Joel 2:26 in Assamese 26 তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হবা, যিহোৱাৰ নাম প্ৰশংসা কৰিবা, আৰু তোমালোকলৈ আচৰিতৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ, মোৰ সন্তানসকলে কেতিয়াও পুনৰ লাজ নাপাব।
Other Translations King James Version (KJV) And ye shall eat in plenty, and be satisfied, and praise the name of the LORD your God, that hath dealt wondrously with you: and my people shall never be ashamed.
American Standard Version (ASV) And ye shall eat in plenty and be satisfied, and shall praise the name of Jehovah your God, that hath dealt wondrously with you; and my people shall never be put to shame.
Bible in Basic English (BBE) You will have food in full measure, and give praise to the name of the Lord your God, who has done wonders for you:
Darby English Bible (DBY) And ye shall eat in plenty, and be satisfied, and praise the name of Jehovah your God, who hath dealt wondrously with you: and my people shall never be ashamed.
World English Bible (WEB) You will have plenty to eat, and be satisfied, And will praise the name of Yahweh, your God, Who has dealt wondrously with you; And my people will never again be disappointed.
Young's Literal Translation (YLT) And ye have eaten, eating and being satisfied, And have praised the name of Jehovah your God, Who hath dealt with you wonderfully, And not ashamed are My people to the age.
Cross Reference Genesis 33:11 in Assamese 11 বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
Leviticus 26:5 in Assamese 5 তোমালোকৰ শস্য মৰা কাল দ্ৰাক্ষাগুটি চিঙা কাললৈকে থাকিব, আৰু তোমালোকে হেঁপাহ পলুৱাকৈ তোমালোকৰ আহাৰ ভোজন কৰিবা আৰু নিৰ্ভয়ে তোমালোকৰ দেশত বাস কৰিবা।
Leviticus 26:26 in Assamese 26 মই তোমলোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জুখি জুখি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।
Deuteronomy 6:11 in Assamese 11 এনে ধৰণৰ সকলো উত্তম দ্রব্যৰে ঘৰবোৰ পূর্ণ হৈ আছে, যিহক আপোনালোকে ভৰোৱা নাই; এনে নাদ আছে, যিহক আপোনালোকে খনা নাই; এনে দ্রাক্ষাবাৰী জলফাই গছবোৰ আছে, যিহক আপোনালোকে ৰোৱা নাই; তাত এই সকলো খাই তৃপ্ত হ’ব।
Deuteronomy 8:10 in Assamese 10 আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।
Deuteronomy 12:7 in Assamese 7 সেই ঠাইতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে আৰু আপোনালোকৰ পৰিয়ালৰ সকলোৱে আহাৰ গ্রহণ কৰিব আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্য্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আনন্দ উল্লাস কৰিব।
Deuteronomy 12:12 in Assamese 12 সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
Deuteronomy 12:18 in Assamese 18 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকলে সেইবোৰ ভোজন কৰিব আৰু আৰু আপোনালোকে হাত দিয়া সকলো কাৰ্য্যত তেওঁ দিয়া আশীর্বাদক লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আনন্দ উল্লাস কৰিব।
Deuteronomy 26:10 in Assamese 10 সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব।
Nehemiah 9:25 in Assamese 25 তেওঁলোকে গড়েৰে আবৃত নগৰবোৰ আৰু এখন উৰ্বৰা দেশ অধিকাৰ কৰিলে। তেওঁলোকে সকলো উত্তম বস্তুৰে ভৰি থকা ঘৰ সমূহ, ইতিমধ্যে খান্দি থোৱা নাদ, দ্ৰাক্ষাবাৰী, জলফাই বাৰী, আৰু ফল ধৰা বহুত গছ অধিকাৰ কৰিলে। সেয়ে তেওঁলোকে সেইবোৰ খাই তৃপ্ত হ’ল, আৰু আপোনাৰ মহান দয়াত তেওঁলোকে আনন্দ কৰিলে।
Psalm 13:6 in Assamese 6 মই যিহোৱাৰ উদেশ্যে গান গাম, কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।
Psalm 22:26 in Assamese 26 দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তোমালোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
Psalm 25:2 in Assamese 2 হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
Psalm 37:19 in Assamese 19 সঙ্কটৰ সময়ত তেওঁলোক লাজত নপৰিব, আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হব।
Psalm 72:18 in Assamese 18 ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম্ম কৰোঁতা।
Psalm 103:5 in Assamese 5 যি জনাই উত্তম দ্রব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱন কাল দিব।
Psalm 116:7 in Assamese 7 হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা, কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।
Psalm 126:2 in Assamese 2 তেতিয়া আমাৰ মুখ হাঁহিৰে ভৰি পৰিল, আমাৰ জিভা আনন্দ-গানেৰে পৰিপূৰ্ণ হ’ল; আন জাতিৰ লোকসকলে তেতিয়া কোৱাকুই কৰিলে, “যিহোৱাই তেওঁলোকৰ কাৰণে অনেক মহৎ কার্যবোৰ কৰিলে।”
Proverbs 13:25 in Assamese 25 যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; কিন্তু দুষ্টলোক সদায় ভোকত থাকে।
Song of Solomon 5:1 in Assamese 1 প্রিয়ৰ কথা: মোৰ প্রিয়া, মোৰ কইনাজনী, মই মোৰ উদ্যানত প্রৱেশ কৰিলো; মই মোৰ গন্ধৰস আৰু সুগন্ধি দ্ৰব্য গোটালো; মই মৌচাকেৰে সৈতে মোৰ মধু খালোঁ; মই গাখীৰেৰে সৈতে মোৰ দ্ৰাক্ষাৰস পান কৰিলোঁ। ভোজন কৰা, বন্ধু। হে বন্ধু, খোৱা; হৃদয় তৃপ্ত কৰি মোৰ ভালপোৱা পান কৰা।
Isaiah 25:1 in Assamese 1 হে যিহোৱা আপুনি মোৰ ঈশ্বৰ; মই আপোনাক মহিমাম্বিত কৰিম, মই আপোনাৰ নাম প্ৰশংসা কৰিম; কাৰণ আপুনি আচৰিত কৰ্ম কৰিলে, বহু আগৰ কল্পনাবোৰ বিশ্বস্ততাৰে আৰু সত্যতাৰে সিদ্ধ কৰিলে।
Isaiah 29:22 in Assamese 22 এই হেতুকে অব্ৰাহামৰ মুক্তি দাতা যিহোৱাই যাকোবৰ বংশৰ বিষয়ে এই কথা কৈছে, এতিয়াৰ পৰা যাকোব লজ্জিত নহ’ব, আৰু নাইবা তেওঁৰ মুখ বিবৰ্ণ নহ’ব।
Isaiah 45:17 in Assamese 17 কিন্তু ইস্ৰায়েলে যিহোৱাৰ দ্বাৰাই অনন্তকলীয়া পৰিত্ৰাণেৰে ৰক্ষিত হ’ব; তোমালোক পুনৰ লজ্জিত বা অপমানিত নহ’বা।
Isaiah 49:23 in Assamese 23 ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
Isaiah 54:4 in Assamese 4 ভয় নকৰিবা, কাৰণ তোমালোক লজ্জিত নহবা; বা নিৰাশ নহ’বা কাৰণ তোমালোক অপমানিত নহ’বা; তোমালোকে যৌৱন-কালৰ লাজ আৰু তোমালোকক বর্জন কৰাৰ অপমান পাহৰিবা।
Isaiah 55:2 in Assamese 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
Isaiah 62:8 in Assamese 8 যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
Joel 2:20 in Assamese 20 মই তোমালোকৰ পৰা উত্তৰদেশীয় সৈন্য-সামন্তক দূৰ কৰিম, আৰু মই তাক শুকান আৰু ধ্বংস কৰা দেশলৈ খেদি দিম। তাৰ আগ-ভাগ পূৱ সাগৰত, আৰু তাৰ পাছ-ভাগ পশ্চিম সাগৰত পেলাই দিম; তাতে তাৰ গেলা গন্ধ ওলাব, দুৰ্গন্ধ উঠিব। কাৰণ সি মহৎ কাৰ্য কৰিলে।”
Micah 6:14 in Assamese 14 তোমালোকে খাবা কিন্তু তৃপ্ত নহবা, তোমালোকৰ পেট খালীয়ে হৈ থাকিব; তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা; আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
Zephaniah 3:11 in Assamese 11 তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোতা সকলো লোকক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহঙ্কাৰ নকৰিবা।
Zechariah 9:15 in Assamese 15 বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকে শত্ৰুৰ মঙহ খাব আৰু ফিঙ্গাৰ শিলস্বৰূপে সিহঁতক ভৰিৰ তলত গচকিব। তেতিয়া তেওঁলোকে সিহঁতৰ তেজ পান কৰিব আৰু দ্ৰাক্ষাৰস পান কৰি গোলমাল কৰাৰ দৰে গোলমাল কৰিব; আৰু তেজ ৰখা পাত্ৰৰ নিচিনাকৈ তেওঁলোক তেজেৰে পূৰ হ’ব আৰু যজ্ঞবেদীৰ চাৰি চুকৰ নিচিনা হ’ব।
Zechariah 9:17 in Assamese 17 কাৰণ তেওঁৰ মঙ্গল কেনে মহৎ! আৰু তেওঁৰ সৌন্দৰ্য্য বা কেনে মহৎ! শস্যই যুৱাসকলক আৰু নতুন দ্ৰাক্ষাৰসে যুৱতীসকলক সতেজ কৰিব।
Romans 5:5 in Assamese 5 সেই আশাই আমাক নিৰাশ নকৰে; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
Romans 9:33 in Assamese 33 এই বিষয়ে লিখাও আছে, ‘চোৱা, মই চিয়োনত উজুটি খুউৱা শিল, অৰ্থাৎ বিঘ্নজনক শিল থ’ম। তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব’।
Romans 10:11 in Assamese 11 কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে, “যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ লাজত নপৰিব।”
1 Timothy 4:3 in Assamese 3 এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷
1 Timothy 6:17 in Assamese 17 যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি জনা ঈশ্বৰে ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেইজনা ঈশ্বৰত ভাৰসা কৰক৷
1 John 2:28 in Assamese 28 আৰু এতিয়া, হে মোৰ প্ৰিয় সন্তান সকল আপোনালোকে তেওঁত থাকক; তেওঁ প্ৰকাশিত হলে আমি সাহিয়াল হ’ম আৰু তেওঁৰ আগমণৰ সময়ত তেওঁৰ সন্মুখত লজ্জিত নহ’ম৷