Jeremiah 30:3 in Assamese 3 কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।”
Other Translations King James Version (KJV) For, lo, the days come, saith the LORD, that I will bring again the captivity of my people Israel and Judah, saith the LORD: and I will cause them to return to the land that I gave to their fathers, and they shall possess it.
American Standard Version (ASV) For, lo, the days come, saith Jehovah, that I will turn again the captivity of my people Israel and Judah, saith Jehovah; and I will cause them to return to the land that I gave to their fathers, and they shall possess it.
Bible in Basic English (BBE) For see, the days are coming, says the Lord, when I will let the fate of my people Israel and Judah be changed, says the Lord: and I will make them come back to the land which I gave to their fathers, so that they may take it for their heritage.
Darby English Bible (DBY) For behold, the days come, saith Jehovah, when I will turn the captivity of my people Israel and Judah, saith Jehovah; and I will cause them to return to the land that I gave to their fathers, and they shall possess it.
World English Bible (WEB) For, behold, the days come, says Yahweh, that I will turn again the captivity of my people Israel and Judah, says Yahweh; and I will cause them to return to the land that I gave to their fathers, and they shall possess it.
Young's Literal Translation (YLT) For, lo, days are coming -- an affirmation of Jehovah -- and I have turned back `to' the captivity of My people Israel and Judah, said Jehovah, and I have caused them to turn back unto the land that I gave to their fathers, and they do possess it.'
Cross Reference Deuteronomy 30:3 in Assamese 3 তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু আপোনালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ আপোনালোকক সিচঁৰিত কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় আপোনালোকক আনি গোটাব।
Ezra 3:1 in Assamese 1 সপ্তম মাহৰ পাছত, ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নগৰলৈ উভতি আহিল। তেওঁলোকে যেতিয়া এজন মানুহৰ দৰে হৈ যিৰূচালেমত একগোট হৈছিল, তেতিয়া ইস্ৰায়েলৰ লোকসকল তেওঁলোকৰ নিজৰ নগৰলৈ উভতি আহিছিল।
Ezra 3:8 in Assamese 8 দ্বিতীয় বছৰৰ দ্বিতীয় মাহত তেওঁলোক যিৰূচালেমত থকা ঈশ্বৰৰ গৃহলৈ অহাৰ পাছত, জৰুব্বাবিল, যোচাদকৰ পুত্ৰ যেচুৱা, অৱশিষ্ট পুৰোহিতসকল আৰু লেবীয়াসকল আৰু যিসকল বন্দী অৱস্থাৰ পৰা মুকলি হৈ যিৰূচালেমলৈ আহিছিল, তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিলে। যিহোৱাৰ গৃহৰ কাৰ্য্যৰ তত্বাৱধান কৰিবলৈ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লেবীয়াসকলক নিযুক্ত কৰিলে।
Ezra 3:12 in Assamese 12 কিন্তু যিসকলে প্রথমবাৰৰ বাবে গৃহৰ ভিত্তিমূল স্থাপন কৰা নিজ চকুৰে দেখিলে, তেনে বহু পুৰোহিত, লেবীয়া, সন্মানীয় লোক, আৰু বৃদ্ধ লোকে চিঞৰি চিঞৰি কান্দিলে। আনহাতে অনেক লোক আনন্দত উত্তেজিত হ’ল আৰু উচ্ছ-স্বৰে জয়-ধ্বনি কৰিলে।
Psalm 53:6 in Assamese 6 ইস্রায়েলৰ পৰিত্রাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।
Jeremiah 16:15 in Assamese 15 কিন্তু এনেকৈ কব, যে, যি জনাই ইস্ৰায়েলৰ সন্তানসকলক উত্তৰ দেশৰ পৰা, আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল, সেই সকলো দেশৰ পৰা আনিলে, সেই যিহোৱাৰ জীৱনৰ শপত। মই তেওঁলোকৰ পূৰ্ব্ব-পুৰুষসকলক যি দেশ দিছিলোঁ, সেই দেশলৈ পুনৰায় তেওঁলোকক আনিম।
Jeremiah 23:5 in Assamese 5 যিহোৱাই কৈছে, “চোৱা, যি সময়ত মই দায়ুদৰ বংশত এক ধাৰ্ম্মিক গজালি উৎপন্ন কৰিম এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব।
Jeremiah 23:7 in Assamese 7 এই হেতুকে যিহোৱাই কৈছে, “চোৱা, এনে কোনো দিন আহিছে,” যে, ‘সেই দিনা তেওঁলোকে আৰু নকব, যি জনাই ইস্ৰায়েলৰ সন্তানসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, সেই ‘যিহোৱাৰ জীৱনৰ শপত’;
Jeremiah 27:11 in Assamese 11 কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।”
Jeremiah 27:22 in Assamese 22 সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”
Jeremiah 29:14 in Assamese 14 আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।
