Jeremiah 51:29 in Assamese 29 দেশ কঁপিছে আৰু বেদনা পাইছে; কিয়নো বাবিল দেশক ধ্বংস আৰু নিবাসী- শূণ্য কৰিবলৈ বাবিলৰ অহিতে যিহোৱাৰ সঙ্কল্প সিদ্ধ হৈছে।
Other Translations King James Version (KJV) And the land shall tremble and sorrow: for every purpose of the LORD shall be performed against Babylon, to make the land of Babylon a desolation without an inhabitant.
American Standard Version (ASV) And the land trembleth and is in pain; for the purposes of Jehovah against Babylon do stand, to make the land of Babylon a desolation, without inhabitant.
Bible in Basic English (BBE) And the land is shaking and in pain: for the purposes of the Lord are fixed, to make the land of Babylon an unpeopled waste.
Darby English Bible (DBY) And the land trembleth and is in pain; for the purposes of Jehovah against Babylon do stand, to make the land of Babylon a desolation, without inhabitant.
World English Bible (WEB) The land trembles and is in pain; for the purposes of Yahweh against Babylon do stand, to make the land of Babylon a desolation, without inhabitant.
Young's Literal Translation (YLT) And shake doth the land, and it is pained, For stood against Babylon have the purposes of Jehovah, To make the land of Babylon a desolation without inhabitant.
Cross Reference Isaiah 13:13 in Assamese 13 এই হেতুকে মই আকাশ মণ্ডলক কঁপাম, আৰু বাহিনীসকলৰ যিহোৱাৰ ক্ৰোধত আৰু তেওঁৰ প্ৰচণ্ড খংৰ দিনত পৃথিৱী জোকাৰ খাই স্থানান্তৰিত হ’ব।
Isaiah 13:19 in Assamese 19 আৰু বাবিল, যি ৰাজ্যবোৰৰ প্রশংসিত, যাৰ ঐশ্বৰ্যত কলদীয়াই অহঙ্কাৰ কৰে, ঈশ্বৰে নিপাত কৰা চদোম আৰু ঘোমৰাৰ দৰে হ’ব।
Isaiah 14:16 in Assamese 16 তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব, তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’
Isaiah 14:23 in Assamese 23 মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পূখূৰীৰ পানীলৈ লৈ যাম, আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে,
Isaiah 46:10 in Assamese 10 মই আৰম্ভনিৰে পৰা শেষৰ কথা ঘোষনা কৰিছো, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰো সেই দৰে কৰিম।”
Isaiah 47:1 in Assamese 1 হে বাবিলৰ কুমাৰী জীয়াৰী, তুমি নামি আহা, আৰু ধুলিত বহা; হে কলদিয়া-জীয়াৰী, সিংহাসনৰ অবিহনে, মাটিত বহা। তোমাক ধুনীয়া আৰু লাহী বুলি পুনৰায় কোৱা নাযাব।
Jeremiah 8:16 in Assamese 16 দানৰ পৰা শত্ৰূ ঘোঁৰাবোৰৰ নাকৰ শব্দ শুনা গৈছে? তাৰ বলৱান ঘোঁৰাবোৰৰ ঢেক্ঢেকনিত গোটেই দেশ কঁপিছে; কিয়নো সিহঁতে আহি দেশ আৰু তাৰ মাজত থকা সকলো বস্তু, নগৰ আৰু তাৰ নিবাসীসকলক গ্ৰাস কৰিছে।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Jeremiah 50:13 in Assamese 13 যিহোৱাৰ ক্ৰোধৰ কাৰণে এই দেশ বসতিস্থান নহ’ব, কিন্তু সম্পূৰ্ণ উচ্ছন্ন ঠাই হ’ব; বাবিলৰ ওচৰেদি যোৱা প্ৰতিজনে আচৰিত হৈ তালৈ ঘটাৰ আটাই উৎপাত দেখি ইচ ইচ কৰিব।
Jeremiah 50:36 in Assamese 36 বৰ বৰ কথা কওঁতাবোৰৰ ওপৰত তৰোৱাল আছে আৰু সিহঁত হতবুদ্ধি হ’ব; তাৰ বীৰ বিলাকৰ ওপৰত তৰোৱাল আছে আৰু সিবিলাক ব্যাকুল হ’ব।
Jeremiah 50:39 in Assamese 39 এই নিমিত্তে অৰণ্যৰ বনৰীয়া জন্তুবোৰে ৰাং-কুকুৰবোৰে সৈতে তাত বাস কৰিব আৰু উট চৰাইবোৰে তাত বাস কৰিব আৰু সেয়ে চিৰকালৰ নিমিত্তে আৰু বাসস্থান নহ’ব বা পুৰুষামুক্ৰমে কোনেও তাত বাস নকৰিব।
Jeremiah 50:43 in Assamese 43 বাবিলৰ ৰজাই সিহঁতৰ যশস্যা শুনিছে, তাতে তেওঁৰ হাত দুৰ্ব্বল হ’ল; যাতনাই, প্ৰসৱকাৰিণীৰ বেদনাৰ নিচিনা বেদনাই তেওঁক ধৰিছে।
Jeremiah 50:45 in Assamese 45 এই হেতুকে, যিহোৱাই বাবিলৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু কল্দীয়া দেশৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠাই সিহঁতৰ বিষয়ে বিস্ময় মানিব।
Jeremiah 51:11 in Assamese 11 তোমালোকে কাঁড়বোৰ ধাৰ দিয়া, ঢাল শকতকৈ ধৰা; যিহোৱাই মদীয়া ৰজাবিলাকৰ মন উচটাইছে, কিয়নো বাবিলক নষ্ট কৰিবৰ নিমিত্তে তেওঁৰ কল্পনা তাৰ বিৰুদ্ধী; কাৰণ এয়ে যিহোৱাই সধা প্ৰতিকাৰ।
Jeremiah 51:43 in Assamese 43 তাৰ নগৰবোৰ ধ্বংসস্থান, শুকান ভূমি, মৰুভূমি, মানুহে বাস নকৰা বা তাৰ মাজেদি মনুষ্য সন্তান নোযোৱা ঠাই হ’ল।
Jeremiah 51:62 in Assamese 62 আৰু ক’বা, হে যিহোৱা, পশু কি মানুহ কোনেও ইয়াত বাস নকৰিবৰ নিমিত্তে, কিন্তু চিৰকাললৈকে ধ্বংসস্থান হ’বৰ নিমিত্তে উচ্ছন্ন কৰিবৰ কথা তুমি এই ঠাইৰ বিষয়ে কৈছা।
Joel 2:10 in Assamese 10 সিহঁতৰ আগত পৃথিবী কঁপে, আকাশ-মণ্ডল জোকাৰ খায়, চন্দ্ৰ আৰু সূৰ্য অন্ধকাৰময় হয়, আৰু তৰাবোৰে নিজৰ পোহৰ নিদিয়ে।
Amos 8:8 in Assamese 8 ইয়াৰ বাবে জানো দেশ নকঁপিব? তাৰ মাজত বাস কৰা সকলোৱে জানো বিলাপ নকৰিব? গোটেই দেশখন নীল নদীৰ বন্যাৰ দৰে ওফন্দি উঠিব, অশান্ত হ’ব আৰু পুনৰ নামি যাব, ঠিক মিচৰৰ নদীখনৰ নিচিনাই হ’ব।
Revelation 18:2 in Assamese 2 তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল (বেবিলন) মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে, সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল।
Revelation 18:21 in Assamese 21 পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল (বেবিলন) মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।