Jeremiah 9:23 in Assamese 23 যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
Other Translations King James Version (KJV) Thus saith the LORD, Let not the wise man glory in his wisdom, neither let the mighty man glory in his might, let not the rich man glory in his riches:
American Standard Version (ASV) Thus saith Jehovah, Let not the wise man glory in his wisdom, neither let the mighty man glory in his might, let not the rich man glory in his riches;
Bible in Basic English (BBE) This is the word of the Lord: Let not the wise man take pride in his wisdom, or the strong man in his strength, or the man of wealth in his wealth:
Darby English Bible (DBY) Thus saith Jehovah: Let not the wise glory in his wisdom, neither let the mighty glory in his might; let not the rich glory in his riches:
World English Bible (WEB) Thus says Yahweh, Don't let the wise man glory in his wisdom, neither let the mighty man glory in his might, don't let the rich man glory in his riches;
Young's Literal Translation (YLT) Thus said Jehovah: Let not the wise boast himself in his wisdom, Nor let the mighty boast himself in his might, Let not the rich boast himself in his riches,
Cross Reference Deuteronomy 8:17 in Assamese 17 আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”
1 Samuel 17:4 in Assamese 4 তাৰ পাছত গাৎ-নিবাসী এজন বীৰ ফিলিষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
1 Samuel 17:42 in Assamese 42 তাৰ পাছত ফিলিষ্টীয়াজনে চাৰিওফালে চাই দায়ূদক দেখা পালে আৰু তেওঁ তেওঁক হেয়জ্ঞান কৰিলে; কাৰণ তেওঁ কেৱল এজন ল’ৰা, তেওঁৰ বৰণ অলপ ৰঙচুৱা, আৰু মুখ সুন্দৰ আছিল।
1 Kings 20:10 in Assamese 10 তেতিয়া বিন-হদদে তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে, “এই চমৰিয়াৰ ধূলি যদি মোৰ পাছত অহা লোকসকলৰ প্ৰতিজনলৈ এমুঠিকৈ জোৰে, তেন্তে দেৱতাসকলে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
Job 5:12 in Assamese 12 তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
Job 31:24 in Assamese 24 মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,
Psalm 33:16 in Assamese 16 বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহা-শক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
Psalm 49:6 in Assamese 6 সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহঙ্কাৰ কৰে।
Psalm 49:16 in Assamese 16 যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা; তেওঁৰ পৰিয়ালৰ ধন-সম্পদ যেতিয়া বৃদ্ধি পায়, তুমি ভয় নকৰিবা।
Psalm 52:6 in Assamese 6 ধাৰ্ম্মিকসকলে তাকে দেখি ভয় কৰিব; তেওঁলোকে তোমাক এই কথা কৈ হাঁহিব,
Psalm 62:10 in Assamese 10 তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনাকৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হবলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।
Proverbs 11:4 in Assamese 4 ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে।
Ecclesiastes 2:13 in Assamese 13 মই দেখিলো, অন্ধকাৰতকৈ পোহৰ যেনেকৈ উত্তম, তেনেকৈ অজ্ঞানতকৈ প্ৰজ্ঞা উত্তম।
Ecclesiastes 2:19 in Assamese 19 সেই লোক জ্ঞানী নে অজ্ঞানী হ’ব, তাক কোনে জানে? তথাপি তেৱেঁই মোৰ সকলো কার্যৰ ফল ভোগ কৰিব, কিয়নো তেওঁৰ বাবেই মই সূৰ্যৰ তলত পৰিশ্ৰম কৰিছো আৰু জ্ঞানৰ পৰিচয় দিলো। ইও অসাৰ।
Ecclesiastes 9:11 in Assamese 11 সূর্যৰ তলত মই পুনৰ কিছুমান আমোদজনক বিষয় দেখিলো: যিসকলে বেগেৰে লৰ মাৰে, তেওঁলোকেই যে সকলো সময়তে জয়ী হয়, এনে নহয়; বীৰসকলেই যে সকলো সময়তে ৰণত জয়ী হয়, এনে নহয়; জ্ঞানীসকলেই যে সকলো সময়তে পেট ভৰাই খাবলৈ পায়, এনে নহয়; বুদ্ধিমান লোকেই যে সকলো সময়তে ধনী হয়, এনে নহয়; বিদ্বান লোকেই যে সকলো সময়তে সুযোগ পায়, এনে নহয়; পৰিবর্তে, সময় আৰু সুযোগৰ দ্বাৰা তেওঁলোক সকলো প্রভাৱান্বিত হয়।
Isaiah 5:21 in Assamese 21 যি সকল নিজৰ দৃষ্টিত জ্ঞানী, আৰু নিজৰ বিবেচনাত বিচক্ষণ, তেওঁলোকৰ সন্তাপ হ’ব।
Isaiah 10:8 in Assamese 8 কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
Isaiah 10:12 in Assamese 12 যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰুচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
Isaiah 36:8 in Assamese 8 সেই কাৰণে, মই এতিয়া মোৰ প্ৰভু ৰজা অচূৰীয়াৰ পৰা অহা এটা ভাল প্রতিশ্রুতিত তোমাক বান্ধিব বিচাৰিছো। যদি তুমি ঘোঁৰাত উঠিব পৰা দুই হাজাৰ মানুহ দিব পাৰা, তেনেহ’লে মই তোমাক দুই হাজাৰ ঘোৰা দিম।
Ezekiel 7:19 in Assamese 19 তেওঁলোকৰ নিজ নিজ ৰূপ বাটত পেলাই দিব আৰু তেওঁলোকৰ সোণ অশুচি বস্তু যেন হ’ব। তেওঁলোকৰ সোণ আৰু ৰূপ যিহোৱাৰ ক্ৰোধৰ দিনা সেইবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব। তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰা নহ’ব, আৰু তেওঁলোকৰ উদৰ পূৰ কৰা নহ’ব, কিয়নো তেওঁলোকৰ অপৰাধবোৰেই তেওঁলোকৰ বিঘিনি হৈ পৰিছে।
Ezekiel 28:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাসকলৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
Ezekiel 29:9 in Assamese 9 তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।”
Daniel 3:15 in Assamese 15 এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”
Daniel 4:30 in Assamese 30 ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
Daniel 4:37 in Assamese 37 এতিয়া মই নবুখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছো; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহঙ্কাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।
Daniel 5:18 in Assamese 18 হে মহাৰাজ, সৰ্ব্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবুখদনেচৰক ৰজ্য, মহিমা, মৰ্যদা, আৰু ঐশ্বৰ্য দিছিল।
Amos 2:14 in Assamese 14 সেই কালত দ্রুতগামী লোকেও পলায়ন কৰি ৰক্ষা পোৱাৰ উপায় নাথাকিব; বলবানে নিজৰ বল দেখাব নোৱাৰিব আৰু পৰাক্রমীজনেও নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব;
Zephaniah 1:18 in Assamese 18 যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
Mark 10:24 in Assamese 24 তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক’লে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
Luke 12:19 in Assamese 19 তাৰ পাছত মই মোৰ প্ৰাণক ক’ম, হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।
Acts 12:22 in Assamese 22 তেতিয়া লোক সকলে ৰিঙিয়াই ক’লে, “এয়া এজন ঈশ্বৰৰ মাত, মানুহৰ মাত নহয়!”
Romans 1:22 in Assamese 22 নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল;
1 Corinthians 1:19 in Assamese 19 কাৰণ এইদৰে লিখা আছে: “মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম; মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম”
1 Corinthians 1:27 in Assamese 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
1 Corinthians 3:18 in Assamese 18 কোনেও নিজকে নিজে নুভুলাওক। আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে, তেনেহলে তেওঁ জ্ঞানী হ’বলৈ মূৰ্খ হওক।
1 Timothy 6:10 in Assamese 10 ধনক প্ৰেম কৰাই সকলো মন্দ পথৰ মূল৷ তালৈ আকাংক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ শলাৰে নিজকেই খোচ মাৰে।
James 3:14 in Assamese 14 কিন্তু আপোনালোকৰ হৃদয়ত যদি তিক্ততা, ঈৰ্ষা আৰু বিৰোধ থাকে, তেনেহলে সত্যৰ বিৰুদ্ধে শ্লাঘা নকৰিব আৰু মিছাকৈয়ো নক’ব।