Joel 3:16 in Assamese 16 যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ-মণ্ডল আৰু পৃথিবী কঁপিব, কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কোঁঠস্বৰূপ হ’ব।
Other Translations King James Version (KJV) The LORD also shall roar out of Zion, and utter his voice from Jerusalem; and the heavens and the earth shall shake: but the LORD will be the hope of his people, and the strength of the children of Israel.
American Standard Version (ASV) And Jehovah will roar from Zion, and utter his voice from Jerusalem; and the heavens and the earth shall shake: but Jehovah will be a refuge unto his people, and a stronghold to the children of Israel.
Bible in Basic English (BBE) Come quickly, all you nations round about, and get yourselves together there: make your strong ones come down, O Lord.
Darby English Bible (DBY) And Jehovah will roar from Zion, and utter his voice from Jerusalem; and the heavens and the earth shall shake: and Jehovah will be a shelter for his people, and the refuge of the children of Israel.
World English Bible (WEB) Yahweh will roar from Zion, And thunder from Jerusalem; And the heavens and the earth will shake; But Yahweh will be a refuge to his people, And a stronghold to the children of Israel.
Young's Literal Translation (YLT) And Jehovah from Zion doth roar, And from Jerusalem giveth forth His voice, And shaken have the heavens and earth, And Jehovah `is' a refuge to his people, And a stronghold to sons of Israel.
Cross Reference 1 Samuel 15:29 in Assamese 29 আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”
Psalm 18:2 in Assamese 2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
Psalm 29:11 in Assamese 11 যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!
Psalm 46:1 in Assamese 1 ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ।
Psalm 61:3 in Assamese 3 কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষাকৰোতা দৃঢ় দুৰ্গ।
Psalm 91:1 in Assamese 1 যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
Proverbs 18:10 in Assamese 10 যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়।
Isaiah 33:16 in Assamese 16 সেই জনে নিজৰ ঘৰ উচ্চস্থানত স্থাপন কৰিব; তেওঁৰ প্রতিৰক্ষাৰ স্থান শিলৰ দুৰ্গ হ’ব; তেওঁৰ আহাৰ আৰু পানী দৃঢ়ভাবে সৰবৰাহ হ’ব।
Isaiah 33:21 in Assamese 21 তাৰ পৰিবর্তে, বহল নদীবোৰত আৰু সুঁতীবোৰত মহান যিহোৱা আমাৰ সৈতে থাকিব। তাত বঠাৰে চলোৱা যুদ্ধ জাহাজ, আৰু প্ৰকাণ্ড জাহাজ নচলিব।
Isaiah 42:13 in Assamese 13 যিহোৱা বীৰৰ দৰে ওলাই আহিব; তেওঁ যুদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব; তেওঁ জয় ধ্বনি কৰিব, এনে কি, মহা ধ্বনি কৰিব; তেওঁ শত্রুবোৰৰ বিৰুদ্ধে পৰাক্রমী কাৰ্য প্রদৰ্শন কৰিব।
Isaiah 51:5 in Assamese 5 মোৰ ধাৰ্ম্মিকতা ওচৰ হ’য়, মোৰ পৰিত্ৰাণ উলায় যাব , আৰু মোৰ বাহুৱে জাতিবোৰৰ বিচাৰ কৰিব; উপকূলভূমিয়ে মোলৈ বাট চাব, আৰু মোৰ বাহুবলৰ কাৰণ আগ্রহেৰে বাট চাব।
Isaiah 51:16 in Assamese 16 মই আকাশ-মণ্ডলক স্থাপন কৰিব পাৰো, পৃথিবীৰ আধাৰশিলা স্হাপন কৰো, আৰু চিয়োনক ক’ও ‘তোমালোকেই মোৰ লোকসকল,’ সেই বাবে মোৰ বাক্য তোমালোকৰ মুখত থলোঁ, আৰু মোৰ হাতৰ ছাঁত তোমালোকক ঢাকি ৰাখিলোঁ।”
Jeremiah 16:19 in Assamese 19 হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্ব্ব-পুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Jeremiah 25:30 in Assamese 30 এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা, ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পৱিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব, তেওঁৰ ভেড়া চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।
Ezekiel 38:19 in Assamese 19 কিয়নো মোৰ অন্তৰ্জ্জ্বালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইস্ৰায়েল দেশত সেই দিনা নিশ্চয়ে মহৎ কম্পন হ’ব যে,
Hosea 11:10 in Assamese 10 তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তানসকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।
Joel 2:10 in Assamese 10 সিহঁতৰ আগত পৃথিবী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
Amos 1:2 in Assamese 2 আমোচে ক’লে, “যিহোৱাই চিয়োনৰ পৰা গৰ্জন কৰিছে, আৰু যিৰূচালেমৰ পৰা উচ্চস্বৰে কথা কৈছে। ভেড়াৰখীয়াসকলৰ চৰণীয়া ঠাইবোৰৰ শোক হ’ব আৰু কৰ্মিল পর্বতৰ চূড়া শুকাই গৈছে।”
Amos 3:8 in Assamese 8 সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাৱবাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
Haggai 2:6 in Assamese 6 কাৰণ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘খন্তেক পাছতে, মই আৰু এবাৰ আকাশ-মণ্ডল, পৃথিবী, সমুদ্ৰ আৰু শুকান ভূমি কঁপাম!
Zechariah 10:6 in Assamese 6 “মই যিহূদা বংশক সবল কৰিম আৰু যোচেফৰ বংশক উদ্ধাৰ কৰিম; কিয়নো তেওঁলোকক মই পুনৰায় পূৰ্ব অৱস্থালৈ আনিম কাৰণ তেওঁলোকৰ ওপৰত মোৰ দয়া আছে। তেওঁলোক যেন মোৰ দ্বাৰাই পৰিত্যক্ত হোৱা নাছিল, এনেকুৱা তেওঁলোক হ’ব; কাৰণ মই তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু মই তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিম।
Zechariah 10:12 in Assamese 12 মই তেওঁলোকক মোৰে সৈতে সবল কৰিম আৰু তেওঁলোকে তেওঁৰ নামেৰে অহা-যোৱা কৰিব।” এয়েই যিহোৱাৰ ঘোষণা।
Zechariah 12:5 in Assamese 5 তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক’ব, ‘যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ’।
Hebrews 12:26 in Assamese 26 তেতিয়া তেওঁৰ ধ্বনিয়ে জগত লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰি কৈছে যে, পুনৰ এবাৰ কেৱল মই জগত লৰাম, এনে নহয় আকাশকো লৰাম।
Revelation 11:13 in Assamese 13 সেই ক্ষণতে বৰ ভুমিকম্প হ’ল; তাতে নগৰৰ দহ ভাগৰ এভাগ পৰিল৷ সেই ভুমিকম্পৰ দ্বাৰাই সাত হাজাৰ লোক হত হ’ল; আৰু অৱশিষ্ট সকলে ভয়ত স্বৰ্গৰ ঈশ্বৰৰ মহিমা স্বীকাৰ কৰিলে।
Revelation 11:19 in Assamese 19 পাছত স্বৰ্গত থকা ঈশ্বৰৰ মন্দিৰৰ দুৱাৰ যেতিয়া মুকলি কৰা হ’ল; তেতিয়া তেওঁৰ বিধানৰ নিয়ম-চন্দুক দেখা গ’ল৷ তাতে বিজুলী, গাজনি, মেঘ-গৰ্জ্জন, ভুমিকম্প আৰু মহা-শিলাবৃষ্টি হ’ল।
Revelation 16:18 in Assamese 18 তেতিয়া বিজুলী, গুজৰনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