Jeremiah 50:34 in Assamese 34 তেওঁবিলাকৰ মুক্তিদাতা বলৱান, তেওঁৰ নাম বাহিনীবিলাকৰ যিহোৱা; তেওঁ পৃথিৱীক বিশ্ৰাম দিবৰ নিমিত্তে আৰু বাবিল নিবাসীবিলাকক অস্থিৰ কৰিবৰ নিমিত্তে তেওঁবিলাকৰ অভিযোগ সম্পূৰ্ণকৈ প্ৰতিবাদ কৰিব।
Other Translations King James Version (KJV) Their Redeemer is strong; the LORD of hosts is his name: he shall throughly plead their cause, that he may give rest to the land, and disquiet the inhabitants of Babylon.
American Standard Version (ASV) Their Redeemer is strong; Jehovah of hosts is his name: he will thoroughly plead their cause, that he may give rest to the earth, and disquiet the inhabitants of Babylon.
Bible in Basic English (BBE) Their saviour is strong; the Lord of armies is his name: he will certainly take up their cause, so that he may give rest to the earth and trouble to the people of Babylon.
Darby English Bible (DBY) Their Redeemer is strong; Jehovah of hosts is his name: he will thoroughly plead their cause, that he may give rest to the land, and disquiet the inhabitants of Babylon.
World English Bible (WEB) Their Redeemer is strong; Yahweh of Hosts is his name: he will thoroughly plead their cause, that he may give rest to the earth, and disquiet the inhabitants of Babylon.
Young's Literal Translation (YLT) Their Redeemer `is' strong, Jehovah of Hosts `is' His name, He doth thoroughly plead their cause, So as to cause the land to rest, And He hath given trouble to the inhabitants of Babylon.
Cross Reference Exodus 6:6 in Assamese 6 এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায়-বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।
Psalm 35:1 in Assamese 1 হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
Psalm 43:1 in Assamese 1 হে ঈশ্বৰ, মোৰ বিচাৰ কৰা; ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা; ছল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা।
Proverbs 22:23 in Assamese 23 কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব।
Proverbs 23:11 in Assamese 11 কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব।
Isaiah 14:3 in Assamese 3 সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব।
Isaiah 41:14 in Assamese 14 হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাৰ মুক্তিদাতা।
Isaiah 43:14 in Assamese 14 তোমালোকৰ মুক্তিদাতা ইস্ৰায়েলৰ পবিত্ৰ জনা যিহোৱাই এই কথা কৈছে, “মই তোমালোকৰ বাবে বাবিললৈ লোক পঠালোঁ, আৰু মই তেওঁলোকৰ সকলোকে পলাতক অৱস্থাত লৈ যাম, মই কলদীয়াসকলক তেওঁলোকৰ আনন্দ কৰাৰ পৰা বিলাপলৈ পৰিনত কৰিম।
Isaiah 44:6 in Assamese 6 ইস্ৰায়েলৰ ৰজাক , তেওঁৰ মুক্তিকৰ্ত্তা,বাহিনীসকলৰ যিহোৱাই এই দৰে কৈছে; “ময়েই আদি, আৰু ময়েই অন্ত; মোৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
Isaiah 44:23 in Assamese 23 হে আকাশ মণ্ডল গান কৰা, কাৰণ যিহোৱাই এই কাৰ্য সিদ্ধ কৰিলে; হে পৃথিবীৰ অধঃস্থান, জয়ধ্বনি কৰা; হে পৰ্বতবোৰ, হে অৰণ্য আৰু তাৰ মাজত থকা সকলো গছ, আনন্দ গান কৰি উৎফলিত হোৱা; কিয়নো যিহোৱাই যাকোবক মুক্ত কৰিলে, আৰু ইস্ৰায়েলৰ মাজত নিজৰ গৌৰৱ প্রকাশ কৰিব।
Isaiah 47:4 in Assamese 4 আমাৰ মুক্তি দাতাৰ নাম, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা।
Isaiah 51:22 in Assamese 22 তোমালোকৰ ঈশ্বৰ,তোমালোকৰ প্ৰভু যিহোৱা, যিজনে তেওঁৰ লোকসকলৰ বাবে মিনতি কৰে,তেওঁ এই কথা কৈছে: “চোৱা মই ঢলংপলং কৰা পান-পাত্ৰৰ পৰা তোমালোকৰ হাত ললোঁ, এনে কি, মোৰ ক্ৰোধৰ পান-পাত্ৰৰ পৰাও ললোঁ, তোমালোকে পুনৰ তাক পান নকৰিবা।
Isaiah 54:5 in Assamese 5 তোমালোকৰ সৃষ্টিকর্তাই তোমালোকৰ স্বামী; তেওঁৰ নাম বাহিনীসকলৰ যিহোৱা। ইস্ৰায়েলৰ পবিত্ৰ জনা তোমালোকৰ মুক্তিদাতা; তেওঁ সমগ্র পৃথিবীৰ ঈশ্বৰ বুলি প্রখ্যাত।
Jeremiah 15:21 in Assamese 21 আৰু দুষ্টবোৰৰ হাতৰ পৰা মই তোমাক উদ্ধাৰ কৰিম, আৰু ভয়ানকবোৰৰ হাতৰ পৰা তোমাক মুক্ত কৰিম।”
Jeremiah 51:19 in Assamese 19 যাকোবৰ অংশ সেইবোৰৰ নিচিনা নহয়; কিয়নো তেওঁ সকলোৰে নিৰ্ম্মানকৰ্ত্তা আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীবিলাকৰ যিহোৱা তেওঁৰ নাম।
Jeremiah 51:36 in Assamese 36 এই হেতুকে যিহোৱাই এই কথা কৈছে, চোৱা, মই তোমাৰ অভিযোগ প্ৰতিবাদ কৰিম, আৰু তোমাৰ নিমিত্তে প্ৰতিকাৰ সাধিম; মই তাৰ সমুদ্ৰ, জলশূণ্য কৰিম আৰু তাৰ ভূমূক শুকুৱাম।
Micah 4:10 in Assamese 10 চিয়োন জীয়ৰী, বেদনা অনুভৱ কৰা, প্রসৱ কৰিবলৈ লোৱা মহিলাৰ দৰে, উৎপন্ন কৰিবলৈ পৰিশ্রম কৰা, কাৰণ তোমালোক এতিয়া নগৰৰ পৰা বাহিৰ ওলাই গৈ, পথাৰত থাকিব লাগিব, আৰু বাবিললৈ যাব লাগিব; সেই ঠাইতে তোমালোকে উদ্ধাৰ পাবা, সেই ঠাইতেই যিহোৱাই তোমাৰ শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব।
Micah 7:9 in Assamese 9 কাৰণ মই যিহোৱাৰ অহিতে পাপ কৰিলোঁ, তেওঁ মোৰ বিষয়ে বিচাৰ নকৰালৈকে, মই তেওঁৰ ক্ৰোধ সহন কৰিম, আৰু তেওঁ মোৰ বাবে ন্যায় বিচাৰ কৰিব, তেওঁ মোক পোহৰলৈ আনিব, তেতিয়া ন্যায় বিচাৰেৰে তেওঁ মোক ৰক্ষা কৰা, মই দেখিবলৈ পাম।
2 Thessalonians 1:6 in Assamese 6 ঈশ্বৰৰ দৃষ্টিত ন্যায়-বিচাৰ এই, যি সকলে আপোনালোকক ক্লেশ দিয়ে, তেওঁ সেই সকলক নিশ্চয় ক্লেশ দিব,
Revelation 18:8 in Assamese 8 সেই বাবে তাইৰ সকলো উৎপাত: মৃত্যু শোক আৰু আকাল; একেদিনাই উপস্থিত হ’ব৷ তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।
Revelation 19:1 in Assamese 1 এইবোৰ ঘটনা ঘটাৰ পাছত, মই স্বৰ্গত থকা বৃহৎ এদল মানুহৰ মহাধ্বনি শুনিলোঁ, বোলে, “হাল্লিলুয়া৷ পৰিত্ৰাণ, মহিমা আৰু পৰাক্ৰম আমাৰ ঈশ্বৰৰ৷