Jeremiah 50:17 in Assamese 17 ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদৰেচৰে তাৰ হাড়বোৰ ভাঙিলে।
Other Translations King James Version (KJV) Israel is a scattered sheep; the lions have driven him away: first the king of Assyria hath devoured him; and last this Nebuchadrezzar king of Babylon hath broken his bones.
American Standard Version (ASV) Israel is a hunted sheep; the lions have driven him away: first, the king of Assyria devoured him; and now at last Nebuchadrezzar king of Babylon hath broken his bones.
Bible in Basic English (BBE) Israel is a wandering sheep; the lions have been driving him away: first he was attacked by the king of Assyria, and now his bones have been broken by Nebuchadrezzar, king of Babylon.
Darby English Bible (DBY) Israel is a hunted sheep; the lions have driven him away: first the king of Assyria devoured him, and last this Nebuchadrezzar king of Babylon hath broken his bones.
World English Bible (WEB) Israel is a hunted sheep; the lions have driven him away: first, the king of Assyria devoured him; and now at last Nebuchadrezzar king of Babylon has broken his bones.
Young's Literal Translation (YLT) A scattered sheep is Israel, lions have driven away, At first, devour him did the king of Asshur, And now, at last, broken his bone Hath Nebuchadrezzar king of Babylon.
Cross Reference 2 Kings 15:29 in Assamese 29 ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচূৰৰ ৰজা তিগ্লৎ-পিলেতৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
2 Kings 17:6 in Assamese 6 হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
2 Kings 18:9 in Assamese 9 যিহূদাৰ ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্থ বছৰত, অৰ্থাৎ এলাৰ পুত্ৰ ইস্রায়েলৰ ৰজা হোচেয়াৰ ৰাজত্বৰ সপ্তম বছৰত, অচূৰৰ ৰজা চল্মনেচৰে চমৰিয়াৰ বিৰুদ্ধে আহি নগৰখন অৱৰোধ কৰিলে।
2 Kings 24:1 in Assamese 1 যিহোৱাকীমৰ ৰাজত্বৰ সময়ত বেবিলনৰ ৰজা নবুখদনেচৰে যিহূদা দেশ আক্রমণ কৰিলে। যিহোৱাকীম তিনি বছৰ তেওঁৰ অধীনত আছিল। কিন্তু পাছত তেওঁ নবুখদনেচৰৰ বিৰুদ্ধে বিদ্রোহ কৰিলে।
2 Chronicles 28:20 in Assamese 20 পাছত অচুৰৰ তিলগৎ পিলনেচৰ ৰজা তেওঁৰ ওচৰলৈ আহি তেওঁক বলৱান নকৰি তেওঁক কষ্টহে দিলে।
2 Chronicles 32:1 in Assamese 1 এই সকলো কাৰ্যৰ আৰু বিশ্বস্ত আচৰণৰ পাছত, অচূৰৰ ৰজা চনহেৰীবে আহি যিহূদাৰ দেশত আহিল; তেওঁ সেই ঠাইত ছাউনি পাতিছিল কিয়নো তেওঁ গড়েৰে আবৃত নগৰবোৰ আক্ৰমণ কৰি গড় ভাঙি তাক নিজৰ কৰিবলৈ মন কৰিছিল।
2 Chronicles 33:11 in Assamese 11 এই কাৰণে যিহোৱাই তেওঁলোকৰ বিৰুদ্ধে অচুৰৰ ৰজাৰ সেনাপতি সকলক আনিলে; তেওঁলোকে মনচিক ধৰি হাকোঁতা লগাই শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল।
2 Chronicles 36:1 in Assamese 1 পাছত দেশৰ লোকসকলে যোচিয়াৰ পুত্ৰ যিহোৱাহজক লৈ যিৰূচালেমত তেওঁৰ পিতৃৰ পদত ৰজা পাতিলে।
Isaiah 7:17 in Assamese 17 যিহূদাৰ পৰা ইফ্ৰয়িম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যিহোৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ, আৰু তোমাৰ পিতৃ-বংশলৈ তেনেকুৱা দিন আনিব আৰু তোমালোকৰ ওপৰত অচূৰৰ ৰজাক নিযুক্ত কৰিব।”
Isaiah 8:7 in Assamese 7 এই কাৰণে প্ৰভুৱে নদীৰ প্ৰৱল আৰু প্ৰচুৰ জলসমুহ ৰজা অচূৰীয়া আৰু তেওঁৰ সকলো প্ৰতাপৰ ওপৰলৈ আনিব; সি সকলো সুঁতি পূৰ কৰিব, আৰু পাৰৰ ওপৰেদি বাগৰি যাব।
Isaiah 10:5 in Assamese 5 অচূৰৰ লোকসকলৰ সন্তাপ হওক, মোৰ ক্ৰোধৰ দণ্ডডাল, যি দণ্ডডালেৰে মোৰ ক্রোধক মই পৰিচালনা কৰো!
