দৰ্শন নাপাব, কিন্তু ঈশ্বৰৰ ক্ৰোধহে তেওঁৰ ওপৰত থাকে।”
John 4:14 in Assamese 14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
John 5:24 in Assamese 24 মই সঁচাকৈয়ে কওঁ, যি জনে মোৰ কথা শুনি মোক পঠোৱা জনত বিশ্বাস কৰে, তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ দোষীৰূপে বিবেচিত নহ’ব, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ’ল।
John 6:27 in Assamese 27 ক্ষয়ণীয় আহাৰৰ কাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে, তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে।”
John 6:35 in Assamese 35 যীচুৱে তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
John 6:54 in Assamese 54 যি কোনোৱে মই দান কৰা, মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম।
John 8:56 in Assamese 56 আপোনালোকৰ ওপৰ-পুৰুষ অব্ৰাহামে মোৰ দিন দেখাৰ আশাত উল্লাসিত হৈছিল; তেওঁ সেইদিন দেখিলে আৰু আনন্দ কৰিলে।”
John 10:28 in Assamese 28 মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
John 11:25 in Assamese 25 যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;
John 12:45 in Assamese 45 আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
John 12:50 in Assamese 50 মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।”
John 14:17 in Assamese 17 সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
John 14:19 in Assamese 19 অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
John 17:2 in Assamese 2 যি দৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা।
Romans 5:21 in Assamese 21 সেই কাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়৷
Romans 6:23 in Assamese 23 কিয়নো পাপৰ বেচ মৃত্যু; কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া অনুগ্ৰহ, অনন্ত জীৱন।
2 Corinthians 4:6 in Assamese 6 যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ মহিমা প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যিজনা ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেইজনা ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
Hebrews 11:1 in Assamese 1 বিশ্বাস হৈছে, আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান, অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি।
Hebrews 11:27 in Assamese 27 বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।
1 Peter 1:8 in Assamese 8 তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷
1 John 1:1 in Assamese 1 যি আদিৰে পৰা আছিল, যি আমি শুনিলোঁ, যি চকুৰে দেখিলোঁ, যি আমি মনোযোগেৰে দৃষ্টি কৰি দেখিলোঁ আৰু যি আমাৰ হাতেৰে অনুভৱ কৰিলোঁ, সেই জীৱনৰ বাক্যৰ প্রসঙ্গত,
1 John 2:25 in Assamese 25 আৰু এয়ে আমাৰ আগত কৰা তেওঁৰ প্ৰতিশ্ৰুতিপূৰ্ণ প্ৰতিজ্ঞা; অনন্ত জীৱন।
1 John 5:11 in Assamese 11 সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে।
Jude 1:21 in Assamese 21 ঈশ্বৰৰ প্ৰেমক ধৰি ৰাখক আৰু অনন্ত জীৱনৰ অৰ্থে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দয়ালৈ অপেক্ষা কৰি থাকক।