John 21:17 in Assamese 17 তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, ‘তুমি মোক প্ৰেম কৰা নে’? তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষবোৰক চৰোৱা।
Other Translations King James Version (KJV) He saith unto him the third time, Simon, son of Jonas, lovest thou me? Peter was grieved because he said unto him the third time, Lovest thou me? And he said unto him, Lord, thou knowest all things; thou knowest that I love thee. Jesus saith unto him, Feed my sheep.
American Standard Version (ASV) He saith unto him the third time, Simon, `son' of John, lovest thou me? Peter was grieved because he said unto him the third time, Lovest thou me? And he said unto him, Lord, thou knowest all things; thou knowest that I love thee. Jesus saith unto him, Feed my sheep.
Bible in Basic English (BBE) He said to him a third time, Simon, son of John, am I dear to you? Now Peter was troubled in his heart because he put the question a third time, Am I dear to you? And he said to him, Lord, you have knowledge of all things; you see that you are dear to me. Jesus said to him, Then give my sheep food.
Darby English Bible (DBY) He says to him the third time, Simon, [son] of Jonas, art thou attached to me? Peter was grieved because he said to him the third time, Art thou attached to me? and said to him, Lord, thou knowest all things; thou knowest that I am attached to thee. Jesus says to him, Feed my sheep.
World English Bible (WEB) He said to him the third time, "Simon, son of Jonah, do you have affection for me?" Peter was grieved because he asked him the third time, "Do you have affection for me?" He said to him, "Lord, you know everything. You know that I have affection for you." Jesus said to him, "Feed my sheep.
Young's Literal Translation (YLT) He saith to him the third time, `Simon, `son' of Jonas, dost thou dearly love me?' Peter was grieved that he said to him the third time, `Dost thou dearly love me?' and he said to him, `Lord, thou hast known all things; thou dost know that I dearly love thee.' Jesus saith to him, `Feed my sheep;
Cross Reference Joshua 22:22 in Assamese 22 “ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সচাঁকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলো, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷
1 Kings 17:18 in Assamese 18 তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”
1 Chronicles 29:17 in Assamese 17 হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তুষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
Job 31:4 in Assamese 4 তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?
Psalm 7:8 in Assamese 8 যিহোৱাই যেন লোকসমূহৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্ম্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা।
Psalm 17:3 in Assamese 3 যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মোৰ মুখে অপৰাধ নকৰে।
Jeremiah 17:10 in Assamese 10 মই যিহোৱা, মনৰ বিচাৰ আৰু মৰ্ম্ম পৰীক্ষা কৰোঁতা। প্ৰতিজন মানুহক তেওঁৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে, তেওঁৰ কাৰ্য্যৰ ফল অনুসাৰে প্ৰতিফল দিওঁ।
Lamentations 3:33 in Assamese 33 কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে, বা মানুহৰ সন্তানসকলক বেজাৰ নিদিয়ে।
Matthew 25:40 in Assamese 40 তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক’ব, ‘মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা, সেয়া মোলৈহে কৰিছিলা’।
Matthew 26:73 in Assamese 73 অলপ পাছত তাত থকা সকলে ওচৰলৈ আহি পিতৰক ক’লে, “সঁচাকৈ তুমিও তেওঁলোকৰ মাজৰ এজন; কিয়নো তোমাৰ মাতেই তোমাৰ চিনাকি দিছে।”
Mark 14:72 in Assamese 72 তেতিয়া কুকুৰাই দ্বিতীয় বাৰ ডাক দিলে। তেতিয়া যীচুৱে কোৱা কথা পিতৰৰ মনত পৰিল “কুকুৰাই দুবাৰ ডাক দিয়াৰ আগেয়ে মোক তিনি বাৰ অস্ৱীকাৰ কৰিবা৷” তেতিয়া তেওঁ দুখত ভাগি পৰিল আৰু কান্দিব ধৰিলে৷
Luke 22:61 in Assamese 61 তাতে প্ৰভুৱে ঘূৰি পিতৰলৈ চাওতে, এই যি কথা প্ৰভুৱে তেওঁক কৈছিল, ‘কুকুৰাই ডাক দিয়াৰ আগেয়ে, তুমি তিনি বাৰ মোক অস্বীকাৰ কৰিবা’৷
John 2:24 in Assamese 24 কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
John 12:8 in Assamese 8 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”
John 13:38 in Assamese 38 যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে তোমাৰ প্ৰাণ দিবা নে? মই তোমাক অতি স্বৰূপকৈ কওঁ, তুমি মোক দোকমোকালিতে কুকুৰাই ডাক দিয়াৰ আগেয়ে তিনি বাৰ অস্বীকাৰ কৰিবা।”
John 14:15 in Assamese 15 তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
John 15:10 in Assamese 10 যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।
John 16:30 in Assamese 30 এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।”
John 18:4 in Assamese 4 তেতিয়া যীচুৱে, তেওঁৰ প্ৰতি কি ঘটিবলৈ গৈ আছে সেই বিষয়ে আগেয়ে জনাৰ বাবে, তেওঁলোকৰ আগলৈ ওলাই গৈ তেওঁ সুধিলে, “তোমালোকে কোন জনক বিচাৰিছা?”
