John 15:15 in Assamese 15 এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।
Other Translations King James Version (KJV) Henceforth I call you not servants; for the servant knoweth not what his lord doeth: but I have called you friends; for all things that I have heard of my Father I have made known unto you.
American Standard Version (ASV) No longer do I call you servants; for the servant knoweth not what his lord doeth: but I have called you friends; for all things that I heard from my Father, I have made known unto you.
Bible in Basic English (BBE) No longer do I give you the name of servants; because a servant is without knowledge of what his master is doing: I give you the name of friends, because I have given you knowledge of all the things which my Father has said to me.
Darby English Bible (DBY) I call you no longer bondmen, for the bondman does not know what his master is doing; but I have called you friends, for all things which I have heard of my Father I have made known to you.
World English Bible (WEB) No longer do I call you servants, for the servant doesn't know what his lord does. But I have called you friends, for everything that I heard from my Father, I have made known to you.
Young's Literal Translation (YLT) no more do I call you servants, because the servant hath not known what his lord doth, and you I have called friends, because all things that I heard from my Father, I did make known to you.
Cross Reference Genesis 18:17 in Assamese 17 পাছত যিহোৱাই ক’লে, “মই যি কৰিম, তাক জানো অব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম?
2 Kings 6:8 in Assamese 8 সেই সময়ত অৰামৰ ৰজাই ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। তেওঁ নিজৰ দাসসকলৰ সৈতে চর্চা কৰি ক’লে, “অমুক-তমুক ঠাইত মোৰ ছাউনি থাকিব।”
Psalm 25:14 in Assamese 14 যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
Amos 3:7 in Assamese 7 অৱশ্যে প্ৰভু যিহোৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ ওচৰত নিজৰ পৰিকল্পনা প্রকাশ নকৰাকৈ একোকে নকৰে।
Matthew 13:11 in Assamese 11 উত্তৰত তেওঁ শিষ্য সকলক ক’লে, “স্বৰ্গৰাজ্যৰ বিষয়বোৰৰ নিগূঢ়-তত্ত্ববোৰ তোমালোকক জানিবলৈ সুযোগ দিয়া হৈছে; কিন্তু তেওঁলোকক দিয়া হোৱা নাই।
Luke 10:23 in Assamese 23 ইয়াৰ পাছত যীচুৱে শিষ্য সকলৰ ফালে ঘূৰি গুপুতে ক’লে, “তোমালোকে যি যি দেখিছা, সেইবোৰ দেখা চকুবোৰ ধন্য;
John 4:19 in Assamese 19 সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
John 8:26 in Assamese 26 আপোনালোকৰ বিষয়ে ক’বলৈ আৰু বিচাৰ কৰিবলৈ অনেক কথা মোৰ আছে। কিন্তু মোক যি জনে পঠিয়াইছে, তেওঁ সত্য; মই তেওঁৰ পৰা যি শুনিলোঁ, সেই বিষয়ে জগতক কৈছোঁ।”
John 12:26 in Assamese 26 কোনোৱে যদি মোৰ পৰিচাৰক হ’ব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তেতিয়া মই যি ঠাইত থাকোঁ, মোৰ পৰিচাৰক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
John 13:16 in Assamese 16 মই তোমালোকক অতি স্বৰূপকৈ কওঁ, নিজ গৰাকীতকৈ দাস দাঙৰ নহয়; আৰু পঠোৱা জনতকৈ পাঁচনি ডাঙৰ নহয়।
John 15:20 in Assamese 20 মই তোমালোকক যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা, ‘এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়’৷ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেনেহলে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰে, তেনেহলে তোমালোকৰ বাক্যও পালন কৰিব।
