John 10:1 in Assamese 1 যীচুৱে ক’লে, “মই সঁচাকৈ আপোনালোকক কওঁ, যি জনে মেষৰ গৰাললৈ সোমাওঁতে দুৱাৰেদি নোসোমায়, কিন্তু তাৰ পৰিৱর্তে আন কোনো ফালে বগাই সোমায়, সি এটা চোৰ আৰু ডকাইত।
Other Translations King James Version (KJV) Verily, verily, I say unto you, He that entereth not by the door into the sheepfold, but climbeth up some other way, the same is a thief and a robber.
American Standard Version (ASV) Verily, verily, I say unto you, He that entereth not by the door into the fold of the sheep, but climbeth up some other way, the same is a thief and a robber.
Bible in Basic English (BBE) Truly I say to you, He who does not go through the door into the place where the sheep are kept, but gets in by some other way, is a thief and an outlaw.
Darby English Bible (DBY) Verily, verily, I say to you, He that enters not in by the door to the fold of the sheep, but mounts up elsewhere, *he* is a thief and a robber;
World English Bible (WEB) "Most assuredly, I tell you, one who doesn't enter by the door into the sheep fold, but climbs up some other way, the same is a thief and a robber.
Young's Literal Translation (YLT) `Verily, verily, I say to you, He who is not entering through the door to the fold of the sheep, but is going up from another side, that one is a thief and a robber;
Cross Reference Isaiah 56:10 in Assamese 10 তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়।
Jeremiah 14:15 in Assamese 15 এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।
Jeremiah 23:16 in Assamese 16 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
Jeremiah 23:21 in Assamese 21 মই এই ভাববাদীসকলক পঠোৱা নাই, তথাপি তেওঁলোকে নিজে নিজেই লৰিলে; মই তেওঁলোকক কোৱা নাই, তথপি তেওঁলোকে নিজে নিজেই ভাববাণী প্ৰচাৰ কৰিলে।
Jeremiah 23:32 in Assamese 32 যিহোৱাই কৈছে, চোৱা, যি ভাববাদীবোৰে নানা মিছা সপোন প্ৰচাৰ কৰে, আৰু সেইবোৰ কৈ তেওঁলোকৰ মিছা কথা আৰু অনৰ্থক অহঙ্কাৰৰ দ্বাৰাই মোৰ প্ৰজাসকলক ভ্ৰান্ত কৰে, সেই ভাববাদীসকলৰ মই বিপক্ষ।” কিয়নো মই তেওঁলোকক পঠোৱা কি আজ্ঞা দিয়া নাছিলোঁ; এই হেতুকে তেওঁলোকে এই প্ৰজাসকলক সমুলি উপকাৰ নকৰিব, ইয়াক যিহোৱাই কৈছে।
Jeremiah 28:15 in Assamese 15 পাছত যিৰিমিয়া ভাববাদীয়ে হননিয়া ভাববাদীক ক’লে, “হে হননিয়া, শুনা; যিহোৱাই তোমাক পঠোৱা নাই, কিন্তু তুমি এই লোকসকলক মিছা কথাতে বিশ্বাস কৰাইছা।
Jeremiah 29:31 in Assamese 31 তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
Ezekiel 13:2 in Assamese 2 “হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰোঁতা ইস্ৰায়েলৰ ভাববাদীসকলৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা আৰু নিজ নিজ হৃদয়ৰ পৰা ভাববাণী প্ৰচাৰ কৰোঁতাসকলক কোৱা, ‘তোমালোকে যিহোৱাৰ বাক্য শুনা!
Ezekiel 34:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ ভেড়া-ৰখীয়াসকলৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ ভেড়াৰখীয়াসকল সন্তাপৰ পাত্ৰ! ভেড়া-ৰখীয়াসকলে জানো ভেড়াবোৰক প্ৰতিপালন কৰিব নালাগে?
Zechariah 11:4 in Assamese 4 এই হেতুকে মোৰ ঈশ্বৰ যিহোৱাই এই কথা ক’লে, “বধ কৰিবলগীয়া ভেড়া-জাকক তুমি চৰোৱা;
Zechariah 11:16 in Assamese 16 কিয়নো চোৱা! মই দেশত এজন ভেড়া-ৰখীয়া উত্পন্ন কৰিম! তেওঁ নষ্ট হ’বলগীয়া ছাগলীবোৰৰ বুজ বিচাৰ নল’ব। ছিন্ন-ভিন্ন হোৱা ছাগলীবোৰক নিবিচাৰিব বা ভগ্ন হোৱাটোক সুস্থ্ নকৰিব। আনকি সুস্থকো প্ৰতিপালন নকৰিব, কিন্তু হৃষ্টপুষ্টবোৰে মাংস খাব পাব আৰু সেইবোৰৰ খুৰাও ডোখৰ ডোখৰকৈ ছিঙিব।
Matthew 7:15 in Assamese 15 ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেষৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
Matthew 23:16 in Assamese 16 হায় হায় অন্ধ পথ প্ৰদৰ্শক! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে কয় যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
John 3:3 in Assamese 3 উত্তৰত যীচুৱে নীকদীমক ক’লে, “মই আপোনাক সঁচাকৈয়ে কওঁ, নতুন জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্য দেখা পাব নোৱাৰে।”
John 10:8 in Assamese 8 মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু মেষবোৰে সিহঁতৰ কথা নুশুনিলে।
Romans 10:15 in Assamese 15 আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰিৰ পতা কেনে সুন্দৰ!”
Romans 16:18 in Assamese 18 কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি, নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে; আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায়।
2 Corinthians 11:13 in Assamese 13 কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।
Ephesians 4:8 in Assamese 8 শাস্ত্রত লিখাৰ দৰে, তেওঁ ওপৰলৈ উঠিল, বন্দীয়াৰ সকলক বন্দী কৰি নিলে, আৰু লোক সকলক নানা বৰ দান দিলে।
Titus 1:11 in Assamese 11 তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
Hebrews 5:4 in Assamese 4 মহা-পুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে ল’ব নোৱাৰে। কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায়, যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল।
1 Peter 1:10 in Assamese 10 যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্ৰাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
2 Peter 2:1 in Assamese 1 অতীতত ইস্রায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব, এয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক (মুক্তিৰ অৰ্থে) কিনি ল’লে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।
2 Peter 2:3 in Assamese 3 তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
2 Peter 2:14 in Assamese 14 সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ প্ৰাণ কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত সন্তান।
1 John 4:1 in Assamese 1 হে প্ৰিয় সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।