Jeremiah 30:10 in Assamese 10 এই হেতুকে, যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; হে ইস্ৰায়েল ব্যাকুল নহবা। কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী-অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। কাৰণ যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
Jeremiah 30:18 in Assamese 18 যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।
Jeremiah 31:23 in Assamese 23 ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্ম্মনিবাস, হে পৱিত্ৰ পৰ্ব্বত, যহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
Jeremiah 31:27 in Assamese 27 যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
Jeremiah 31:31 in Assamese 31 যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
Jeremiah 31:38 in Assamese 38 যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
Jeremiah 32:37 in Assamese 37 চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খোৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
Jeremiah 32:44 in Assamese 44 তেওঁলোকে ধন দি শস্যক্ষেত্ৰ কিনিব, আৰু দলীলত চহি দি, মোহৰ মাৰি বন্ধ কৰিব। বিন্যামীন প্ৰদেশত, যিৰূচালেমৰ চাৰিওফালে থকা ঠাইত, আৰু যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলৰ নিম্ন-ভুমিৰ, আৰু দক্ষিণ অঞ্চলৰ নগৰবোৰত সাক্ষী মাতিব; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম” - এয়ে যিহোৱাৰ ঘোষণা।
Jeremiah 33:7 in Assamese 7 কিয়নো মই যিহূদা আৰু ইস্ৰায়েলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু আগৰ দৰে পুনৰায় তেওঁলোকক স্থাপন কৰিম।
Jeremiah 33:14 in Assamese 14 যিহোৱাই কৈছে - “চোৱা, ইস্ৰায়েল-বংশ আৰু যিহূদা-বংশৰ বিষয়ে মই কোৱা মঙ্গল-বাক্য যি দিনা সিদ্ধ কৰিম, এনে দিনবোৰ আহি আছে।
Jeremiah 33:26 in Assamese 26 তেতিয়া মই যাকোবৰ আৰু মোৰ দাস দায়ূদৰ বংশকো অগ্ৰাহ্য কৰি আব্ৰাহাম, ইচ্হাক আৰু যাকোবৰ বংশৰ ওপৰত শাসন কৰিবলৈ তেওঁৰ বংশৰ এজনকো নলম; কিয়নো মই তেওঁলোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ প্রতি দয়া কৰিম।
Ezekiel 20:42 in Assamese 42 তেতিয়া যি দেশ তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই ইস্ৰায়েল দেশলৈ মই তোমালোকক যেতিয়া আনিম তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Ezekiel 28:25 in Assamese 25 প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: ‘মই যেতিয়া ইস্ৰায়েল বংশৰ ছিন্ন-ভিন্ন হোৱা লোকসকলৰ পৰা তেওঁলোকক গোট খোৱাম, আৰু যাতে জাতিসকলৰ সাক্ষাতে মই তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই মোৰ দাস যাকোবক দিয়া দেশখনত তেওঁলোকে নিজ দেশতে বাস কৰিব।
Ezekiel 36:24 in Assamese 24 কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম।
Ezekiel 37:21 in Assamese 21 আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তানসকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।
Ezekiel 39:25 in Assamese 25 কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
Ezekiel 47:14 in Assamese 14 আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।
Joel 3:1 in Assamese 1 চোৱা, সেইবোৰ দিনত আৰু সময়ত, মই যিহূদাৰ আৰু যিৰূচালেমৰ বন্দী-অৱস্থাত থকা লোকসকলক ঘূৰাই আনিম,
Amos 9:14 in Assamese 14 বন্দী অৱস্থাত থকা মোৰ লোক ইস্ৰায়েলীয়াসকলক মই পুনৰ ঘূৰাই আনিম; তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰায় সাজিব আৰু সেইবোৰত বাস কৰিব; তেওঁলোকে আঙুৰ খেতি কৰি দ্রাক্ষাৰস পান কৰিব; তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব;
Obadiah 1:19 in Assamese 19 আৰু দক্ষিণ অঞ্চলত লোকসকলে এচৌৰ পৰ্ব্বত অধিকাৰ কৰিব, আৰু নিম্নভূমিৰ লোকসকলে ফিলিষ্টীয়া সকলৰ দেশ অধিকাৰ কৰিব। তেওঁলোকে ইফ্ৰয়িমৰ আৰু চমৰিয়াৰ ভূমি অধিকাৰ কৰিব; আৰু বিন্যামীনীয়া লোকসকলে গিলিয়দ অধিকাৰ কৰিব।
Zephaniah 3:20 in Assamese 20 সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”
Luke 17:22 in Assamese 22 পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা, কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব।
Luke 19:43 in Assamese 43 কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,
Luke 21:6 in Assamese 6 “এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”
Hebrews 8:8 in Assamese 8 কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত ক’লে, ‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম,