Jeremiah 43:12 in Assamese 12 আৰু তেতিয়া মই মিচৰৰ দেৱতাবোৰৰ ঘৰত জুই লগাম; তেওঁ সেইবোৰৰ কেতবোৰ দগ্ধ কৰি লৈ যাব; আৰু মেৰ ৰখীয়াই নিজৰ গাত কাপোৰ লোৱাদি তেওঁ এই মিচৰ দেশেৰে নিজকে সজ্জিত কৰিব; পাছে তেওঁ এই ঠাইৰ পৰা শান্তিৰে ওলাই যাব।
Other Translations King James Version (KJV) And I will kindle a fire in the houses of the gods of Egypt; and he shall burn them, and carry them away captives: and he shall array himself with the land of Egypt, as a shepherd putteth on his garment; and he shall go forth from thence in peace.
American Standard Version (ASV) And I will kindle a fire in the houses of the gods of Egypt; and he shall burn them, and carry them away captive: and he shall array himself with the land of Egypt, as a shepherd putteth on his garment; and he shall go forth from thence in peace.
Bible in Basic English (BBE) And he will put a fire in the houses of the gods of Egypt; and they will be burned by him: and he will make Egypt clean as a keeper of sheep makes clean his clothing; and he will go out from there in peace.
Darby English Bible (DBY) And I will kindle a fire in the houses of the gods of Egypt, and he shall burn them, and carry them away captive; and he shall array himself with the land of Egypt, as a shepherd putteth on his garment; and he shall go forth from thence in peace.
World English Bible (WEB) I will kindle a fire in the houses of the gods of Egypt; and he shall burn them, and carry them away captive: and he shall array himself with the land of Egypt, as a shepherd puts on his garment; and he shall go forth from there in peace.
Young's Literal Translation (YLT) And I have kindled a fire in the houses of the gods of Egypt, and it hath burned them, and he hath taken them captive, and covered himself with the land of Egypt, as cover himself doth the shepherd with his garment, and he hath gone forth thence in peace;
Cross Reference Exodus 12:12 in Assamese 12 যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।
2 Samuel 5:21 in Assamese 21 সেই ঠাইতে তেওঁলোকৰ মুৰ্ত্তিবোৰ এৰি থৈ গ’ল; তাতে দায়ূদ আৰু তেওঁৰ লোকসকলে সেইবোৰ লৈ আহিল।
Esther 6:9 in Assamese 9 তাৰ পাছত সেই বস্ত্ৰ আৰু ঘোঁৰা ৰজাৰ বিশেষ প্ৰধান কৰ্মচাৰী সকলৰ মাজৰ এজনৰ হাতত গতাই দিয়া হওক; আৰু ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁক সেই ৰাজ-বস্ত্ৰ পিন্ধোৱা হওক। পাছত তেওঁক সেই ঘোঁৰাত তুলি নগৰৰ মাজৰ পথেৰে লৈ যাবলৈ তেওঁলোকক কোৱা হওক। তেওঁৰ আগে আগে এই কথা ঘোষণা কৰা হওক যে, ‘ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব!’”
Job 40:10 in Assamese 10 তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;
Psalm 104:2 in Assamese 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
Psalm 109:18 in Assamese 18 তেওঁলোকে শাওক নিজৰ বস্ত্ৰৰ দৰে পিন্ধিলে; সেয়ে পানীৰ নিচিনাকৈ তেওঁলোকৰ অন্তৰত প্রৱেশ কৰিলে, তেওঁলোকৰ অস্থিবোৰে তেলৰ নিচিনাকৈ শুহি ল’লে।
Psalm 132:16 in Assamese 16 মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ-ধ্বনি কৰিব।
Psalm 132:18 in Assamese 18 মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”
