Jeremiah 7:9 in Assamese 9 তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য্য কৰা?
Other Translations King James Version (KJV) Will ye steal, murder, and commit adultery, and swear falsely, and burn incense unto Baal, and walk after other gods whom ye know not;
American Standard Version (ASV) Will ye steal, murder, and commit adultery, and swear falsely, and burn incense unto Baal, and walk after other gods that ye have not known,
Bible in Basic English (BBE) Will you take the goods of others, put men to death, and be untrue to your wives, and take false oaths, and have perfumes burned to the Baal, and go after other gods which are strange to you;
Darby English Bible (DBY) What? steal, murder, and commit adultery, and swear falsely, and burn incense unto Baal, and walk after other gods whom ye know not ...
World English Bible (WEB) Will you steal, murder, and commit adultery, and swear falsely, and burn incense to Baal, and walk after other gods that you have not known,
Young's Literal Translation (YLT) Stealing, murdering, and committing adultery, And swearing to falsehood, and giving perfume to Baal, And going after other gods whom ye knew not.
Cross Reference Exodus 20:3 in Assamese 3 মোৰ আগত তোমালোকৰ আন কোনো দেৱতা নাথাকক।
Deuteronomy 32:17 in Assamese 17 ভুতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল , যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
Judges 5:8 in Assamese 8 লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
1 Kings 18:21 in Assamese 21 এলিয়াই লোক সকলৰ ওচৰলৈ আহি ক’লে, “তোমোলোকে কিমান কাললৈকে তোমলোকৰ মন সলনি কৰি থকিবা? যিহোৱা যদি ঈশ্বৰ হয়, তেন্তে তেওঁৰ পাছত চলা; কিন্তু বাল যদি ঈশ্বৰ হয়, তেন্তে তাৰে পাছত চলা।” কিন্তু লোকসকলে তেওঁক কোনো উত্তৰ নিদিলে।
Psalm 50:16 in Assamese 16 কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, “মোৰ শাসন-বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে?
Isaiah 59:1 in Assamese 1 চোৱা, যিহোৱাৰ হাত এনে চুটি নহয় যে, তেওঁ তাৰে পৰিত্ৰাণ কৰিব নোৱাৰে, আৰু তেওঁৰ কাণ এনে গধূৰ নহয় যে, তেওঁ তাৰে শুনিব নোৱাৰে;
Jeremiah 7:6 in Assamese 6 বিদেশী, মাউৰা আৰু বিধৱাক উপদ্ৰৱ নকৰা, আৰু এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰা, নাইবা তোমালোকৰ অপৰাধৰ কাৰণে ইতৰ দেৱতাবোৰৰ পাছত নচলা,
Jeremiah 9:2 in Assamese 2 অহ, মোৰ জাতি এৰি তেওঁলোকৰ পৰা আঁতৰি যাবৰ বাবে, অৰণ্যত পথিকসকলৰৰ ৰাতি থকা ঠাই মোৰ হোৱা হ’লে কেনে ভাল আছিল! কিয়নো তেওঁলোক সকলোৱেই ব্যভিচাৰী, বিশ্বাস-ঘাতক লোকৰ সমাজ।
Jeremiah 11:13 in Assamese 13 কিয়নো হে যিহূদা, তোমাৰ নগৰ যিমান, তোমাৰ দেৱতা সিমানেই বাঢ়িল। আৰু যিৰূচালেমৰ আলি যিমান, লজ্জাজনক বস্তুৰ উদ্দেশ্যে, এনে কি, বালৰ কাৰণে ধূপ জ্বলাবলৈ তোমালোকে সিমান যজ্ঞ-বোদি স্থাপন কৰিলা।
Jeremiah 11:17 in Assamese 17 কিয়নো বালৰ উদ্দেশ্যে ধূপ জ্বলাই মোক বেজাৰ দিবৰ অৰ্থে যিহূদা আৰু ইস্ৰায়েল বংশই নিজৰ বিৰুদ্ধে যি দুষ্কৰ্ম্ম কৰিছিল, তাৰ কাৰণে তোমাক ৰোপণ কৰা বাহিনীসকলৰ যিহোৱাই তোমাৰ বিৰুদ্ধে অমঙ্গল প্ৰকাশ কৰিলে।
Jeremiah 13:10 in Assamese 10 এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্য্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব।
Jeremiah 32:29 in Assamese 29 আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।
Jeremiah 44:3 in Assamese 3 ধূপ জ্বলাবলৈ আৰু তেওঁলোকে বা তোমালোকে বা তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলেও নজনা ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবলৈ যোৱাৰ দ্বাৰাই মোক বেজাৰ দিবলৈ তেওঁলোকে কৰা দুষ্কৰ্ম্মই ইয়াৰ কাৰণ।
Ezekiel 18:10 in Assamese 10 কিন্তু যদি তেওঁৰ এজন উগ্র পুতেক আছে আৰু সি যদি ৰক্তপাত কৰা আদি তেনে কোনো কাৰ্যবোৰ কৰে -
Ezekiel 18:18 in Assamese 18 তেওঁৰ পিতৃৰ বিষয়ে হ’লে, তেওঁ অত্যন্ত অত্যাচাৰ কৰাত, বলেৰে নিজ ভাইৰ বস্তু কাঢ়ি লোৱাত আৰু নিজ লোকসকলৰ মাজত, যি ভাল নহয়, সেইবোৰ কৰাৰ বাবে - চোৱা, তেওঁ নিজ অপৰাধৰ বাবে মৰিব।
Ezekiel 33:25 in Assamese 25 এই হেতুকে তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা নে?
Hosea 4:1 in Assamese 1 হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা; কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।
Micah 3:8 in Assamese 8 কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
Zephaniah 1:5 in Assamese 5 যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
Zechariah 5:3 in Assamese 3 তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
Romans 2:2 in Assamese 2 আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়, ইয়াক আমি জানো।
Romans 2:17 in Assamese 17 আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰে,
1 Corinthians 6:9 in Assamese 9 যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই বিষয়ে আপোনালোকে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
Galatians 5:19 in Assamese 19 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ,
Ephesians 5:5 in Assamese 5 আপোনালোকে নিশ্চয়ে জানে যে, যি সকলে ব্যভিচাৰ কৰে, যি সকলে অশুচি আৰু যি সকল লোক লুভীয়া (সেই সকল লোকক মূৰ্তিপূজক বুলি কোৱা হয়), তেওঁলোকৰ কাৰণে খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ ৰাজ্যত কোনো স্থান নাই।
2 Timothy 3:2 in Assamese 2 কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,
James 4:1 in Assamese 1 আপোনালোকৰ মাজত হাই-কাজিয়া আৰু বিৰোধ নো ক’ৰ পৰা হয়? আপোনালোকৰ অঙ্গ-প্ৰত্যঙ্গত যুদ্ধ কৰা যি যি কু-অভিলাষ, সেইবোৰৰ পৰা নহয় নে?
Revelation 21:8 in Assamese 8 কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভিচাৰী, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে, জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”
Revelation 22:15 in Assamese 15 কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভিচাৰীবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।