Jeremiah 51:44 in Assamese 44 মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব।
Other Translations King James Version (KJV) And I will punish Bel in Babylon, and I will bring forth out of his mouth that which he hath swallowed up: and the nations shall not flow together any more unto him: yea, the wall of Babylon shall fall.
American Standard Version (ASV) And I will execute judgment upon Bel in Babylon, and I will bring forth out of his mouth that which he hath swallowed up; and the nations shall not flow any more unto him: yea, the wall of Babylon shall fall.
Bible in Basic English (BBE) And I will send punishment on Bel in Babylon, and take out of his mouth what went into it; no longer will the nations be flowing together to him: truly, the wall of Babylon will come down.
Darby English Bible (DBY) And I will punish Bel in Babylon, and I will bring forth out of his mouth what he hath swallowed up; and the nations shall not flow together any more unto him: yea, the wall of Babylon is fallen.
World English Bible (WEB) I will execute judgment on Bel in Babylon, and I will bring forth out of his mouth that which he has swallowed up; and the nations shall not flow any more to him: yes, the wall of Babylon shall fall.
Young's Literal Translation (YLT) And I have seen after Bel in Babylon, And I have brought forth that which he swallowed -- from his mouth, And flow no more unto him do nations, Also the wall of Babylon hath fallen.
Cross Reference 2 Chronicles 36:7 in Assamese 7 আৰু নবুখদনেচৰে যিহোৱাৰ গৃহৰ কিছু বস্তুও বাবিললৈ লৈ গৈ, বাবিলত নিজৰ মন্দিৰত ৰাখিলে।
Ezra 1:7 in Assamese 7 নবুখদনেচৰে যিহোৱাৰ গৃহৰ যি সামগ্রীসমূহ যিৰূচালেমৰ পৰা আনি নিজৰ দেৱতাৰ গৃহত ৰাখিছিল, সেই সকলো সামগ্রী ৰজা কোৰচে মুকলি কৰি দিলে।
Isaiah 2:2 in Assamese 2 পিছৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
Isaiah 46:1 in Assamese 1 বেল দেৱতা নত হ’ল, নবো দোঁ খালে, তেওঁলোকৰ মুৰ্ত্তিবোৰ সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
Isaiah 60:5 in Assamese 5 সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব।
Jeremiah 50:2 in Assamese 2 তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
Jeremiah 50:15 in Assamese 15 চাৰিওফালে তাৰ বিৰুদ্ধে জয়-ধ্বনি কৰা; সি হাত যোৰ কৰিছে, তাৰ কোঁঠবোৰ পৰি গ’ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ’ল; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰ; তোমালোকে তাৰ প্ৰতিকাৰ সধা, সি কৰা নিচিনাকৈ তাক কৰা।
Jeremiah 51:18 in Assamese 18 সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য্য মাথোন; দণ্ড দিয়া কালত সেইবোৰ বিনষ্ট হ’ব।
Jeremiah 51:34 in Assamese 34 বাবিলৰ ৰজা নবুখদৰেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।
Jeremiah 51:47 in Assamese 47 এই হেতুকে চোৱা, যি দিনা মই বাবিলৰ কটা প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ গোটেই দেশে লাজ পাব, এনে দিন আহিছে; আৰু তাৰ সমস্ত হত লোক তাৰ মাজত পতিত হ’ব।
Jeremiah 51:53 in Assamese 53 যিহোৱাই কৈছে, বাবিল যদিও আকাশলৈকে উন্নত হয়, আৰু তাৰ ওখ কোঁঠবোৰ দৃঢ় কৰে, তথাপি মোৰ পৰা তাৰ ওপৰলৈ বিনাশকবিলাক যাব।
Jeremiah 51:58 in Assamese 58 বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, বাবিলৰ বহল গড়বোৰ, নিঃশেষে বিনষ্ট হ’ব, আৰু তাৰ ওখ দুৱাৰবোৰ অগ্নিৰে পোৰা হ’ব আৰু লোকবিলাকে অসাৰৰ নিমিত্তে, আৰু জাতিবিলাকে অগ্নিৰ নিমিত্তে পৰিশ্ৰম কৰিব, আৰু সিহঁত ক্লান্ত হ’ব।
Daniel 1:2 in Assamese 2 প্ৰভুৱে নবুখদনেচৰক যিহূদাৰ ৰজা যিহোয়াকীমৰ ওপৰত জয়যুক্ত কৰিলে, আৰু তেওঁ ঈশ্বৰৰ গৃহৰ পৰা কিছুমান পবিত্র বস্তু তেওঁক দিলে। নবুখদনেচৰে সেই বস্তুবোৰ চিনাৰ দেশত থকা নিজৰ দেৱতাৰ গৃহলৈ লৈ গ’ল; আৰু তেওঁ সেই বস্তুবোৰ নিজৰ দেৱতাৰ ভঁৰালত থ’লে।
Daniel 3:2 in Assamese 2 তাৰ পাছত ৰজা নবুখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎস্বৰ্গ কৰিবৰ বাবে, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী সকলক একত্রিত হৈ, আহিবলৈ বাৰ্ত্তা পঠিয়ালে।
Daniel 3:29 in Assamese 29 সেই কাৰণে মই এই আজ্ঞা দিছোঁ যে, যিকোনো লোক, যিকোনো দেশ, বা যিকোনো ভাষাৰ লোকে চৈদ্ৰক, মৈচক আৰু অবেদ-নগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক’ব, তেওঁলোকক ডোখৰ ডোখৰকৈ কটা যাব, আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দ’মৰ দৰে কৰা হ’ব; কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই।”
Daniel 4:1 in Assamese 1 পৃথিৱীত থকা সকলো লোক, দেশ, আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবূখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, “আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক!
Daniel 4:22 in Assamese 22 হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে; আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে।
Daniel 5:2 in Assamese 2 বেলচচৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে, যিৰূচালেম মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবুখদনেচৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত যাতে ৰজা আৰু তেওঁৰ প্ৰধান লোকসকল, তেওঁৰ পত্নী আৰু উপপত্নীসকলে পান কৰিব পাৰে, সেই বাবে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে।
Daniel 5:19 in Assamese 19 ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে, সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকে তেওঁৰ সাক্ষাতে কঁপিছিল আৰু ভয় কৰিছিল। তেওঁ যিসকলক বধ কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক বধ কৰিছিল, আৰু যিসকলক জীয়াই ৰাখিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকক জীয়াই ৰাখিছিল। তেওঁ ইচ্ছা কৰা সকলক উন্নত কৰিছিল, আৰু যি সকলক ইচ্ছা কৰিছিল তেওঁলোকক নত কৰিছিল।
Daniel 5:26 in Assamese 26 কথাখিনিৰ অৰ্থ এই: মিনে, (গণনা কৰা) ঈশ্বৰে আপোনাৰ ৰাজ্য গণনা কৰি, তাৰ অন্ত কৰিলে;
Daniel 5:31 in Assamese 31 তাৰ পাছত মাদীয়াৰ দাৰিয়াবচৰ প্ৰায় বাষষ্টি বছৰ বয়সত তেওঁ সেই ৰাজ্য পাইছিল।
Revelation 18:9 in Assamese 9 পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