John 13:5 in Assamese 5 তাৰ পাছত চৰিয়াত পানী বাকি লৈ তেওঁ শিষ্য সকলৰ ভৰি ধুৱাবলৈ ধৰিলে আৰু কঁকালত বান্ধি লোৱা গামোছাৰে তেওঁলোকৰ ভৰি মচিলে।
Other Translations King James Version (KJV) After that he poureth water into a bason, and began to wash the disciples' feet, and to wipe them with the towel wherewith he was girded.
American Standard Version (ASV) Then he poureth water into the basin, and began to wash the disciples' feet, and to wipe them with the towel wherewith he was girded.
Bible in Basic English (BBE) Then he put water into a basin and was washing the feet of the disciples and drying them with the cloth which was round him.
Darby English Bible (DBY) then he pours water into the washhand basin, and began to wash the feet of the disciples, and to wipe them with the linen towel with which he was girded.
World English Bible (WEB) Then he poured water into the basin, and began to wash the disciples' feet, and to wipe them with the towel that was wrapped around him.
Young's Literal Translation (YLT) afterward he putteth water into the basin, and began to wash the feet of his disciples, and to wipe with the towel with which he was being girded.
Cross Reference Genesis 18:4 in Assamese 4 মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওঁক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওঁক।
Genesis 19:2 in Assamese 2 তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”
Exodus 29:4 in Assamese 4 হাৰোণ, আৰু তেওঁৰ পুত্ৰসকলক তুমি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত আনি তেওঁলোকৰ গা ধুৱাবা।
Leviticus 14:8 in Assamese 8 আৰু সেই শুচি হ’বলগীয়া লোক জনে নিজ বস্ত্ৰ ধুই, চুলি দাড়ি আদি গাৰ আটাই নোম খুৰাই পানীত গা ধুব আৰু তাৰ পাছত তেওঁ শুচি হ’ব। এই বোৰ কৰাৰ পাছত তেওঁ ছাউনিত সোমাব, কিন্তু তেওঁ সাত দিন নিজ তম্বুৰ বাহিৰত থাকিব লাগিব।
1 Samuel 25:41 in Assamese 41 তেতিয়া তেওঁ উঠি মাটিলৈ মুখ দি পৰি প্ৰণিপাত কৰি ক’লে, “চাওক, আপোনাৰ এই দাসী মোৰ প্ৰভুৰ দাসসকলৰ ভৰি ধুৱাবলৈ যুগুত আছে।”
2 Kings 3:11 in Assamese 11 কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাৱবাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসসকলৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
2 Kings 5:10 in Assamese 10 ইলীচাই এজন লোকৰ দ্বাৰাই তেওঁৰ ওচৰলৈ এই বার্তা কৈ পঠালে, “আপুনি যাওঁক আৰু যৰ্দ্দন নদীত সাতবাৰ জোবোৰা মাৰক, তাতে আপোনাৰ গাৰ মঙহ পূর্বৰ দৰে হৈ পৰিব আৰু আপুনি শুচি হ’ব।”
Psalm 51:2 in Assamese 2 মোৰ সকলো অধৰ্ম্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।
Isaiah 1:16 in Assamese 16 নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
Ezekiel 36:25 in Assamese 25 তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
Zechariah 13:1 in Assamese 1 “সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ূদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
Luke 7:38 in Assamese 38 তাৰ পাছত তেওঁ যীচুৰ পাছফালে চৰণৰ ওচৰত থিয় হৈ কান্দি কান্দি চকুলোৰে তেওঁৰ চৰণ তিয়াই মুৰৰ চুলিৰে মচিলে আৰু তেওঁৰ চৰণত চুমা খাই, সুগন্ধি তেল সানিলে।
Luke 7:44 in Assamese 44 তেতিয়া তেওঁ সেই তিৰোতা জনীৰ ফালে মুখ ঘূৰাই চিমোনক ক’লে, “এই তিৰোতা জনীক দেখিছা নে? মই তোমাৰ ঘৰলৈ আহিলোঁ, তুমি মোক ভৰি ধুবলৈ পানী নিদিলা; কিন্তু তেওঁ চকুলোৰে মোৰ ভৰি তিয়াই, চুলিৰে মচিলে।
John 13:8 in Assamese 8 পিতৰে তেওঁক ক’লে, “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।”
John 13:10 in Assamese 10 যীচুৱে তেওঁক ক’লে, “গা ধোৱা লোকৰ ভৰি ধোৱাৰ বাহিৰে, আন একো ধুবৰ প্ৰয়োজন নাই; কিয়নো তেওঁৰ গোটেই শৰীৰ পৰিষ্কাৰ আছে। তোমালোকো পৰিষ্কাৰ হৈ আছা, কিন্তু সকলোৱেই নহয়৷”
John 13:12 in Assamese 12 যীচুৱে তেওঁলোকৰ ভৰি ধুৱাই উঠি, নিজৰ পিন্ধা কাপোৰ লৈ আকৌ বহিল; পাছত তেওঁ তেওঁলোকক ক’লে, “তোমালোকৰ কাৰণে মই যি কৰিলোঁ, সেই বিষয়ে তোমালোকে বুজিলা নে?
John 19:34 in Assamese 34 তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
Acts 22:16 in Assamese 16 এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তিস্ম গ্ৰহন কৰা, আৰু নিজৰ পাপ ধুই পেলোৱা’৷
1 Corinthians 6:11 in Assamese 11 আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।
Ephesians 5:26 in Assamese 26 মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
1 Timothy 5:10 in Assamese 10 তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্ম্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
Titus 3:3 in Assamese 3 কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।
Hebrews 10:22 in Assamese 22 সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
1 John 1:7 in Assamese 7 কিন্তু তেওঁ যেনেকৈ পোহৰত আছে, তেনেকৈ আমিও যদি পোহৰত চলোঁ, তেনেহলে পৰস্পৰ মাজত আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ, যীচুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে।
1 John 5:6 in Assamese 6 জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল; ই সত্য।
Revelation 1:5 in Assamese 5 আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী, তেওঁৰ পৰা আপোনালোকলৈ অনুগ্রহ আৰু শান্তি হওক। যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে,
Revelation 7:14 in Assamese 14 তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে।” তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেষ পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।