John 11:51 in Assamese 51 এই কথা কায়াফাই যে নিজৰ পৰা ক’লে এনে নহয়; কিন্তু সেই বছৰত মহা-পুৰোহিত হোৱা বাবে ভাববাণী স্বৰূপে ক’লে যে, সকলো জাতিৰ কাৰণে যীচুৱে মৃত্যুবৰণ কৰিব লাগিব।
Other Translations King James Version (KJV) And this spake he not of himself: but being high priest that year, he prophesied that Jesus should die for that nation;
American Standard Version (ASV) Now this he said not of himself: but, being high priest that year, he prophesied that Jesus should die for the nation;
Bible in Basic English (BBE) He did not say this of himself, but being the high priest that year he said, as a prophet, that Jesus would be put to death for the nation;
Darby English Bible (DBY) But this he did not say of himself; but, being high priest that year, prophesied that Jesus was going to die for the nation;
World English Bible (WEB) Now he didn't say this of himself, but being high priest that year, he prophesied that Jesus would die for the nation,
Young's Literal Translation (YLT) And this he said not of himself, but being chief priest of that year, he did prophesy that Jesus was about to die for the nation,
Cross Reference Exodus 28:30 in Assamese 30 সেই সিদ্ধান্ত লোৱা বুকুপটাত ঊৰীম আৰু তুম্মীম লগাবা। হাৰোণে যি সময়ত যিহোৱাৰ আগলৈ যাব, সেই সময়ত হাৰোণৰ বুকুৰ ওপৰত সেইবোৰ থাকিব। যিহোৱাৰ আগত হাৰোণে ইস্ৰায়েলী সকলৰ বাবে সিদ্ধান্ত ল’বলৈ সেইবোৰ সদায় নিজৰ বুকুত কঢ়িয়াব।
Numbers 22:28 in Assamese 28 তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?”
Numbers 24:2 in Assamese 2 বিলিয়মে নিজৰ চকু তুলি জনগোষ্ঠী অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল।
Numbers 24:14 in Assamese 14 এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
Judges 20:27 in Assamese 27 ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল,
1 Samuel 23:9 in Assamese 9 দায়ূদে জানিছিল যে, চৌলে তেওঁৰ অনিষ্ট কৰিবলৈ তেওঁৰ বিৰুদ্ধে অভিসন্ধি কৰিছে, দায়ূদে অবিয়াথৰ পুৰোহিতক ক’লে, “ইয়ালৈ এফোদ আনা।”
1 Samuel 28:6 in Assamese 6 তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।
Isaiah 53:5 in Assamese 5 কিন্তু আমাৰ বিদ্রোহী কার্যবোৰৰ বাবে তেওঁক খোঁচা হ’ল, আমাৰ পাপবোৰৰ বাবে গুড়ি কৰা হ’ল। আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ’ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হলোঁ।
Daniel 9:26 in Assamese 26 বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
Matthew 7:22 in Assamese 22 সেইদিনা বহুলোকে মোক ক’ব, ‘হে প্ৰভু, হে প্ৰভু’ আমি আপোনাৰ নামেৰে ভাবোক্তি প্ৰচাৰ কৰা নাই নে? আপোনাৰ নামেৰে ভূত খেদোৱা নাই নে? আপোনাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাই নে?
Matthew 20:28 in Assamese 28 মানুহৰ পুত্ৰই সেৱা শুশ্রূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈ আহিল৷”
John 10:15 in Assamese 15 পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেষৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
Romans 3:25 in Assamese 25 কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্ৱাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ স্বৰ্গীয় ধৈৰ্য গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
1 Corinthians 13:2 in Assamese 2 যদি মই ভাববাণী কোৱা বৰ পাওঁ, সকলো নিগূঢ়-তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে, তথাপি মোৰ প্ৰেম নাথাকিলে, মই একো নহওঁ।
2 Corinthians 5:21 in Assamese 21 তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।
Galatians 3:13 in Assamese 13 খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠ(ক্ৰুচত)ত অৰাঁ হয়, তেওঁ শাপগ্ৰস্ত।”
Galatians 4:4 in Assamese 4 কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত জন্ম হোৱা,
1 Peter 2:24 in Assamese 24 তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠ(ক্ৰুচ)ৰ ওপৰলৈ নিলে৷ তেওঁৰ কোব খোৱা সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷
1 Peter 3:18 in Assamese 18 কিয়নো খ্ৰীষ্টয়ো সেই পাপৰ সম্বন্ধে এবাৰ দূখ-ভোগ কৰিলে৷ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ, অধাৰ্মিক সকলৰ কাৰণে ধাৰ্মিক জনে, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখভোগ কৰিলে; তেওঁ মাংসত হত হ’ল, কিন্তু আত্মাত হ’লে পুনৰ্জীৱিত হ’ল;
2 Peter 2:15 in Assamese 15 এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে অধাৰ্মিক কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।