Jeremiah 47:4 in Assamese 4 কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা, প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব।
Other Translations King James Version (KJV) Because of the day that cometh to spoil all the Philistines, and to cut off from Tyrus and Zidon every helper that remaineth: for the LORD will spoil the Philistines, the remnant of the country of Caphtor.
American Standard Version (ASV) because of the day that cometh to destroy all the Philistines, to cut off from Tyre and Sidon every helper that remaineth: for Jehovah will destroy the Philistines, the remnant of the isle of Caphtor.
Bible in Basic English (BBE) Because of the day which is coming with destruction on all the Philistines, cutting off from Tyre and Zidon the last of their helpers: for the Lord will send destruction on the Philistines, the rest of the sea-land of Caphtor.
Darby English Bible (DBY) because of the day that cometh to lay waste all the Philistines, to cut off from Tyre and Sidon every helper that remaineth; for Jehovah will lay waste the Philistines, the remnant of the island of Caphtor.
World English Bible (WEB) because of the day that comes to destroy all the Philistines, to cut off from Tyre and Sidon every helper who remains: for Yahweh will destroy the Philistines, the remnant of the isle of Caphtor.
Young's Literal Translation (YLT) Because of the day that hath come to spoil all the Philistines, To cut off to Tyre and to Zidon every helping remnant. For Jehovah is spoiling the Philistines, The remnant of the isle of Caphtor.
Cross Reference Genesis 10:13 in Assamese 13 লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
Deuteronomy 2:23 in Assamese 23 কপ্তোৰৰ পৰা কপ্তোৰীয়াসকলে আহি অবীয়াসকলক উচ্ছন্ন কৰি তেওঁলোকৰ সেই ঠাইত বসতি কৰিছিল। অবীয়াসকল তেতিয়া গাজা পর্যন্ত সকলো গাওঁবোৰতে বাস কৰি আছিল।)
Joshua 22:30 in Assamese 30 যেতিয়া পীনহচ পুৰোহিত আৰু লোকসকলৰ অধক্ষ্যসকল অৰ্থাৎ তেওঁৰ লগৰ ইস্ৰায়েলৰ বংশৰ মুখীয়াল লোকসকলে ৰূবেণ, গাদৰ আৰু মনচিৰ সন্তানসকলৰ এই কথা শুনিলে, তেতিয়া তেওঁলোকে এই বিষয়টো বৰ ভাল দেখিলে।
1 Chronicles 1:12 in Assamese 12 পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা ফিলিষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
Job 9:13 in Assamese 13 ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
Psalm 37:13 in Assamese 13 প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে; কিয়নো তেওঁ দেখছে যে, তেওঁলোকৰ শেষ দিন চাপি আহিছে।
Isaiah 10:3 in Assamese 3 বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
Isaiah 20:6 in Assamese 6 সেই দিনা সাগৰৰ তীৰৰ দেশ নিবাসীসকলে ক’ব, “বাস্তৱিকতে, অচূৰীয়া ৰজাৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সহায়ৰ বাবে য’লৈ আমি পলাই গৈছিলোঁ, আমাৰ সেই আশাৰ এনে দশা; তেনেহ’লে আমি কেনেকৈ ৰক্ষা পাম?”
Isaiah 23:1 in Assamese 1 তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।
Isaiah 31:8 in Assamese 8 সেই সময়ত অচুৰীয়া লোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব,আৰু মানুহৰ দ্বাৰাই চালিত নোহোৱা তৰোৱালে তেওঁক গ্রাস কৰিব। তেওঁ তৰোৱালৰ পৰা পলাব, আৰু তেওঁৰ যুবকসকলক কঠিন পৰিশ্রম কৰিবলৈ বাধ্য কৰাব।
Jeremiah 25:20 in Assamese 20 তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতিসমুহক, উচ দেশৰ সকলো ৰজাক, পেলেষ্টিয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, ঘচা, ইক্ৰোণ, আৰু অচদোদৰ অৱশিষ্ট ভাগক,
Jeremiah 46:10 in Assamese 10 কিয়নো এই দিন বাহিনীসকলৰ প্ৰভূ যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভূ যিহোৱাৰ এক যজ্ঞ হৈছে।
Ezekiel 7:5 in Assamese 5 প্ৰভু যিহোৱাই এই কথা কৈছে: অমঙ্গল! কেৱল অমঙ্গলৰ পাছত অমঙ্গল! চোৱা, সেয়ে আহি পালেহি!
Ezekiel 7:12 in Assamese 12 সেই সময় উপস্থিত হৈ আহি আছে; সেই দিন ওচৰ চাপিছে, কিনোতাই আনন্দ নকৰক, বা বেচোঁতাই বেজাৰ নকৰক; যিহেতু মোৰ ক্ৰোধ সকলো লোকৰ ওপৰত উপস্থিত হ’ব!
Ezekiel 21:25 in Assamese 25 আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
Ezekiel 21:29 in Assamese 29 তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।
Ezekiel 25:16 in Assamese 16 এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমূদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম!
Ezekiel 26:1 in Assamese 1 পিছত একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Ezekiel 30:8 in Assamese 8 তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহাৰ্য্যকাৰীসকল নষ্ট হ’ব!
Hosea 9:7 in Assamese 7 ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাৱবাদীক নির্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
Joel 3:4 in Assamese 4 এতিয়া তোমালোকে মোৰ প্রতি কিয় খং কৰিছা, হে তুৰ, চীদোন আৰু ফিলিষ্টীয়াসকলৰ আটাই অঞ্চল? তোমালোকে মোক ক্ষতিপূৰণ দিয়া নে? যদি তোমালোকে মোক ক্ষতিপূৰণ দিয়া, তেতিয়া হ’লে মই অতি শীঘ্ৰে বেগেৰে গৈ তোমালোকে দিয়া ক্ষতিপূৰণৰ প্ৰতিফল তোমালোকৰ মূৰৰ ওপৰত দিম।
Amos 1:8 in Assamese 8 মই অচদোদৰ বাসিন্দাসকলক আৰু অস্কিলোনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; মই ইক্ৰোণৰ বিৰুদ্ধে মোৰ হাত চলাম আৰু ফিলিস্তিনীয়াসকলৰ অৱশিষ্ট জীৱিত লোক বিনষ্ট হ’ব।”
Amos 9:7 in Assamese 7 যিহোৱাই কৈছে, “হে ইস্ৰায়েলৰ লোকসকল, তোমালোক জানো মোৰ ওচৰত কূচীয়া লোকসকলৰ নিচিনা নোহোৱা? মই জানো মিচৰ দেশৰ পৰা ইস্ৰায়েলক, কপ্তোৰৰ পৰা ফিলিষ্টিনীয়াসকলক আৰু কীৰৰ পৰা অৰামীয়াসকলক জানো উলিয়াই অনা নাই ?
Zechariah 9:2 in Assamese 2 আৰু দম্মেচকৰ সীমাত থকা হমাতো আশ্ৰয় হ’ব, চীদোনে সৈতে তূৰো হ’ব, যদিওবা সিহঁত বৰ জ্ঞানী।
Luke 21:22 in Assamese 22 এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হ’বলৈ এইদৰে হ’ব।