Jeremiah 31:8 in Assamese 8 চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খোৱাম। তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব; গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব। আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।
Other Translations King James Version (KJV) Behold, I will bring them from the north country, and gather them from the coasts of the earth, and with them the blind and the lame, the woman with child and her that travaileth with child together: a great company shall return thither.
American Standard Version (ASV) Behold, I will bring them from the north country, and gather them from the uttermost parts of the earth, `and' with them the blind and the lame, the woman with child and her that travaileth with child together: a great company shall they return hither.
Bible in Basic English (BBE) See, I will take them from the north country, and get them from the inmost parts of the earth, and with them the blind and the feeble-footed, the woman with child and her who is in birth-pains together: a very great army, they will come back here.
Darby English Bible (DBY) Behold, I bring them from the north country, and gather them from the uttermost parts of the earth; [and] among them the blind and the lame, the woman with child and her that travaileth with child together: a great assemblage shall they return hither.
World English Bible (WEB) Behold, I will bring them from the north country, and gather them from the uttermost parts of the earth, [and] with them the blind and the lame, the woman with child and her who travails with child together: a great company shall they return here.
Young's Literal Translation (YLT) Lo, I am bringing them in from the north country, And have gathered them from the sides of the earth, Among them `are' blind and lame, Conceiving and travailing one -- together, A great assembly -- they turn back hither.
Cross Reference Deuteronomy 30:4 in Assamese 4 এনেকি দেশান্তৰিত হোৱা আপোনালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমনাতো যদি থাকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও আপোনালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ আপোনালোকক লৈ আনিব।
Psalm 65:5 in Assamese 5 তোমাৰ ধার্মিকর্তাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকাসকলৰো।
Psalm 98:3 in Assamese 3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোৱঁৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব।
Psalm 107:3 in Assamese 3 যি সকলক তেওঁ নানা দেশৰ পৰা গোট খোৱালে, পূৱ-পশ্চিম আৰু উত্তৰ-দক্ষিণৰ পৰা গোটালে।
Isaiah 40:11 in Assamese 11 তেওঁ ভেড়া ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত ভেড়া পোৱালীক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Isaiah 42:16 in Assamese 16 মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।
Isaiah 43:6 in Assamese 6 মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।
Isaiah 45:22 in Assamese 22 পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Isaiah 52:10 in Assamese 10 যিহোৱাই সকলো জাতিৰ দৃষ্টিতে তেওঁৰ পবিত্ৰ বাহু অনাবৃত কৰিলে; সমগ্র পৃথিবীয়ে আমাৰ ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ পাব।
Jeremiah 3:12 in Assamese 12 গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখো। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
Jeremiah 3:18 in Assamese 18 সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
Jeremiah 23:8 in Assamese 8 কিন্তু এনেকৈ কব, যে, “যি জনাই ইস্ৰায়েল বংশত জন্মা সন্তানসকলক উত্তৰ দেশৰ পৰা; আৰু যি যি দেশলৈ মই তেওঁলোকক খেদিছিলোঁ, সেই সকল দেশৰ পৰা উলিয়াই চলাই লৈ আহিলে সেই যিহেৱাৰ জীৱনৰ শপত।’ তথাপি তেওঁলোকে নিজৰ দেশত নিবাস কৰিব।
Jeremiah 29:14 in Assamese 14 আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।
Ezekiel 20:34 in Assamese 34 পৰাক্ৰমী হাতেৰে, মেলা বাহুৰে, আৰু ক্ৰোধ বৰ্ষণেৰে মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশৰ পৰা তোমালোকক গোটাম।
Ezekiel 20:41 in Assamese 41 যেতিয়া মই তোমালোকক জাতিবোৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু তোমালোক ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাম, তেতিয়া মই তোমালোকক সুঘ্ৰাণস্বৰূপে গ্ৰহণ কৰিম আৰু মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম।
Ezekiel 34:13 in Assamese 13 তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
Ezekiel 34:16 in Assamese 16 “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
Micah 4:6 in Assamese 6 যিহোৱাই কৈছে, “সেই দিনা মই যিসকলক দুৰ্দশাগ্রস্ত কৰিছিলোঁ, সেই পঙ্গুসকলক মই একগোট কৰিম, আৰু অনুন্নত লোকসকলক একত্রিত কৰিম।
Zephaniah 3:19 in Assamese 19 চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাঁক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
Zechariah 2:6 in Assamese 6 যিহোৱাই কৈছে, হে লোকসকল, হে লোকসকল! তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা; কিয়নো যিহোৱাই কৈছে, ‘আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন-ভিন্ন কৰিলোঁ!’
Matthew 12:20 in Assamese 20 জয়যুক্তৰূপত ন্যায়-বিচাৰ প্রচাৰ নকৰে মানে, তেওঁ থেতেলি যোৱা নল নাভাঙিব, ধোৱাঁই থকা শলিতাও নুনুমাব;
John 21:15 in Assamese 15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এওঁলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেষ-পোৱালি সকলক চৰোৱা।”
1 Corinthians 8:10 in Assamese 10 আপোনাৰ জ্ঞান আছে; কিন্তু যি জনৰ বিবেক দুর্বল, সেই জনে যদি আপোনাক দেৱতাৰ মন্দিৰত বহি প্ৰসাদ খোৱা দেখা পায়, তেনেহলে সেই লোক জনে জানো মূৰ্তিলৈ উৎসর্গ কৰা খোৱা বস্তু খাবলৈ উৎসাহিত নহ’ব?
1 Thessalonians 5:14 in Assamese 14 ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
Hebrews 4:15 in Assamese 15 কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল।
Hebrews 12:12 in Assamese 12 এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;