Isaiah 36:1 in Assamese 1 ৰজা হিষ্কিয়াৰ ৰাজত্বৰ চতুৰ্দ্দশ বছৰত, অচীৰৰ ৰজা চনহেৰীবে, গড়েৰে আবৃত যিহূদাৰ সকলো নগৰবোৰ আক্রমন কৰে আৰু সেইবোৰ অধিকাৰ কৰে।
Isaiah 47:6 in Assamese 6 মই মোৰ প্ৰজাসকলৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ আধিপত্য অপবিত্ৰ কৰিলোঁ; আৰু তেওঁলোকক আপোনাৰ হাতত দিলো, কিন্তু আপুনি তেওঁলোকলৈ একো দয়া নেদেখুৱালে, আপুনি বৃদ্ধসকলৰ ওপৰত অতি গধুৰ যুৱলি দিলে।
Jeremiah 2:15 in Assamese 15 তেন্তে তেওঁলোকে কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জ্জিছে, গৰ্জ্জন কৰিছে; সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে। তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে।
Jeremiah 4:7 in Assamese 7 এটা সিংহই নিজ গাঁতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
Jeremiah 5:6 in Assamese 6 এই কাৰণে কাঠনিৰ পৰা সিংহ আহি তেওঁলোকক বধ কৰিব। সন্ধ্যাবেলাত ওলোৱা ৰাংকুকুৰে তেওঁলোকক বিনষ্ট কৰিব। নাহৰফুটুকী বাঘে তেওঁলোকৰ নগৰৰ ওচৰত খাপ দি থাকিব। যেয়ে নগৰৰ পৰা বাহিৰ ওলাব, তাক চিৰাচিৰ কৰা হ’ব। কাৰণ তেওঁলোকৰ অধৰ্ম্ম অধিক আৰু তেওঁলোকৰ বিপথগমন সৰহ।
Jeremiah 23:1 in Assamese 1 “যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ ভেড়াবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
Jeremiah 39:1 in Assamese 1 পাছত যিৰূচালেম শত্রুৰ হাতত পৰা সময়ত, যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ নৱম বছৰৰ দশম মাহত বাবিলৰ ৰজা নবূখদৰেচৰ আৰু তেওঁৰ সকলো সৈন্য-সামন্তই যিৰূচালেমৰ বিৰুদ্ধে আহি তাক অৱৰোধ কৰিলে।
Jeremiah 49:19 in Assamese 19 চোৱা, যৰ্দ্দনৰ শোভস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে?
Jeremiah 50:6 in Assamese 6 মোৰ প্ৰজাবিলাক হেৰোৱা ভেড়াস্বৰূপ হ’ল; তেওঁবিলাকৰ ৰখীয়াবিলাকে তেওঁবিলাকক বিপথগামী কৰিলে, পৰ্ব্বতবোৰত তেওঁবিলাকৰ বাট হেৰোৱালে; তেওঁবিলাক এক পৰ্ব্বতৰ পৰা আন পৰ্ব্বতলৈ গ’ল, তেওঁবিলাকে নিজৰ শুৱা ঠাই পাহৰিলে।
Jeremiah 51:34 in Assamese 34 বাবিলৰ ৰজা নবুখদৰেচৰে মোক গ্ৰাস কৰিলে, মোক গুৰি কৰিলে, মোক শূণ্যপাত্ৰ কৰিলে, মোক নাগৰ দৰে গিলি পেলালে, মোৰ সু-স্বাদু বস্তুৰে উদৰ পূৰ কৰিলে, আৰু মোক বাহিৰলৈ পেলালে।
Jeremiah 51:38 in Assamese 38 সিহঁতে ডেকা সিংহৰ নিচিনাকৈ একেলগে গৰ্জ্জন কৰিব; সিহঁতে সিংহৰ পোৱালিৰ নিচিনাকৈ গোঁজৰিব।
Jeremiah 52:1 in Assamese 1 চিদিকিয়াই একৈশ বছৰ বয়সত ৰজা হৈ যিৰূচালেমত এঘাৰ বছৰ ৰাজত্ব কৰিলে; তেওঁৰ মাকৰ নাম লিবনা-নিবাসী যিৰিমিয়াৰ জীয়েক হমূটল।
Ezekiel 34:5 in Assamese 5 তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
Ezekiel 34:12 in Assamese 12 নিজ ভেড়াবোৰৰ মাজত থকা দিনা ভেড়া-ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজৰ ভেড়াৰ জাকক বিচাৰি উলিওৱাৰ দৰে, মই মোৰ ভেড়াৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা, সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম।
Daniel 6:24 in Assamese 24 ৰজাই আজ্ঞা দিয়াত, দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তানসকল, আৰু ভাৰ্যা সকলক সিংহৰ গাঁতত পেলোৱা হ’ল। তাতে তেওঁলোক গাঁতৰ তলত নাপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে।
Joel 3:2 in Assamese 2 মই সকলো জাতিক গোটাই যিহোচাফটৰ যি(হোৱাৰ বিচাৰ) উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম, কিয়নো মোৰ প্ৰজাবোৰক আৰু মোৰ যি উত্তৰাধিকাৰ স্বৰূপ ইস্ৰায়েলক তেওঁলোকে জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিলে, আৰু তেওঁলোকে মোৰ দেশ ভাগ বাঁটি ল’লে।
Matthew 9:36 in Assamese 36 তাতে লোক সকলৰ ভিৰ দেখা পাই, তেওঁলোকৰ প্রতি যীচুৰ মৰম লাগিল; কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেষৰ নিচিনা ক্লান্ত আৰু অসহায় আছিল।
Luke 15:4 in Assamese 4 তেনেহলে তেওঁ সেই নিৰানব্বৈটা মেষক হাবিৰ মাজতে এৰি হেৰুৱাটোক বিচাৰি নাযাব নে?
John 10:10 in Assamese 10 চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
1 Peter 2:25 in Assamese 25 আপোনালোকে সকলোৱে ভ্ৰান্ত মেষৰ নিচিনাকৈ ভ্ৰমি ফুৰিছিল; কিন্তু এতিয়া আপোনালোকৰ প্ৰাণৰ ৰক্ষক আৰু অধ্যক্ষৰ ওচৰলৈ আপোনালোক উভতি আহিছে৷