Isaiah 19:1 in Assamese 1 মিচৰৰ বিষয়ে কৰা ঘোষণা। চোৱা, যিহোৱাই দ্ৰুতগামী মেঘত উঠি মিচৰ দেশলৈ আহিছে; তেওঁৰ সন্মুখত মিচৰৰ মুৰ্ত্তিবোৰ কম্পমান কৰিছে, আৰু মিচৰীয়াসকলৰ হৃদয় তেওঁলোকৰ ভিতৰত দ্রৱ হৈছে।
Isaiah 21:9 in Assamese 9 ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞঁৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
Isaiah 46:1 in Assamese 1 বেল দেৱতা নত হ’ল, নবো দোঁ খালে, তেওঁলোকৰ মুৰ্ত্তিবোৰ সেইবোৰ গধুৰ হোৱা বাবে কঢ়িয়াই নিয়া জন্তুবোৰ নিম্নগামী হ’ল। এই কঢ়িয়াই নিয়া মুর্ত্তিবোৰ ভাগৰুৱা জন্তুৰ বাবে গধুৰ বোজা হ’ল।
Isaiah 49:18 in Assamese 18 চাৰিওফালে চোৱা; তেওঁলোক সকলো গোট খাইছে আৰু তোমাৰ ওচৰলৈ আহিছে। “নিশ্চিতভাবে যি দৰে মই জীয়াই আছো”এয়া যিহোৱাৰ ঘোষনা-“তোমালোকে সেইবোৰ অলঙ্কাৰৰ দৰে নিশ্চয় পিন্ধিবা; তোমালোকে সেইবোৰ কন্যাৰ দৰে পিন্ধিবা।
Isaiah 52:1 in Assamese 1 হে চিয়োন, সজাগ হোৱা, সজাগ হোৱা, তোমালোকৰ শক্তি তুলি ধৰা; হে পবিত্ৰ নগৰ যিৰূচালেম, তোমালোকৰ সুন্দৰ বস্ত্ৰবোৰ পিন্ধা; কাৰণ পুনৰ কেতিয়াও চুন্নৎ নোহোৱা বা অশুচি লোক তোমালোকৰ মাজত নোসোমাব।
Isaiah 59:17 in Assamese 17 তেওঁ ধাৰ্ম্মিকতাৰূপ বুকু-পটা পিন্ধিলে, আৰু মূৰত পৰিত্ৰাণৰূপ শিৰোৰক্ষক পিন্ধিলে, আৰু গাৰ বস্ত্রৰ বাবে প্ৰতিকাৰৰূপ সাজ পৰিধান কৰিলে, আৰু আবেগপূৰ্ণ জামা গাত দিলে।
Isaiah 61:5 in Assamese 5 বিদেশী লোকসকল দায়িত্ব ল’ব আৰু তোমালোকৰ জাকবোৰ চৰাব, আৰু বিদেশী লোকসকলৰ পুত্র সকলে তোমালোকৰ পথাৰত আৰু দ্ৰাক্ষাবাৰীত কাম কৰিব।
Isaiah 61:10 in Assamese 10 মই যিহোৱাত অতিশয় আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব; কাৰণ তেওঁ মোক পৰিত্ৰাণৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্ম্মিকতাৰূপ চোলাৰে মোক বিভূষিত কৰিলে, যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত কৰে, আৰু কন্যাই যিদৰে অলঙ্কাৰেৰে নিজকে শোভিত কৰে।
Jeremiah 46:25 in Assamese 25 ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।
Jeremiah 48:7 in Assamese 7 কিয়নো তুমি তোমাৰ কাৰ্য্যত আৰু তোমাৰ বহুমূল্য বস্তুত নিৰ্ভৰ কৰাৰ কাৰণে তুমিও ধৰা পৰিবা। আৰু তেতিয়া কমোচ, তাৰ পুৰোহিতসকল আৰু তাৰ প্ৰধান লোকসকল বন্দী-অৱস্থালৈ একেলগে ওলাই যাব।
Jeremiah 50:2 in Assamese 2 তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।
Jeremiah 51:44 in Assamese 44 মই বাবিলত বেল দেৱতাক দণ্ড দিম আৰু সি গিলি পেলোৱা বস্তু তাৰ মুখৰ পৰা উলিয়াম; জাতিবিলাকে তাৰ ওচৰলৈ একেলগে সোঁত বোৱাদি আৰু নবব; এনে কি বাবিলৰ গড়ো পতিত হ’ব।
Ezekiel 30:13 in Assamese 13 প্ৰভু যিহোৱাই এই কথা কৈছে: “মই মুৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম!
Zephaniah 2:11 in Assamese 11 যিহোৱা তেওঁলোকৰ ওচৰত ভীষণৰূপে ভয়ানক হ’ব; তেওঁ পৃথিৱীৰ সকলো দেৱ-দেৱীক শক্তিহীন কৰিব; তেতিয়া সকলো জাতিৰ লোকে যিহোৱাৰ আৰাধনা কৰিব; নিজ নিজ দেশৰ পৰা, সমুদ্রৰ উপকূলসমূহৰ পৰা তেওঁৰ ওচৰত প্রণিপাত কৰিব।
Romans 13:12 in Assamese 12 ৰাতিৰ অধিক ভাগ গ’ল, দিন ওচৰ চাপিল; এই কাৰণে আহক, আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক।
Ephesians 4:24 in Assamese 24 সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে।
Ephesians 6:11 in Assamese 11 ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক, যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হ’ব পাৰে।
Colossians 3:12 in Assamese 12 এতেকে ঈশ্বৰৰ মনোনীত জন, প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
Colossians 3:14 in Assamese 14 এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি।