Jeremiah 44:10 in Assamese 10 তেওঁলোকে আজিলৈকে নম্ৰ হোৱা নাই, ভয়ো কৰা নাই আৰু তোমালোকৰ ও তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থা কি বিধিবোৰৰ দৰে চলা নাই।
Other Translations King James Version (KJV) They are not humbled even unto this day, neither have they feared, nor walked in my law, nor in my statutes, that I set before you and before your fathers.
American Standard Version (ASV) They are not humbled even unto this day, neither have they feared, nor walked in my law, nor in my statutes, that I set before you and before your fathers.
Bible in Basic English (BBE) Even to this day their hearts are not broken, and they have no fear, and have not gone in the way of my law or of my rules which I gave to you and to your fathers.
Darby English Bible (DBY) They are not humbled unto this day, neither have they feared, nor walked in my law, nor in my statutes which I set before you and before your fathers.
World English Bible (WEB) They are not humbled even to this day, neither have they feared, nor walked in my law, nor in my statutes, that I set before you and before your fathers.
Young's Literal Translation (YLT) They have not been humbled unto this day, nor have they been afraid, nor have they walked in My law, and in My statutes, that I have set before you and before your fathers.
Cross Reference Exodus 9:17 in Assamese 17 এতিয়ালৈকে তুমি গৰ্ব কৰি, মোৰ লোকসকলক এৰি দিবলৈ সন্মত হোৱা নাই।
Exodus 9:30 in Assamese 30 কিন্তু আপুনি আৰু আপোনাৰ দাস সকলে যে এতিয়াও ঈশ্বৰ যিহোৱাক প্রকৃততে সন্মান কৰা নাই, সেই কথা মই জানো।”
Exodus 10:3 in Assamese 3 তেতিয়া মোচি আৰু হাৰোণ ফৰৌণৰ ওচৰলৈ গ’ল, আৰু তেওঁক ক’লে, “ইব্ৰীয়া সকলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: ‘তুমি মোৰ আগত নম্ৰ হবলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোক সকলক যাবলৈ এৰি দিয়া।
1 Kings 21:29 in Assamese 29 “আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”
2 Kings 22:19 in Assamese 19 তোমাৰ অন্তৰ কোমল আছিল কাৰণে যেতিয়া তুমি মই এই ঠাই আৰু ইয়াৰ লোকসকলৰ বিৰুদ্ধে কোৱা ধ্বংস আৰু শাওৰ কথা শুনিলা, তেতিয়া তুমি যিহোৱাৰ সন্মুখত নম্র হ’লা; নিজৰ কাপোৰ ফালি মোৰ সন্মুখত কান্দি শোক কৰিলা; সেয়ে ময়ো তোমাৰ প্রার্থনা শুনিলো’ - যিহোৱাই এই কথা প্রকাশ কৰিলে।
2 Chronicles 12:6 in Assamese 6 তেতিয়া ইস্ৰায়েলৰ ৰাজকুমাৰ আৰু ৰজাই নিজকে নম্ৰ কৰি ক’লে, “যিহোৱা ন্যায়বান।”
2 Chronicles 32:26 in Assamese 26 অৱশ্যে হিষ্কিয়া আৰু যিৰূচালেম-নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ হিষ্কিয়াৰ ৰাজত্ব কালত সিদ্ধ কৰা নহ’ল।
2 Chronicles 33:12 in Assamese 12 তেতিয়া সঙ্কতত পৰি তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ আগত মিনতি কৰিলে আৰু নিজ ওপৰ পিতৃসকলৰ ঈশ্বৰৰ আগত নিজকে অতিশয় নম্ৰ কৰিলে।
2 Chronicles 33:19 in Assamese 19 আৰু তেওঁ কৰা প্ৰাৰ্থনা, সেই প্ৰাৰ্থনা গ্ৰহণ হোৱা আৰু তেওঁ কৰা সকলো পাপ আৰু সত্যলঙ্ঘন বিষয় আৰু নম্ৰ হোৱাৰ আগেয়ে তেওঁৰ যি যি ঠাইত ওখ ঠাই সাজিছিল আৰু আচেৰা মুৰ্ত্তি ও কটা প্ৰতিমা স্থাপন কৰিছিল, সেই সকলোৰে বিৱৰণ হোজেয়াৰ পুস্তকখনত লিখা আছে।
2 Chronicles 34:27 in Assamese 27 এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।
Psalm 34:18 in Assamese 18 যিহোৱা ভগ্নচিত্তীয়াসকলৰ ওচৰ; খেদিত মন হোৱাসকলক তেওঁ পৰিত্ৰাণ কৰে।
Psalm 51:17 in Assamese 17 ঈশ্বৰৰ বলি ভগ্ন মন; হে ঈশ্বৰ, ভগ্ন আৰু অনুতাপী মনক তুমি অগ্ৰাহ্য নকৰিবা।
Proverbs 8:13 in Assamese 13 যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়; মই অহঙ্কাৰ, গর্ব, কুপথ, আৰু বিপথগামী কথা ঘিণ কৰোঁ।
Proverbs 14:16 in Assamese 16 জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে; কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
Proverbs 16:6 in Assamese 6 বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
Proverbs 28:14 in Assamese 14 যিজনে সদায় গভীৰ ভক্তিৰে জীৱন যাপন কৰে, সেই জন সুখী হয়; কিন্তু যিকোনোৱে নিজৰ হৃদয় কঠিন কৰে, সেই জন সমস্যাত পৰে।
Ecclesiastes 8:12 in Assamese 12 পাপী লোকে যদিও এশটা কুকৰ্ম্ম কৰি দীৰ্ঘকাল জীয়াই থাকে, তথাপিও মই হ’লে নিশ্চয়কৈ জানো যে, ঈশ্বৰক যিসকলে ভয় কৰে, তেওঁলোকৰ মঙ্গল হব; কাৰণ তেওঁলোকে ঈশ্বৰৰ সাক্ষাতে ভয়েৰে থিয় হয়।
Isaiah 57:15 in Assamese 15 এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰস্থানত বাস কৰো, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
Isaiah 66:2 in Assamese 2 মোৰ হাতে সকলো নিৰ্ম্মাণ কৰিলে, সেই বাবেই এই সকলো হ’ল, ইয়াক যিহোৱাই কৈছে; দুখীয়া, ভগ্ন-চিত্তীয়া, আৰু মোৰ বাক্যত কঁপা জনলৈহে মই অনুমতি দিম।
Jeremiah 8:12 in Assamese 12 তেওঁলোকে ঘিণলগীয়া কাৰ্য্য কৰাত লাজ পাওঁক ছাৰি তেওঁলোকে মুখ বিবৰ্ণ কৰিবলৈকে জনা নাই? এই কাৰণে তেওঁলোক পতিত হোৱা লোকসকলৰ মাজত পতিত হ’ব; যিহোৱাই কৈছে, মই তেওঁলোকক দণ্ড দিয়া সময়ত তেওঁলোকে উজুটি খায় পৰিব।
Jeremiah 10:7 in Assamese 7 হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
Jeremiah 36:24 in Assamese 24 সেই সকলো বাক্য শুনিও ৰজা আৰু মন্ত্ৰী কোনেও ভয় নকৰিলে, বা নিজ নিজ বস্ত্ৰ নাফালিলে।
Ezekiel 9:4 in Assamese 4 যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা - যিৰূচলেমৰ মাজেৰে - আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্য্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
Daniel 5:20 in Assamese 20 যেতিয়া তেওঁৰ হৃদয় অহঙ্কাৰী আৰু তেওঁৰ মন কঠিন হৈছিল, আৰু তেওঁ গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া তেওঁক ৰাজ সিংহাসনৰ পৰা নমোৱা হৈছিল, আৰু তেওঁলোকে তেওঁৰ পৰা তেওঁৰ ঐশ্বৰ্য কাঢ়ি লৈছিল।
Malachi 4:2 in Assamese 2 কিন্তু মোৰ নামত ভয় ৰাখোঁতা যি তোমালোক, তোমালোকৰ প্রতি ধাৰ্ম্মিকতাৰূপ সূৰ্য্য উদিত হ’ব, যাৰ কিৰণ সুস্থতাদায়ক; তোমালোকে বাহিৰ হৈ গোহালীৰ পৰা মুকলি হোৱা দামুৰিৰ নিচিনাকৈ ডেও দিবা।
Matthew 27:54 in Assamese 54 পাছত এশৰ সেনাপতি আৰু তেওঁৰ লগত যীচুক পহৰা দি থকা সকলে, এইদৰে ভুমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক’লে, “এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ।”
Luke 23:40 in Assamese 40 কিন্তু আন জনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, “তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে?
Romans 11:20 in Assamese 20 সঁচা, তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হ’ল, আপুনি হ’লে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে। নিজকে উচ্চমনা নহ’ব, বৰং ভয় কৰক৷
James 4:6 in Assamese 6 কিন্তু ঈশ্বৰে আমাক অতিকৈ অনুগ্ৰহ দান কৰে। শাস্ত্ৰে এইদৰে কয়, “ঈশ্বৰ অহংকাৰী লোকৰ বিপক্ষ হয়, কিন্তু নম্ৰ লোক সকলক তেওঁ অনুগ্ৰহ দান কৰে।”
1 Peter 5:6 in Assamese 6 সেই কাৰণে ঈশ্ৱৰৰ পৰাক্ৰমী হাতৰ অধীনত নিজকে নম্ৰ কৰক, তাতে উপযুক্ত সময়ত ঈশ্ৱৰে আপোনালোকক উন্নত কৰিব৷
Revelation 15:4 in Assamese 4 আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় প্ৰকাশিত কৰা হ’ল৷”