Jeremiah 48:7 in Assamese 7 কিয়নো তুমি তোমাৰ কাৰ্য্যত আৰু তোমাৰ বহুমূল্য বস্তুত নিৰ্ভৰ কৰাৰ কাৰণে তুমিও ধৰা পৰিবা। আৰু তেতিয়া কমোচ, তাৰ পুৰোহিতসকল আৰু তাৰ প্ৰধান লোকসকল বন্দী-অৱস্থালৈ একেলগে ওলাই যাব।
Other Translations King James Version (KJV) For because thou hast trusted in thy works and in thy treasures, thou shalt also be taken: and Chemosh shall go forth into captivity with his priests and his princes together.
American Standard Version (ASV) For, because thou hast trusted in thy works and in thy treasures, thou also shalt be taken: and Chemosh shall go forth into captivity, his priests and his princes together.
Bible in Basic English (BBE) For because you have put your faith in your strong places, you, even you, will be taken: and Chemosh will go out as a prisoner, his priests and his rulers together.
Darby English Bible (DBY) For because thou hast confided in thy works and in thy treasures, thou also shalt be taken, and Chemosh shall go forth into captivity, his priests and his princes together.
World English Bible (WEB) For, because you have trusted in your works and in your treasures, you also shall be taken: and Chemosh shall go forth into captivity, his priests and his princes together.
Young's Literal Translation (YLT) For, because of thy trusting in thy works, And in thy treasures, even thou art captured, And gone out hath Chemosh in a removal, His priests and his heads together.
Cross Reference Numbers 21:29 in Assamese 29 হে মোৱাব!, তোমাৰ সন্তাপ হ’ল, আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট হ’লা; সি নিজৰ পুতেকসকলক পলাবলৈ, আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে, ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
Judges 11:24 in Assamese 24 আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
1 Kings 11:7 in Assamese 7 সেই সময়ত চলোমনে যিৰূচালেমৰ পূৱ দিশে থকা পৰ্বতত মোৱাবৰ ঘিণলগীয়া দেৱতা কমোচ আৰু অম্মোনৰ সন্তানসকলৰ ঘিণলগীয়া দেৱতা মোলকৰ কাৰণে এখন পবিত্ৰ ঠাই নিৰ্মাণ কৰিছিল।
1 Kings 11:33 in Assamese 33 কাৰণ তেওঁলোকে মোক ত্যাগ কৰিলে আৰু চিদোনীয়াসকলৰ অষ্টাৰেৎ দেৱীক, মোৱাবৰ কমোচ দেৱতাক আৰু অম্মোনৰ সন্তানসকলৰ মিলকম দেৱতাক সেৱা-পূজা কৰিলে৷ তেওঁলোকে নিজ পিতৃ দায়ূদৰ নিচিনাকৈ, মোৰ দৃষ্টিত যি ভাল তাক কৰিবলৈ আৰু মোৰ বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ তেওঁলোকে মোৰ পথত চলা নাই।
Psalm 40:4 in Assamese 4 ধন্য সেই লোক, যি জনে যিহোৱাৰ ওপৰত ভাৰসা কৰে; যি জনে অহঙ্কাৰীসকলৰ ফালে নুঘূৰে, নাইবা মিছা দেৱতাসকলৰ পাছত চলি অপথে যোৱাসকলৰ দিশে নুঘূৰে।
Psalm 49:6 in Assamese 6 সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহঙ্কাৰ কৰে।
Psalm 52:7 in Assamese 7 “চোৱা, সৌ জনে ঈশ্বৰৰ আশ্রয়ত নির্ভৰ নকৰিলে, কিন্তু প্ৰচুৰ ধনত ভাৰসা কৰিলে, দুষ্টতাৰ কার্যৰ দ্বাৰাই লাভ কৰা সম্পত্তিত আশ্রয় ল’লে।”
Psalm 62:8 in Assamese 8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰসকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয়স্থল। চেলা
Isaiah 46:1 in Assamese 1 বেল দেৱতা নত হ’ল, নবো দোঁ খালে, তেওঁলোকৰ মুৰ্ত্তিবোৰ সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
Isaiah 59:4 in Assamese 4 কোনেও ধাৰ্ম্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম্ম প্ৰসৱ কৰে।
Jeremiah 9:23 in Assamese 23 যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
Jeremiah 13:25 in Assamese 25 যিহোৱাই কৈছে, এয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ; কিয়নো তুমি মোক পাহৰিলা, আৰু মিছাত বিশ্বাস কৰিলা।
Jeremiah 43:12 in Assamese 12 আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰ ৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
Jeremiah 48:13 in Assamese 13 ইস্ৰায়েল বংশই নিজ বিশ্বাসৰ ভূমি বৈৎএলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমোচৰ বিষয়ে লাজ পাব।
Jeremiah 48:46 in Assamese 46 হায় হায় মোৱাব! কমোচৰ প্ৰজাসকলৰ সৰ্ব্বনাশ হ’ল, কাৰণ তোমাৰ পুত্রসকলক বন্দী কৰি নিয়া হ’ল; আৰু তোমাৰ জীয়ৰিসকলক বন্দী অৱস্থালৈ নিয়া হ’ল।
Jeremiah 49:3 in Assamese 3 হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব।
Ezekiel 28:2 in Assamese 2 “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাসকলৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
Hosea 10:13 in Assamese 13 কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, ছলনাৰ ফল ভোগ কৰিলা; তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।
1 Timothy 6:17 in Assamese 17 যি সকল এই জগতত ধনৱন্ত, তেওঁলোকক এই আজ্ঞা দিয়া যে, তেওঁলোক উচ্চমনা নহওক আৰু তেওঁলোকে অনিশ্চিত ধন-সম্পদত ভাৰসা নকৰক৷ যি জনা ঈশ্বৰে ভোগ কৰিবলৈ সকলোকে বাহুল্যৰূপে আমাক দিছে, সেইজনা ঈশ্বৰত ভাৰসা কৰক৷
Revelation 18:7 in Assamese 7 তাই নিজকে যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল তাইক সিমান যাতনা আৰু শোক দিয়া৷ কিয়নো তাই মনতে কয়, ‘মই ৰাণীৰ দৰে হৈ বহি আছোঁ; মই বিধৱা নহওঁ আৰু মই শোকৰ দিন কেতিয়াও নেদেখিম’।