Jeremiah 4:22 in Assamese 22 যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
Other Translations King James Version (KJV) For my people is foolish, they have not known me; they are sottish children, and they have none understanding: they are wise to do evil, but to do good they have no knowledge.
American Standard Version (ASV) For my people are foolish, they know me not; they are sottish children, and they have no understanding; they are wise to do evil, but to do good they have no knowledge.
Bible in Basic English (BBE) For my people are foolish, they have no knowledge of me; they are evil-minded children, without sense, all of them: they are wise in evil-doing, but have no knowledge of doing good.
Darby English Bible (DBY) For my people is foolish, they have not known me; they are sottish children, and they have no intelligence; they are wise to do evil, but to do good they have no knowledge.
World English Bible (WEB) For my people are foolish, they don't know me; they are foolish children, and they have no understanding; they are wise to do evil, but to do good they have no knowledge.
Young's Literal Translation (YLT) For my people `are' foolish, me they have not known, Foolish sons `are' they, yea, they `are' not intelligent, Wise `are' they to do evil, And to do good they have not known.
Cross Reference Deuteronomy 32:6 in Assamese 6 হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
Deuteronomy 32:28 in Assamese 28 তেওঁলোক এক বিবেকহীন জাতি; তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
2 Samuel 13:3 in Assamese 3 দায়ূদৰ ককায়েক চিমিয়াৰ পুত্ৰ যোনাদবৰ নামেৰে অম্নোনৰ এজন বন্ধু আছিল৷ যোনাদব এজন বৰ চতুৰ লোক আছিল।
2 Samuel 16:21 in Assamese 21 তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”
Psalm 14:1 in Assamese 1 এজন অজ্ঞানীয়ে, তেওঁৰ অন্তৰত কয়, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোক ভ্রষ্ট হৈছে, তেওঁলোকে ঘৃণনীয় কার্যবোৰ কৰে; তেওঁলোকৰ মাজত সৎ কার্য কৰোঁতা কোনো নাই;
Isaiah 1:3 in Assamese 3 গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”
Isaiah 6:9 in Assamese 9 তেওঁ মোক ক’লে, “যোৱা আৰু সেই লোকসকলক কোৱা, ‘তোমালোক শুনা, কিন্তু বুজি নোপোৱা; চোৱা, কিন্তু উপলদ্ধি কৰিব নোৱাৰা।
Isaiah 27:11 in Assamese 11 তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।
Isaiah 29:10 in Assamese 10 কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।
Isaiah 42:19 in Assamese 19 কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন? আৰু মই পঠোৱা দূতৰ দৰে কলা কোন? মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? যিহোৱাৰ দাসৰ দৰে অন্ধ কোন?
Jeremiah 5:4 in Assamese 4 তেতিয়া মই ক’লোঁ, “স্বৰূপেই এইসকল দৰিদ্ৰ লোক। তেওঁলোক অজ্ঞানী, কাৰণ তেওঁলোকে যিহোৱাৰ পথ, আৰু নিজৰ ঈশ্বৰৰ পথ নাজানে।
Jeremiah 5:21 in Assamese 21 যে, ‘হে অজ্ঞান আৰু নিৰ্ব্বোধ জাতি! কাৰণ এই মুৰ্ত্তিবোৰত কোনো ইন্দ্রিয়ানুভূতি নাই; চকু থকাতো অন্ধ। আৰু কাণ থকাতো কলা।
Jeremiah 8:7 in Assamese 7 আকাশত ফুৰা হাড়গিলাই নিজৰ নিৰূপিত সময় বুজে, আৰু কপৌ, তেলটুপি আৰু বগলীয়ে নিজ নিজ অহাৰ কাল পালন কৰে; কিন্তু মোৰ প্ৰজাসকলে যিহোৱাৰ শাসন নাজানে।
Jeremiah 10:8 in Assamese 8 কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
Jeremiah 13:23 in Assamese 23 কূচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কু-কৰ্ম্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম্ম কৰা সম্ভৱ।
Hosea 4:1 in Assamese 1 হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা; কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।
Hosea 4:6 in Assamese 6 জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলো। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তানসকলক পাহৰি যাম।
Hosea 5:4 in Assamese 4 তেওঁলোকৰ কাৰ্য্যবোৰে তেওঁলোকক ঈশ্বৰলৈ উলটি যাব নিদিয়ে, কিয়নো তেওঁলোকৰ অন্তৰত ব্যভিচাৰী আত্মা আছে, আৰু তেওঁলোকে যিহোৱাক নাজানে।
Micah 2:1 in Assamese 1 যিবোৰে নিজৰ নিজৰ শয্যাত অধৰ্ম কল্পনা কৰে, আৰু কুকৰ্ম চিন্তা কৰে, তেওঁলোকৰ সন্তাপ হ’ব। ৰাতিপুৱাৰ পোহৰত তেওঁলোকে এইবোৰ কৰে; কাৰণ তেওঁলোকৰ ক্ষমতা আছে।
Matthew 23:16 in Assamese 16 হায় হায় অন্ধ পথ প্ৰদৰ্শক! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে কয় যে, মন্দিৰত ধৰি শপত খালে একো নহয়; কিন্তু যি জনে মন্দিৰৰ সোণত ধৰি শপত খায়, তেওঁহে ধৰুৱা হয়।
Luke 16:8 in Assamese 8 তেওঁ সকলো কাম আগ-পাছ বিচাৰ কৰি বুদ্ধিমান লোকৰ দৰে কৰিলে৷ এই হেতুকে ধনী লোক জনে তত্বাৱধায়ক জনক শলাগিলে, কিয়নো পোহৰৰ সন্তানতকৈ এই জগতৰ সন্তানবোৰ নিজ জাতিলৈ অধিক বুদ্ধিৱন্ত৷
John 16:3 in Assamese 3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
Romans 1:22 in Assamese 22 নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল;
Romans 1:28 in Assamese 28 তেওঁলোকে ঈশ্ৱৰৰ অৱগত হ’বলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
Romans 3:11 in Assamese 11 বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷
Romans 16:19 in Assamese 19 কিয়নো আপোনালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে। সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ; কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয়, এয়ে মোৰ বাঞ্ছা।
1 Corinthians 1:20 in Assamese 20 জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
1 Corinthians 14:20 in Assamese 20 হে প্ৰিয় ভাইসকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।