Jeremiah 44:6 in Assamese 6 এই কাৰণে মোৰ ক্ৰোধ আৰু কোপৰূপ অগ্নি বৰষিলে আৰু যিহূদাৰ নগৰবোৰত, আৰু যিৰূচালেমৰ আলিবোৰত সেয়ে জ্বলি উঠিল; আজি তোমালোকে দেখাৰ দৰে সেইবোৰক উচ্ছন্ন আৰু ধ্বংস কৰা হৈছে।
Other Translations King James Version (KJV) Wherefore my fury and mine anger was poured forth, and was kindled in the cities of Judah and in the streets of Jerusalem; and they are wasted and desolate, as at this day.
American Standard Version (ASV) Wherefore my wrath and mine anger was poured forth, and was kindled in the cities of Judah and in the streets of Jerusalem; and they are wasted and desolate, as it is this day.
Bible in Basic English (BBE) Because of this, my passion and my wrath were let loose, burning in the towns of Judah and in the streets of Jerusalem; and they are waste and unpeopled as at this day.
Darby English Bible (DBY) And my fury and mine anger was poured forth, and was kindled in the cities of Judah and in the streets of Jerusalem; and they are become a waste, a desolation, as at this day.
World English Bible (WEB) Therefore my wrath and my anger was poured forth, and was kindled in the cities of Judah and in the streets of Jerusalem; and they are wasted and desolate, as it is this day.
Young's Literal Translation (YLT) and poured out is My fury, and Mine anger, and it burneth in cities of Judah, and in streets of Jerusalem, and they are for a waste, for a desolation, as `at' this day.
Cross Reference Leviticus 26:28 in Assamese 28 তেন্তে মইও ক্ৰোধত তোমালোকৰ বিপৰীত আচৰণ কৰিম, আৰু তোমালাকৰ পাপৰ কাৰণে তোমালোকক সাতগুণ দণ্ড দিম।
Isaiah 6:11 in Assamese 11 তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে, যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্রাণী নাবাচে, আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ’ব, আৰু দেশ জনসূণ্য হোৱা জাবৰৰ দ্বৰে নহয়,
Isaiah 51:17 in Assamese 17 যিহোৱাৰ হাতৰ পৰা তেওঁৰ ক্ৰোধৰ পান-পাত্ৰ পান কৰা; হে যিৰূচালেম, সজাগ হোৱা, সজাগ হোৱা, ঠিয় হোৱা; তোমালোকে পান-পাত্র পান কৰিছা, ঢলংপলং কৰোঁতা পান-পাত্ৰ, আৰু তোমালোকে তাক উলিয়াইছা।
Isaiah 51:20 in Assamese 20 জালত পৰা হৰিণৰ দৰে তোমালোকাৰ সন্তানসকল অচেতন হ’ল,তেওঁলোক প্ৰত্যেক আলিৰ চুকত পৰি ৰ’ল; তেওঁলোক যিহোৱাৰ ক্ৰোধ আৰু ঈশ্বৰৰ তিৰস্কাৰেৰে পৰিপূৰ্ণ।
Jeremiah 4:4 in Assamese 4 হে যিহূদাৰ লোক, হে যিৰূচালেম-নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্য্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
Jeremiah 7:20 in Assamese 20 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা, এই ঠাইৰ ওপৰত মানুহ, পশু, বাৰীৰ গছ, আৰু ভুমিৰ ফল, এই সকলোৰে মোৰ ক্ৰোধ আৰু ক্রোধাগ্নি ঢলা যাব আৰু সেয়ে দগ্ধ কৰিব, নুমাই নাযাব।
Jeremiah 7:34 in Assamese 34 তেতিয়া মই যিহূদাৰ নগৰবোৰৰ পৰা আৰু যিৰূচালেমৰ আলিবোৰৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা-কন্যাৰ ধ্বনি লুপ্ত কৰিম; কিয়নো এই দেশ উচ্ছন্ন ঠাই হ’ব।’
Jeremiah 21:5 in Assamese 5 আৰু মই নিজেও, মেলি থকা হাত আৰু বলৱান বাহুৰে, এনে কি, খং-ৰাগ আৰু মহাকোপেৰে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিম।
Jeremiah 21:12 in Assamese 12 হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপোৱা বিচাৰ নিস্পত্তি কৰা। আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা। নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
Jeremiah 36:7 in Assamese 7 কিজানি তেওঁলোকে নিজ নিজ নিবেদন যিহোৱাৰ আগত জনাব। আৰু তেওঁলোক প্ৰতিজনে নিজ নিজ কুপথৰ পৰা ঘূৰিব; কিয়নো এই জাতিৰ বিৰুদ্ধে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ আৰু কোপ অতি প্ৰবল।
Jeremiah 42:18 in Assamese 18 কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: যিৰূচালেম-নিবাসীসকলৰ ওপৰত যেনেকৈ মোৰ ক্ৰোধ আৰু কাপ ঢালি দিয়া হৈছিল, তেনেকৈ তোমালোকে মিচৰ দেশত সোমোৱা সময়ত তোমালোকৰ ওপৰতো মোৰ ক্ৰোধ ঢালি দিয়া হ’ব; আৰু তোমালোক শাও, বিস্ময়, অভিশাপ আৰু নিন্দাৰ বিষয় হ’বা; তোমালোকে এই ঠাই আৰু দেখিবলৈ নাপাবা।’
Jeremiah 44:2 in Assamese 2 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘যিৰূচালেমলৈ আৰু যিহূদাৰ সকলো নগৰলৈ মই ঘটোৱা সকলো অমঙ্গল তোমালোকে দেখিলা; চোৱা, সেইবোৰ আজি উচ্ছন্ন হোৱা ঠাই, সেইবোৰৰ মাজত কোনেও বাস নকৰে।
Ezekiel 5:13 in Assamese 13 এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।
Ezekiel 6:12 in Assamese 12 দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।
Ezekiel 8:18 in Assamese 18 এই হেতুকে ময়ো কোপেৰে কাৰ্য্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”
Ezekiel 20:33 in Assamese 33 “প্ৰভু যিহোৱাই কৈছে”, মোৰ জীৱনৰ শপত, পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে আৰু ক্ৰোধ বৰ্ষণেৰে মই নিশ্চয়ে তোমালোকৰ ওপৰত ৰজা হ’ম।
Ezekiel 24:8 in Assamese 8 যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তুলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ!
Ezekiel 24:13 in Assamese 13 তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলো, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
Daniel 9:12 in Assamese 12 যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰুচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।
Nahum 1:2 in Assamese 2 যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোঁতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে।