Jeremiah 51:15 in Assamese 15 তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Other Translations King James Version (KJV) He hath made the earth by his power, he hath established the world by his wisdom, and hath stretched out the heaven by his understanding.
American Standard Version (ASV) He hath made the earth by his power, he hath established the world by his wisdom, and by his understanding hath he stretched out the heavens:
Bible in Basic English (BBE) He has made the earth by his power, he has made the world strong in its place by his wisdom, and by his wise design the heavens have been stretched out:
Darby English Bible (DBY) He hath made the earth by his power, he hath established the world by his wisdom, and hath stretched out the heavens by his understanding.
World English Bible (WEB) He has made the earth by his power, he has established the world by his wisdom, and by his understanding has he stretched out the heavens:
Young's Literal Translation (YLT) The maker of earth by His power, The establisher of the world by His wisdom, Who by His understanding stretched out the heavens,
Cross Reference Genesis 1:1 in Assamese 1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Job 9:8 in Assamese 8 তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
Psalm 104:2 in Assamese 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
Psalm 104:24 in Assamese 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মান কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Psalm 107:25 in Assamese 25 তেওঁৰ আজ্ঞাৰ দ্বাৰাই প্ৰচণ্ড ধুমুহা হ’ল; তাতে সাগৰৰ ঢৌবোৰ ওফন্দি উঠে;
Psalm 136:5 in Assamese 5 যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 146:5 in Assamese 5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
Psalm 148:1 in Assamese 1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চস্থানত তেওঁৰ প্ৰশংসা কৰা।
Proverbs 3:19 in Assamese 19 যিহোৱাই প্ৰজ্ঞাৰ দ্বাৰাই পৃথিবী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
Isaiah 40:22 in Assamese 22 যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
Isaiah 40:26 in Assamese 26 আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
Isaiah 42:5 in Assamese 5 যি জনাই আকাশ মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে, সেই জনাই পৃথিবী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে; যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে, সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই,
Isaiah 44:24 in Assamese 24 তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “ময়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিবী সজালে,
Isaiah 45:12 in Assamese 12 মইয়ে পৃথিবী সৃষ্টি কৰিলোঁ, আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ। ময়েই নিজ হাতেৰে আকাশ মণ্ডল বিস্তাৰ কৰিলোঁ; আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হবলৈ মই আজ্ঞা দিলোঁ।
Isaiah 48:13 in Assamese 13 হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে; মই যেতিয়া তেওঁলোকক মাতো,তেওঁলোক একেলগে থিয় হয়।
Isaiah 51:13 in Assamese 13 যি জনাই আকাশ-মণ্ডল বিস্তাৰ কৰিলে, আৰু পৃথিবীৰ মূল স্থাপন কৰিলে, তোমালোকৰ সেই নিৰ্ম্মাণকৰ্ত্তা যিহোৱাক কিয় পাহৰিছা ? কাৰণ যেতিয় অতি ক্রোধত অত্যাচাৰীয়ে ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়, তেতিয়া প্রতিদিনে তোমালোক অবিৰাম ভাবে আতঙ্কত থাকা। সেই অত্যাচাৰীসকলৰ ক্ৰোধ ক’ত ?
Jeremiah 10:12 in Assamese 12 তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Jeremiah 32:17 in Assamese 17 “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
Jeremiah 51:15 in Assamese 15 তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Acts 14:15 in Assamese 15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, এই জগত, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেইজনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
Acts 17:24 in Assamese 24 ঈশ্বৰ, যি জন এই জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু এই জগতৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।
Romans 1:20 in Assamese 20 কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে। তাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকক জনালে, যাতে পাছত একো নাজানো বুলি আপত্তি কৰিবলৈ কোনো কাৰণ নাথাকে;
Romans 11:33 in Assamese 33 ঈশ্বৰ জ্ঞান আৰু বুদ্ধিত গভীৰ ভাবে ধনৱান! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
Colossians 1:16 in Assamese 16 কিয়নো যি যি স্বৰ্গত আৰু এই জগতত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
Hebrews 1:2 in Assamese 2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হ’বলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে।
Revelation 4:11 in Assamese 11 ‘হে আমাৰ প্ৰভু, আমাৰ ঈশ্বৰ, তুমিয়েই মহিমা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য; কিয়নো তুমিয়েই সকলোকে স্ৰজিলা, তোমাৰ ইচ্ছাৰ কাৰণে সকলোবোৰ আছে, আৰু সকলোবোৰ সৃষ্ট হ’ল।”