John 16:33 in Assamese 33 এই কাৰণে মই তোমালোকক এইবোৰ কথা কলোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
Other Translations King James Version (KJV) These things I have spoken unto you, that in me ye might have peace. In the world ye shall have tribulation: but be of good cheer; I have overcome the world.
American Standard Version (ASV) These things have I spoken unto you, that in me ye may have peace. In the world ye have tribulation: but be of good cheer; I have overcome the world.
Bible in Basic English (BBE) I have said all these things to you so that in me you may have peace. In the world you have trouble: but take heart! I have overcome the world.
Darby English Bible (DBY) These things have I spoken to you that in me ye might have peace. In the world ye have tribulation; but be of good courage: I have overcome the world.
World English Bible (WEB) I have told you these things, that in me you may have peace. In the world you have oppression; but cheer up! I have overcome the world."
Young's Literal Translation (YLT) these things I have spoken to you, that in me ye may have peace, in the world ye shall have tribulation, but take courage -- I have overcome the world.'
Cross Reference 1 Samuel 17:51 in Assamese 51 তেতিয়া দায়ূদে লৰি গৈ ফিলিষ্টীয়া জনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাঁকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।
Psalm 68:18 in Assamese 18 তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
Psalm 85:8 in Assamese 8 ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰায় মুর্খতাৰ ফালে ঘূৰি নাযায়।
Isaiah 9:6 in Assamese 6 কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
Micah 5:5 in Assamese 5 তেঁৱেই আমাৰ শান্তি হ’ব; যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন ভেড়া-ৰখীয়া, আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম।
Luke 2:14 in Assamese 14 “উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”
Luke 19:38 in Assamese 38 বোলে, “প্ৰভুৰ নামেৰে যি জন ৰজা আহিছে, তেওঁ ধন্য! স্বৰ্গত শান্তি, আৰু উৰ্দ্ধলোকত মহিমা হওক!”
John 12:31 in Assamese 31 এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;
John 14:1 in Assamese 1 “তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
John 14:27 in Assamese 27 মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
John 15:18 in Assamese 18 জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।
John 16:11 in Assamese 11 আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
Acts 9:31 in Assamese 31 সেই সময়ত গোটেই যিহুদীয়া, গালীল, আৰু চমৰীয়া প্ৰদেশৰ মণ্ডলী সমূহ শান্তিত আছিল; বিশ্বাসী সকল সংখ্যাত বৃদ্ধি হৈ প্ৰভুৰ ভক্তিত আৰু পবিত্ৰ আত্মাই দিয়া উদগণিত থাকি, প্ৰভুৰ ভয়ত জীৱন-যাপন কৰিছিল ৷
Acts 14:22 in Assamese 22 তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
Acts 23:11 in Assamese 11 তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
Acts 27:22 in Assamese 22 কিন্তু এতিয়াও মই আপোনালোকক উৎসাহ দিওঁ, অাপোনালোকে সাহস কৰক; কিয়নো আপোনালোকৰ মাজৰ কোনো জীৱৰে প্ৰাণ হানি নহ’ব, মাত্ৰ জাহাজ খনৰহে ক্ষতি হ’ব৷
Acts 27:25 in Assamese 25 এই কাৰণে, হে মোৰ প্রিয়সকল, আপোনালোকে সাহস কৰক; কিয়নো মোক যেনেকৈ ক’লে, তেনেকৈ নিশ্চয় ঘটিব৷ ঈশ্ৱৰত মোৰ এনে বিশ্বাস আছে৷
Romans 5:1 in Assamese 1 এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে।
Romans 8:36 in Assamese 36 এই বিষয়ে লিখাও আছে, ‘আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷ কাটিবলৈ নিয়া মেষৰ দৰে আমি গণিত হ’লোঁ’।
2 Corinthians 1:3 in Assamese 3 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই দয়ালু পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।
2 Corinthians 7:4 in Assamese 4 আপোনালোকলৈ মোৰ আত্মবিশ্বাস অধিক, আপোনালোকৰ অৰ্থে মোৰ শ্লাঘাও অধিক; এইদৰে আমাৰ সকলো ক্লেশত, মই সান্ত্বনাৰে পুৰ্ণ হৈ আছোঁ আৰু আনন্দত একেবাৰে উপচি পৰিছোঁ।
2 Corinthians 13:11 in Assamese 11 শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
Galatians 1:4 in Assamese 4 তেওঁ আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে, যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে।
Galatians 6:14 in Assamese 14 কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্ৰুচত হত হলোঁ।
Ephesians 2:14 in Assamese 14 তেৱেঁই আমাৰ শান্তি। কিয়নো তেওঁ ইহুদী আৰু অনা-ইহুদী উভয়কে এক কৰিলে। খ্রীষ্টই ক্রুচত নিজৰ দেহ উৎসর্গ কৰি আমাৰ পৰস্পৰৰ মাজৰ ঘৃণা আৰু শত্রুতাৰ প্রাচীৰ ভাঙি পেলালে।
Philippians 4:7 in Assamese 7 তাতে সকলো বুদ্ধিতকৈ উত্তম, যি ঈশ্বৰৰ শান্তি, সেয়ে খ্ৰীষ্ট যীচুত আপোনালোকৰ হৃদয় আৰু ভাবনাক পহৰা দিব।
Colossians 1:20 in Assamese 20 আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ এই জগতত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
1 Thessalonians 3:4 in Assamese 4 সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে।
1 Thessalonians 3:7 in Assamese 7 এই কাৰণে ভাই সকল, আপোনালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি সান্ত্বনা পাওঁ।
2 Thessalonians 3:16 in Assamese 16 এতিয়া শান্তিদাতা প্ৰভুৱে নিজে সকলো সময়ত সকলোভাৱে আপোনালোকক শান্তি দান কৰক। প্ৰভু আপোনালোক সকলোৰে সঙ্গী হওক।
2 Timothy 3:12 in Assamese 12 আৰু বাস্তবিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব।
Hebrews 7:2 in Assamese 2 অব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল, তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল; “মল্কিচেদকৰ” নামৰ অর্থ হৈছে “ধাৰ্মিকতাৰ ৰজা” আৰু তেওঁ “চালেমৰ ৰজা” অৰ্থাৎ “শান্তিৰাজ”।
Hebrews 11:25 in Assamese 25 কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ, ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে,
Hebrews 13:20 in Assamese 20 এতিয়া শান্তিৰ ঈশ্বৰে, যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক, আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক;
1 Peter 5:9 in Assamese 9 তাৰ বিৰুদ্ধে থিয় হওক৷ আপোনালোকৰ বিশ্ৱাস দৃঢ় কৰি ৰাখক৷ এইটো জানিব যে, গোটেই জগতত থকা আপোনালোকৰ ভাতৃ সকলেও একে দুখভোগ কৰি আছে৷
1 John 4:4 in Assamese 4 হে প্ৰিয় সন্তান সকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মাবোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
1 John 5:4 in Assamese 4 যি সকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
Revelation 3:21 in Assamese 21 মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
Revelation 7:14 in Assamese 14 তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে।” তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেষ পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।
Revelation 12:11 in Assamese 11 তেওঁলোকে মেষ পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্যন্ত নিজৰ প্ৰাণক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।