John 18:27 in Assamese 27 তেতিয়া পিতৰে আকৌ অস্বীকাৰ কৰিলে; আৰু সেই সময়তে তৎক্ষণাত কুকুৰাই ডাক দিলে।
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
Acts 1:24 in Assamese 24 পাছত তেওঁলোকে প্রার্থনা কৰি ক’লে, ‘হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা;
Acts 15:8 in Assamese 8 ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।
2 Corinthians 1:12 in Assamese 12 এতিয়া আমাৰ শ্লাঘা এয়ে যে, আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয়, কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনে কি, অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ।
2 Corinthians 2:4 in Assamese 4 বহু কষ্ট, মনো-বেদনা, আৰু চকুৰপানীৰে আপোনালোকলৈ লিখিলোঁ। মই আপোনালোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু বুজাবলৈ বিচাৰিছোঁ যে, মই আপোনালোকক কিমান প্ৰেম কৰোঁ।
2 Corinthians 7:8 in Assamese 8 কিয়নো মোৰ সেই পত্ৰৰ দ্বাৰাই আপোনালোক দুঃখিত হ’লেও মই অনুতপ্ত নহওঁ৷ আগেয়ে অনুতপ্ত হৈছিলোঁ যদিও, এতিয়া দেখিলোঁ যে মোৰ পত্ৰখনে আপোনালোকক দুঃখিত কৰিলে, কিন্তু সেই পত্ৰই মাথোন অলপ সময়হে আপোনালোকৰ দুখ জন্মাইছিল,
2 Corinthians 8:8 in Assamese 8 এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন ব্যক্তিৰ যত্নৰ দ্বাৰাই আপোনালোকৰ প্ৰেমৰ সত্যতা তুলনা কৰি প্ৰমাণ কৰিছোঁ।
Ephesians 4:30 in Assamese 30 মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হ’ল, তেওঁক অসন্তুষ্ট নকৰিব।
1 Peter 1:6 in Assamese 6 এই কথা ভাবি আপোনালোকে অানন্দ কৰি আছে; তথাপি এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক অলপ সময়ৰ কাৰণে শোকৰ অনুভৱ দি আছে।
2 Peter 1:12 in Assamese 12 এই হেতুকে, যদিও আপোনালোকে এই সকলোবোৰ জানে আৰু যি সত্য, তাত থিৰে আছে, তথাপি মই সকলো সময়তে আপোনালোকক এই বিষয়বোৰ মনত পেলাই দিবলৈ প্রস্তুত থাকিম;
2 Peter 3:1 in Assamese 1 হে প্ৰিয় সকল, মই আপোনালোকলৈ লিখা এইখন দ্বিতীয় পত্ৰ; এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই আপোনালোকৰ নিৰ্মল মনক চেতনা দিছোঁ;
1 John 3:16 in Assamese 16 খ্ৰীষ্টে আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই, আমি প্ৰেমৰ তত্ব জানিবলৈ পালোঁ৷ আমিও ভাই সকলৰ কাৰণে নিজ নিজ প্ৰাণ দিয়া উচিত।
3 John 1:7 in Assamese 7 কিয়নো তেওঁলোকে অনা-ইহুদী সকলৰ পৰা একো নলৈ, প্ৰভুৰ নামৰ কাৰণে ওলাই গৈছিল।
Revelation 2:23 in Assamese 23 মৃত্যুৰ দ্বাৰাই মই তেওঁৰ সন্তান সকলক আঘাত কৰিম; তাতে মই যে মন আৰু হৃদয়ৰ অনুসন্ধানকাৰী, সেই বিষয়ে সকলো মণ্ডলীয়ে জানিব; আৰু তোমালোকৰ প্ৰত্যেক জনকো নিজ নিজ কৰ্মৰ দৰে প্ৰতিফল দিম।
Revelation 3:19 in Assamese 19 যি সকলক মই প্ৰেম কৰোঁ, সেই সকলোৱে কেনেকৈ জীৱন-ধাৰণ কৰা উচিত, তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এই কাৰণে তুমি উদ্যোগী হৈ মন-পালটোৱা।