Jeremiah 49:7 in Assamese 7 ইদোমৰ বিষয়। বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
Other Translations King James Version (KJV) Concerning Edom, thus saith the LORD of hosts; Is wisdom no more in Teman? is counsel perished from the prudent? is their wisdom vanished?
American Standard Version (ASV) Of Edom. Thus saith Jehovah of hosts: Is wisdom no more in Teman? is counsel perished from the prudent? is their wisdom vanished?
Bible in Basic English (BBE) About Edom. This is what the Lord of armies has said. Is there no more wisdom in Teman? have wise suggestions come to an end among men of good sense? has their wisdom completely gone?
Darby English Bible (DBY) Concerning Edom. Thus saith Jehovah of hosts: Is there no more wisdom in Teman? is counsel perished from the prudent? is their wisdom spent?
World English Bible (WEB) Of Edom. Thus says Yahweh of Hosts: Is wisdom no more in Teman? is counsel perished from the prudent? is their wisdom vanished?
Young's Literal Translation (YLT) Concerning Edom: `Thus said Jehovah of Hosts: Is wisdom no more in Teman? Perished hath counsel from the intelligent? Vanished hath their wisdom?
Cross Reference Genesis 25:30 in Assamese 30 তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম ৰঙা হ’ল।
Genesis 27:41 in Assamese 41 পাছত যাকোবে তেওঁৰ পিতৃৰ পৰা আশীৰ্ব্বাদ লাভ কৰাৰ কাৰণে এচৌৱে তেওঁক ঘিণ কৰিবলৈ ধৰিলে। তেওঁ নিজ মনতে ক’লে, “মোৰ পিতৃৰ বাবে শোকৰ দিন ওচৰ চাপি আহিছে; তাৰ পাছতে মই মোৰ ভাই যাকোবক বধ কৰিম।”
Genesis 36:8 in Assamese 8 সেয়ে এচৌয়ে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
Genesis 36:11 in Assamese 11 ইলীফজৰ পুত্ৰসকল হ’ল তৈমন, ওমাৰ, চফো, গয়িতম আৰু কনজ।
Genesis 36:15 in Assamese 15 এচৌৰ বংশৰ সন্তানসকলৰ মাজত এইসকলেই অধিপতি হৈছিল - এচৌৰ জ্যেষ্ঠ পুত্ৰ ইলীফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ’ল- তৈমন, ওমাৰ, চফো, কনজ অধিপতি।
Genesis 36:34 in Assamese 34 যোববৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত তৈমনীয়সকলৰ দেশৰ হূচমে ৰাজত্ব কৰিছিল।
Numbers 20:14 in Assamese 14 পাছত মোচিয়ে কাদেচৰ পৰা ইদোমৰ ৰজাৰ গুৰিলৈ দূত পঠাই ক’লে, তোমাৰ ভায়েৰা ইস্ৰায়েলৰ এই কথা কৈছে: “আমালৈ যি সকলো দুখ ঘটিল, তাক তুমি জানি আছা।
Numbers 24:17 in Assamese 17 মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
Deuteronomy 23:7 in Assamese 7 কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।
1 Chronicles 1:53 in Assamese 53 কনজ, তৈমন, মিবচৰ,
Job 2:11 in Assamese 11 পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চপহীয়া বিল্দাদ আৰু নামাথী চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে।
Job 4:1 in Assamese 1 তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
Job 5:12 in Assamese 12 তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
Psalm 83:4 in Assamese 4 তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক, যাতে ইস্ৰায়েলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব।
Psalm 137:7 in Assamese 7 হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াসকলে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোৱঁৰণ কৰা; তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
Isaiah 19:11 in Assamese 11 চোৱণৰ ৰাজকুমাৰ সকল সম্পূৰ্ণ মূৰ্খ, আৰু ফৌৰণৰ সকলোতকৈ জ্ঞানী পৰামৰ্শদাতা সকলৰ মন্ত্রণা জ্ঞানশূন্য হ’ব। “মই জ্ঞানীলোকৰ পুত্ৰ, প্ৰাচীন ৰজাসকলৰ সন্তান,” এই বুলি ফৌৰণৰ আগত তোমালোক প্ৰতিজনে কেনেকৈ ক’ব পাৰা?
Isaiah 29:14 in Assamese 14 এই হেতুকে, চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে, আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম, তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ’ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব।
Isaiah 34:1 in Assamese 1 হে জাতিসমূহ ওচৰলৈ আহা আৰু শুনা, হে লোকসমূহ মনোযোগ দিয়া! পৃথিবী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক।
Isaiah 63:1 in Assamese 1 ইদোমৰ পৰা, বজ্রাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্ম্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
Jeremiah 18:18 in Assamese 18 তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
Jeremiah 25:9 in Assamese 9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
Jeremiah 25:21 in Assamese 21 ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তানসকলক, তূৰৰ সকলো ৰজাক;
Jeremiah 49:20 in Assamese 20 এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব।
Ezekiel 25:12 in Assamese 12 প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
Ezekiel 35:1 in Assamese 1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Daniel 11:41 in Assamese 41 তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।
Joel 3:19 in Assamese 19 যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
Amos 1:11 in Assamese 11 যিহোৱাই এই কথা কৈছে: “ইদোমৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো সকলো দয়া-মমতা ত্যাগ কৰি ইদোমে হাতত তৰোৱাল লৈ নিজ ভাইবোৰক খেদিলে; তেওঁলোকৰ ভয়ঙ্কৰ ক্ৰোধ অবিৰামে চলি আছিল আৰু তেওঁলোকে তাক চিৰকাল ধৰি ৰাখিছিল ।
Obadiah 1:1 in Assamese 1 ওবদিয়াৰ দৰ্শন। প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে চিন্তা কৰি ক’লে: আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালো। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।”
Habakkuk 3:3 in Assamese 3 ঈশ্বৰ তৈমনৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; চেলা। তেওঁৰ গৌৰৱে আকাশ-মণ্ডল আৱৰি ধৰিছিল, আৰু পৃথিবী তেওঁৰ প্ৰশংসাৰে পৰিপূৰ্ণ হৈছিল।
Malachi 1:3 in Assamese 3 তথাপিও মই যাকোবকহে প্ৰেম কৰিলোঁ; কিন্তু এচৌক অগ্রাহ্য কৰিলোঁ। মই তেওঁৰ পৰ্ব্বতবোৰ এক ধ্বংসস্থান কৰিলোঁ আৰু তেওঁৰ উত্তৰাধিকাৰ মৰুভূমিৰ শিয়ালবোৰক দিলোঁ।”
Romans 1:22 in Assamese 22 নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল;