John 17:8 in Assamese 8 কিয়নো তুমি যি বাক্য মোক দিলা, সেই বাক্য মই তেওঁলোকক দিলোঁ আৰু তেওঁলোকে সেই সকলোকে গ্ৰহণো কৰিলে, মই যে তোমাৰ পৰা আহিলোঁ, ইয়াকো তেওঁলোকে সঁচাকৈ জানিলে আৰু তুমি যে মোক পঠালা সেয়াও বিশ্বাস কৰিলে।
Other Translations King James Version (KJV) For I have given unto them the words which thou gavest me; and they have received them, and have known surely that I came out from thee, and they have believed that thou didst send me.
American Standard Version (ASV) for the words which thou gavest me I have given unto them; and they received `them', and knew of a truth that I came forth from thee, and they believed that thou didst send me.
Bible in Basic English (BBE) Because I have given them the words which you gave to me; and they have taken them to heart, and have certain knowledge that I came from you, and they have faith that you sent me.
Darby English Bible (DBY) for the words which thou hast given me I have given them, and they have received [them], and have known truly that I came out from thee, and have believed that thou sentest me.
World English Bible (WEB) for the words which you have given me I have given to them, and they received them, and knew for sure that I came forth from you, and they have believed that you sent me.
Young's Literal Translation (YLT) because the sayings that Thou hast given to me, I have given to them, and they themselves received, and have known truly, that from Thee I came forth, and they did believe that Thou didst send me.
Cross Reference Proverbs 1:3 in Assamese 3 সংশোধন গ্রহণ কৰা, তেতিয়া তুমি সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা।
Proverbs 1:23 in Assamese 23 মোৰ অনুযোগলৈ মনোযোগ দিয়া; মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, মই মোৰ কথা তোমালোকক জানিবলৈ দিম।
Proverbs 2:1 in Assamese 1 হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
Proverbs 4:10 in Assamese 10 হে মোৰ পুত্র শুনা, আৰু মোৰ কথালৈ মনোযোগ দিয়া; তেতিয়া তুমি বহু বছৰ জীয়াই থাকিবা।
Proverbs 8:10 in Assamese 10 ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।
Matthew 13:11 in Assamese 11 উত্তৰত তেওঁ শিষ্য সকলক ক’লে, “স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগূঢ়-তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
John 3:17 in Assamese 17 কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয়, কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে।
John 3:33 in Assamese 33 যি জনে তেওঁৰ সাক্ষ্য গ্ৰহন কৰিছে, তেওঁ তাৰ দ্বাৰাই প্রমাণ কৰে যে, ঈশ্বৰেই সত্য।
John 6:68 in Assamese 68 চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে।
John 8:42 in Assamese 42 যীচুৱে তেওঁলোকক ক’লে, “ঈশ্বৰ আপোনালোকৰ পিতৃ হোৱা হ’লে, আপোনালোকে মোক প্ৰেম কৰিলেহেঁতেন; কিয়নো মই ঈশ্বৰৰ ওচৰৰ পৰা আহিছোঁ; মই নিজৰ পৰা অহা নাই, কিন্তু ঈশ্বৰেহে মোক পঠিয়ালে।
John 12:49 in Assamese 49 কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, কি শিক্ষা দিব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
John 14:10 in Assamese 10 মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে।
John 15:15 in Assamese 15 এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।
John 16:27 in Assamese 27 কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
John 16:30 in Assamese 30 এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।”
John 17:6 in Assamese 6 তুমি এই জগতৰ মাজৰ পৰা যি সকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।
John 17:14 in Assamese 14 মই তোমাৰ বাক্য তেওঁলোকক দিলোঁ; কিন্তু জগতে তেওঁলোকক ঘৃণা কৰে, কাৰণ তেওঁলোক জগতৰ নহয়; মই যেনেকৈ জগতৰ নহওঁ৷
John 17:18 in Assamese 18 তুমি যেনেকৈ মোক জগতলৈ পঠালা, ময়ো তেনেকৈ তেওঁলোকক জগতলৈ পঠালোঁ।
John 17:21 in Assamese 21 গতিকে তেওঁলোক যেন সকলোৱে এক হয়; হে পিতৃ, তুমি যেনেকৈ মোৰ লগত আছা, তেনেকৈ ময়ো তোমাৰ লগত আছোঁ, তেনেকৈ তেওঁলোকেও যেন আমাৰ লগত থাকে, তাতে জগতে যেন বিশ্বাস কৰে তুমি যে মোক পঠিয়ালা৷
John 17:23 in Assamese 23 মই তেওঁলোকত আৰু তুমি মোৰ লগত থাকিবা, এইদৰে তেওঁলোক যেন সম্পূৰ্ণকৈ এক হয়, জগতে যাতে জানে তুমি মোক পঠিয়াইছা, আৰু তুমি যেনেকৈ মোক প্ৰেম কৰিলা, তেনেকৈ তেওঁলোককো প্ৰেম কৰা৷
John 17:25 in Assamese 25 হে ন্যায়ৱান পিতৃ, জগতে তোমাক নাজানিলে, কিন্তু মই তোমাক জানিলোঁ; আৰু তুমি যে মোক পঠালা, সেয়া তেওঁলোকেও জানিলে।
1 Corinthians 11:23 in Assamese 23 কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
1 Corinthians 15:1 in Assamese 1 হে প্ৰিয় ভাই সকল, যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;
Ephesians 3:2 in Assamese 2 আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কার্যৰ ভাৰ তেওঁ মোক দিলে।
Ephesians 4:11 in Assamese 11 সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হ’বলৈ দিলে।
1 Thessalonians 2:13 in Assamese 13 এই কাৰণতে আমি সকলো সময়তে ঈশ্বৰক ধন্যবাদ জনাওঁ; ঈশ্বৰৰ বাক্য যেতিয়া আপোনালোকে আমাৰ পৰা পাইছিল, তেতিয়া মানুহৰ বাক্য বুলি নহয়, কিন্তু ঈশ্বৰৰ বাক্য বুলিহে গ্রহণ কৰিছিল, আৰু এই বাক্য সত্যৰূপে ঈশ্বৰৰ বাক্য। এই বাক্যই বিশ্বাস কৰা সকলোৰে মাজত কাৰ্য সাধন কৰি আছে।
1 Thessalonians 4:1 in Assamese 1 সর্বশেষত, হে প্রিয় ভাই সকল, ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে কি ৰূপে জীৱন-যাপন কৰিব লাগে, এই বিষয়ে আপোনালোকে আমাৰ পৰা যি শিক্ষা গ্রহণ কৰিলে, সেইভাৱেই আপোনালোকে চলিছে। আমি প্রভু যীচুত থাকি আপোনালোকক উদগাওঁ আৰু পৰামর্শ দিওঁ, আপোনালোকে যেন অধিককৈ সেইভাৱে জীৱন-যাপন কৰে।
1 John 4:14 in Assamese 14 আমি দেখিছোঁ আৰু সাক্ষ্য দিছোঁ যে, পিতৃয়ে জগতৰ ত্ৰাণকৰ্তা হ’বলৈ তেওঁৰ পুত্ৰক পঠাই দিলে৷