Jeremiah 5:31 in Assamese 31 ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
Other Translations King James Version (KJV) The prophets prophesy falsely, and the priests bear rule by their means; and my people love to have it so: and what will ye do in the end thereof?
American Standard Version (ASV) the prophets prophesy falsely, and the priests bear rule by their means; and my people love to have it so: and what will ye do in the end thereof?
Bible in Basic English (BBE) The prophets give false words and the priests give decisions by their direction; and my people are glad to have it so: and what will you do in the end?
Darby English Bible (DBY) the prophets prophesy falsehood, and the priests rule by their means; and my people love [to have it] so. But what will ye do in the end thereof?
World English Bible (WEB) the prophets prophesy falsely, and the priests bear rule by their means; and my people love to have it so: and what will you do in the end of it?
Young's Literal Translation (YLT) The prophets have prophesied falsely, And the priests bear rule by their means, And My people have loved `it' so, And what do they at its latter end?
Cross Reference Deuteronomy 32:29 in Assamese 29 তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
Isaiah 10:3 in Assamese 3 বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
Isaiah 20:6 in Assamese 6 সেই দিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক’ব, “বাস্তৱিকতে, অচূৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে য’লৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা; তেনেহ’লে আমি কেনেকৈ ৰক্ষা পাম?”
Isaiah 30:10 in Assamese 10 তেওঁলোকে দৰ্শনকাৰী সকলক কয়, “দৰ্শন নাচাবা;” আৰু ভাববাদীসকলক কয়, “আমালৈ সত্যবাক্যৰ যথাৰ্থ ভাববাণী নকবা; আমাৰ আগত খোচামোদী বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা।
Isaiah 33:14 in Assamese 14 চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মী জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?
Jeremiah 4:30 in Assamese 30 এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
Jeremiah 14:14 in Assamese 14 তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
Jeremiah 22:22 in Assamese 22 বতাহে তোমাৰ ভেড়া-ৰখীয়াসকলক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী-অৱস্থালৈ যাব। তেতিয়া অৱশ্যে তুমি তোমাৰ দুষ্টতাৰ বাবে লাজ পাবা আৰু বিবৰ্ণ হবা।
Jeremiah 23:25 in Assamese 25 ‘মই সপোন দেখিলোঁ! মই সপোন দেখিলোঁ!’ এই বুলি কৈ মোৰ নামেৰে মিছা ভাববাণী প্ৰচাৰ কৰোঁতা ভাবাবদীসকলে কোৱা কথা মই শুনিলোঁ।
Lamentations 1:9 in Assamese 9 তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল!
Lamentations 2:14 in Assamese 14 তোমাৰ ভাববাদীসকলে তোমাৰ পক্ষে মিছা আৰু মুৰ্খতাৰ দৰ্শন পালে। আৰু তোমাৰ সম্পত্তিবোৰ পুনৰায় ঘূৰাই পাবলৈ তেওঁলোকে তোমাৰ অপৰাধবোৰ প্ৰকাশ নকৰিলে, কিন্তু তেওঁলোকে দৰ্শন পাই তোমাৰ পক্ষে অসাৰ্থক বাণী আৰু দেশান্তৰৰ কাৰণ প্ৰচাৰ কৰিলে।
Ezekiel 13:6 in Assamese 6 যিহোৱাই কৈছে এই বুলি কওঁতাসকলে অনৰ্থক দৰ্শন পায়, মিছা মঙ্গল চায়’।” আৰু যিহোৱাই নপঠোৱাকৈয়ে বাক্য সিদ্ধ হ’ব বুলি বাট চাই থাকে।
Ezekiel 22:14 in Assamese 14 মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই, যিহোৱাই ইয়াক ক’লোঁ আৰু মই ইয়াক সিদ্ধও কৰিম।
Micah 2:6 in Assamese 6 “ভাববাণী প্ৰচাৰ নকৰিবা,” তেওঁলোকে কয়, “তেওঁলোকে এইবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা উচিত নহয়; আৰু নিন্দা অহা উচিত নহয়।”
Micah 2:11 in Assamese 11 মিথ্যা আত্মা আৰু মিছা কথাৰে কোনো এজনে যদি তোমাৰ ওচৰলৈ আহি কয়, “মই দ্ৰাক্ষাৰস আৰু সুৰা পানৰ বিষয়ে তোমাৰ আগত ভাববাণী প্ৰচাৰ কৰিম;” তেনেহ’লে তেওঁক এই লোকসকলৰ কাৰণে ভাববাদী হ’বলৈ বিবেচনা কৰা হ’ব।
Micah 3:11 in Assamese 11 তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
Zephaniah 2:2 in Assamese 2 কিয়নো দণ্ডাজ্ঞাৰ আদেশ জাৰি হোৱাৰ আগেয়ে, সেই দিন তুঁহৰ দৰে উৰি অহাৰ আগেয়ে; যিহোৱাৰ জ্বলন্ত ক্রোধ আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, যিহোৱাৰ ক্রোধৰ দিন আপোনালোকৰ ওপৰলৈ অহাৰ আগেয়ে, আপোনালোক একত্রিত হওঁক!
Matthew 7:15 in Assamese 15 ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেষৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ৰাংকুকুৰ।
John 3:19 in Assamese 19 সোধ-বিচাৰৰ কাৰণ এয়ে যে, জগতলৈ পোহৰ আহিল, কিন্তু মানুহে পোহৰতকৈ আন্ধাৰক অধিক প্ৰেম কৰিলে; কাৰণ তেওঁলোকৰ কৰ্ম মন্দ আছিল।
2 Corinthians 11:13 in Assamese 13 কিয়নো তেনেকুৱা মানুহ ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্যকাৰী; তেওঁলোক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ।
2 Thessalonians 2:9 in Assamese 9 চয়তানৰ শক্তিত সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্রম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব;
2 Timothy 4:3 in Assamese 3 কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব।
2 Peter 2:1 in Assamese 1 অতীতত ইস্রায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব, এয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক (মুক্তিৰ অৰ্থে) কিনি ল’লে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।