John 17:6 in Assamese 6 তুমি এই জগতৰ মাজৰ পৰা যি সকল মানুহক মোক দিলা, সেই সকলৰ আগত মই তোমাৰ নাম প্ৰকাশ কৰিলোঁ; তেওঁলোক তোমাৰেই আছিল, তুমি তেওঁলোকক মোক দিলা; আৰু তেওঁলোকে তোমাৰ বাক্য ধৰি ৰাখিছে।
John 17:26 in Assamese 26 তুমি কোন হয়, সেই বিষয়ে মই তেওঁলোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, আৰু ইয়াৰ পাছতো মই ইয়াকে কৰি থাকিম, তেতিয়া তুমি মোক যেনে প্ৰেম কৰা, তেওঁলোকেও একেদৰে আন লোকক প্ৰেম কৰিব আৰু মই তেওঁলোকৰ লগত থাকিম।”
John 20:17 in Assamese 17 যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
Acts 20:27 in Assamese 27 কিয়নো আপোনালোকক ঈশ্বৰৰ আটাই পৰিকল্পনা জনাবলৈ মই পাছ নুহুহকিলো।
Romans 16:25 in Assamese 25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলোঁ, সেই শুভবাৰ্তাত ঈশ্বৰে আপোনালোকক স্থিৰ ৰাখিব৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল, কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলোঁ৷
1 Corinthians 2:9 in Assamese 9 কিন্তু এইদৰে লিখা আছে, ‘চকুৱে যি যি নেদেখিলে, কাণে যি যি নুশুনিলে, মনেও যি নাভাবিলে, সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে, সেই সকলৰ বাবে তেওঁ যুগুত কৰিলে’,
Galatians 4:6 in Assamese 6 কাৰণ অাপোনালোক আটায়ে ঈশ্বৰৰ সন্তান, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠায় দিলে; সেই আত্মাই, “আব্বা, পিতৃ”, এই বুলি মাতে।
Ephesians 1:9 in Assamese 9 আমাৰ বাবে ঈশ্বৰৰ জ্ঞাত পৰিকল্পনাৰ গোপনীয় সত্য, তেওঁৰ ইচ্ছা অনুসাৰে খ্রীষ্টত প্ৰদৰ্শন কৰিলে।
Ephesians 3:5 in Assamese 5 সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
Colossians 1:26 in Assamese 26 সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে;
Philemon 1:16 in Assamese 16 এজন দাসৰ দৰে নহয়, কিন্তু দাসতকৈ শ্রেষ্ঠ, বিশেষকৈ মোৰ বাবে এজন প্রিয় ভাইৰ দৰে; মাংস আৰু প্রভু উভয়তে তোমালৈও অধিক প্রিয়।
James 1:1 in Assamese 1 মই যাকোব, ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন দাস, সিঁচৰিত হৈ থকা বাৰ ফৈদৰ লোকৰ ওচৰলৈ এই সম্ভাষণ।
James 2:23 in Assamese 23 এই শাস্ত্ৰীয় বচন সিদ্ধ হ’ল, যত কোৱা আছে, “অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত, সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ’ল” আৰু সেই বাবে তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হ’ল।
1 Peter 1:11 in Assamese 11 কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেত সকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেত সকলক আগতীয়াকৈ কৈছিল৷
2 Peter 1:1 in Assamese 1 মই চিমোন পিতৰ, যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি। যি সকলে আমাৰ ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ধাৰ্মিকতাৰ মাধ্যমত আমি লাভ কৰাৰ দৰে একেই অমূল্য বিশ্বাস লাভ কৰিছে, সেই সকলৰ সমীপলৈ।
Jude 1:1 in Assamese 1 যিহূদা, যীচু খ্ৰীষ্টৰ এজন দাস আৰু যাকোবৰ ভাই; পিতৃ ঈশ্বৰত যি সকল প্ৰিয় পাত্ৰ আৰু যি সকল যীচু খ্ৰীষ্টৰ কাৰণে ৰক্ষিত আছে, সেই আমন্ত্ৰিত লোকসকলৰ সমীপলৈ:
Revelation 1:1 in Assamese 1 অলপতে যি যি ঘটিবলগীয়া আছে, সেই বিষয়ে যীচু খ্ৰীষ্টে তেওঁৰ দাস সকলক দেখুৱাবৰ কাৰণে, ঈশ্বৰে তেওঁত সমৰ্পণ কৰা তেওঁৰ প্ৰকাশিত বাক্য৷ এই বাক্য তেওঁ দূতৰ যোগেদি তেওঁৰ দাস যোহনক জনালে৷