Jeremiah 49:1 in Assamese 1 অম্মোনৰ সন্তানবিলাকৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে?
Other Translations King James Version (KJV) Concerning the Ammonites, thus saith the LORD; Hath Israel no sons? hath he no heir? why then doth their king inherit Gad, and his people dwell in his cities?
American Standard Version (ASV) Of the children of Ammon. Thus saith Jehovah: Hath Israel no sons? hath he no heir? why then doth Malcam possess Gad, and his people well in the cities thereof?
Bible in Basic English (BBE) About the children of Ammon. These are the words of the Lord: Has Israel no sons? has he no one to take the heritage? why then has Milcom taken Gad for himself, putting his people in its towns?
Darby English Bible (DBY) Concerning the children of Ammon. Thus saith Jehovah: Hath Israel no sons? hath he no heir? Why is Malcam heir of Gad, and his people dwell in the cities thereof?
World English Bible (WEB) Of the children of Ammon. Thus says Yahweh: Has Israel no sons? has he no heir? why then does Malcam possess Gad, and his people well in the cities of it?
Young's Literal Translation (YLT) Concerning the sons of Ammon: `Thus said Jehovah: Sons -- hath Israel none? heir -- hath he none? Wherefore hath Malcam possessed Gad? And his people in its cities have dwelt?
Cross Reference Genesis 19:38 in Assamese 38 পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি (আমাৰ বংশৰ সন্তান) থ’লে; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।
Deuteronomy 2:19 in Assamese 19 তোমালোকে যেতিয়া অম্মোনৰ লোকসকলৰ কাষত গৈ উপস্থিত হ’বা, তেতিয়া তেওঁলোকক বিৰক্ত নকৰিবা আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধও নকৰিবা। কিয়নো, অম্মোনীয়াসকলৰ দেশৰ কোনো অংশই মই তোমালোকক অধিকাৰ কৰিবলৈ নিদিওঁ; কাৰণ, লোটৰ বংশধৰসকলক মই অধিকাৰৰ অৰ্থে এই নগৰ দিলোঁ।”
Deuteronomy 23:3 in Assamese 3 কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
Judges 10:7 in Assamese 7 সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু ফিলিষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
Judges 11:13 in Assamese 13 অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
1 Samuel 11:1 in Assamese 1 অম্মোনীয়া নাহচে উঠি আহি যাবেচ-গিলিয়দৰ বিৰুদ্ধে ছাউনি পাতিলে। যাবেচৰ আটাই লোকে নাহচক ক’লে, “আপুনি আমাৰ সৈতে এটা চুক্তি কৰক; তেতিয়াহে আমি আপোনাৰ অধীনত থাকিম।”
2 Kings 10:33 in Assamese 33 তেওঁ যর্দন নদীৰ পূব ফালৰ পৰা, অর্ণোন উপত্যকাৰ ওচৰত থকা অৰোয়েৰ পর্যন্ত, সমগ্র গিলিয়দ আৰু বাচন অঞ্চল জয় কৰিলে; সেই ঠাইবোৰ গাদ, ৰূবেণ আৰু মনচি জনগোষ্ঠীৰ অঞ্চল আছিল।
2 Kings 24:2 in Assamese 2 যিহোৱাই যিহোৱাকীমৰ বিৰুদ্ধে কলদীয়া(বেবিলন), অৰামীয়া, মোৱাবীয়া আৰু অম্মোনীয়া লুট কৰোতা দলসমূহক পঠালে। যিহোৱাই তেওঁৰ দাস ভাৱবাদীসকলৰ দ্বাৰাই যি কথা ঘোষণা কৰিছিল, সেই অনুসাৰে যিহূদা দেশক বিনষ্ট কৰিবলৈ তেওঁ তেওঁলোকক পঠালে।
2 Chronicles 20:1 in Assamese 1 তাৰ পাছত মোৱাবৰ সন্তানসকল, অম্মোনীয়াৰ সন্তানসকল আৰু তেওঁলোকৰ লগত কিছুমান মায়োনীয়া লোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল৷
2 Chronicles 20:23 in Assamese 23 কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তানসকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।
Nehemiah 2:19 in Assamese 19 কিন্তু হোৰোণীয়া চনবল্লট, আম্মোনীয়া টোবিয়া দাস আৰু আৰবীয়া গেচমে এই কথা শুনি আমাক উপহাস কৰিলে; আৰু আমাক হেয়জ্ঞান কৰি ক’লে, “তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা নে?”
Nehemiah 4:7 in Assamese 7 যিৰূচালেমৰ দেৱাল মেৰামত কৰা কাম চলি আছে, আৰু তাৰ ভগা ঠাইবোৰ বন্ধ কৰিবলৈ আৰম্ভ কৰা হৈছে, ইয়াকে শুনি চনবল্লট আৰু টোবিয়াই, আৰু আৰাবীয়া, আম্মোনীয়া, আৰু অচদোদীয়াৰ লোকসকল অতিশয় ক্ৰোদ্ধাম্বিত হ’ল।
Nehemiah 13:1 in Assamese 1 সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
Psalm 9:6 in Assamese 6 শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
Psalm 83:7 in Assamese 7 গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তুৰ নিবাসীসকলৰ সৈতে ফিলিষ্টীয়াসকল;
Jeremiah 25:9 in Assamese 9 চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবুখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
Jeremiah 25:21 in Assamese 21 ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তানসকলক, তূৰৰ সকলো ৰজাক;
Jeremiah 27:3 in Assamese 3 আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দুতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোলৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া।
Jeremiah 48:1 in Assamese 1 মোৱাবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “হায় হায় নবো! কিয়নো সেয়ে উচ্ছন্ন হ’ল; কিৰিয়াথয়িমে লাজ পালে, ধৰা পৰিল; মিচগবে লাজ পালে আৰু ব্যাকুল হ’ল।
Jeremiah 49:7 in Assamese 7 ইদোমৰ বিষয়। বাহিনীবিলাকৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল?
Jeremiah 49:23 in Assamese 23 দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে।
Jeremiah 49:28 in Assamese 28 বাবিলৰ ৰজা নবুখদৰেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানবিলাকক বিনষ্ট কৰা।
Ezekiel 21:28 in Assamese 28 হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তানসকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে!
Ezekiel 25:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তানসকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
Amos 1:13 in Assamese 13 যিহোৱাই এই কথা কৈছে: “অম্মোনৰ লোকসকলৰ তিনিটা, এনে কি চাৰিটা অপৰাধৰ কাৰণে মই তাক দণ্ড নিদিয়াকৈ নাথাকিম; কিয়নো নিজৰ সীমা বঢ়াবৰ কাৰণে তেওঁলোকে গিলিয়দৰ গৰ্ভৱতী মহিলাসকলৰ উদৰ ফালিলে।
Zephaniah 2:8 in Assamese 8 “মই মোৱাবে কৰা উপহাস আৰু অম্মোনৰ সন্তানবোৰে কৰা গালি-শপনিবোৰ শুনিলো; তেওঁলোকে মোৰ লোকসকলক তিৰস্কাৰ কৰিলে আৰু নিজৰ দেশ বঢ়াবলৈ লোকসকলৰ অহিতে সীমা উলঙ্ঘন কৰিলে।”