Jeremiah 3:25 in Assamese 25 সেয়েহে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্ব্ব-পুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলো।”
Other Translations King James Version (KJV) We lie down in our shame, and our confusion covereth us: for we have sinned against the LORD our God, we and our fathers, from our youth even unto this day, and have not obeyed the voice of the LORD our God.
American Standard Version (ASV) Let us lie down in our shame, and let our confusion cover us; for we have sinned against Jehovah our God, we and our fathers, from our youth even unto this day; and we have not obeyed the voice of Jehovah our God.
Bible in Basic English (BBE) Let us be stretched on the earth in our downfall, covering ourselves with our shame: for we have been sinners against the Lord our God, we and our fathers, from our earliest years even till this day: and we have not given ear to the voice of the Lord our God.
Darby English Bible (DBY) We lie down in our shame, and our confusion covereth us; for we have sinned against Jehovah our God, we and our fathers, from our youth even unto this day, and have not hearkened to the voice of Jehovah our God.
World English Bible (WEB) Let us lie down in our shame, and let our confusion cover us; for we have sinned against Yahweh our God, we and our fathers, from our youth even to this day; and we have not obeyed the voice of Yahweh our God.
Young's Literal Translation (YLT) We have lain down in our shame, and cover us doth our confusion, For against Jehovah our God we have sinned, We, and our fathers, from our youth even unto this day, Nor have we hearkened to the voice of Jehovah our God!
Cross Reference Deuteronomy 31:17 in Assamese 17 যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
Judges 2:2 in Assamese 2 তোমালোকেও এই দেশৰ লোকসকলৰ সৈতে কোনো চুক্তি নকৰিবা; সিহঁতৰ বেদিবোৰ ভাঙি পেলাবা।’ কিন্তু তোমালোকে মোৰ কথালৈ কাণ নিদিলা। তোমালোকে কিয় এনে কার্য কৰিলা?
Ezra 9:6 in Assamese 6 মই কলোঁ, “হে মোৰ ঈশ্বৰ, মই আপোনাৰ সন্মুখত মুখ তুলিবলৈ অতি লজ্জিত আৰু দুখিত হৈছোঁ। কিয়নো আমাৰ অপৰাধবোৰ বৃদ্ধি পাই সীমা চেৰাই গৈছে, আৰু আমাৰ দোষবোৰ বাঢ়ি গৈ আকাশ স্পৰ্শ কৰিছে।
Nehemiah 9:32 in Assamese 32 সেয়েহে এতিয়া, হে আমাৰ মহান, পৰাক্রমী, আৰু ঐশ্ৱৰ্য্যৱান ঈশ্বৰ, আপুনি নিয়ম ৰক্ষা কৰোঁতা ঈশ্ৱৰ আৰু আপোনাৰ প্রেম সদা কাললৈকে একে। ৰজা অচুৰীয়াৰ ৰাজত্ব কৰা দিনৰ পৰা আজিলৈকে আমাৰ, আমাৰ ৰজা, কোঁৱৰ, পুৰোহিত, ভাববাদী, আমাৰ পূৰ্ব-পুৰুষ, আৰু আপোনাৰ সকলো লোকৰ ওপৰলৈ অহা দুখ যাতনা আপোনাৰ দৃষ্টিত যেন নগণ্য নহওক।
Psalm 106:7 in Assamese 7 মিচৰত থকাৰ সময়ত আমাৰ পূর্বপুৰুষসকলে তোমাৰ আচৰিত কার্যবোৰৰ মান্যতা নিদিলে; তোমাৰ প্ৰচুৰ প্রেমৰ কথাও সোঁৱৰণ নকৰিলে; বৰং তেওঁলোকে সমুদ্ৰৰ তীৰত চুফ সাগৰৰ দাঁতিত সর্বোপৰি জনাৰ বিৰুদ্ধাচৰণ কৰিলে।
Psalm 109:29 in Assamese 29 মোৰ বিৰোধীসকলে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
Proverbs 5:13 in Assamese 13 মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।
Isaiah 48:8 in Assamese 8 তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল। কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্রোহী।
Isaiah 50:11 in Assamese 11 চোৱা, তোমালোক যিসকলৱে জুই জ্বলোৱা, আৰু যি জনে নিজকে টর্চলৈইটেৰে সজ্জিত কৰা: তোমালোকে নিজৰ জুইৰ পোহৰত আৰু তোমালোকে জ্বলোৱা সেই অগ্নিশিখাৰ পোহৰত খোজ কাঢ়া। যিহোৱাই কৈছে ‘মোৰ হাতৰ পৰা’‘এই সকলো তোমালোকলৈ ঘতিব:কষ্টৰ ঠাইত তোমালোকে শয়ন কৰিবা।’
Jeremiah 2:2 in Assamese 2 যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ: “মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা; তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা;
Jeremiah 2:17 in Assamese 17 তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
Jeremiah 2:19 in Assamese 19 তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধম্কি দিব। এই হেতুকে তুমি ঈশ্বৰ যিহোৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা, ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ যিহোৱাৰ বচন।
Jeremiah 2:26 in Assamese 26 চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাবাদীসকলে লাজ পাইছে।
Jeremiah 6:26 in Assamese 26 হে মোৰ জাতিস্বৰূপা জীয়াৰী, কঁকালত চট বান্ধা, আৰু ছাইত বাগৰা; একেটি পুত্ৰৰ মৃত্যুৰ বাবে শোক কৰাৰ দৰে শোক কৰা। আৰু অত্যন্ত বিলাপ কৰা, কিয়নো বিনষ্ট কৰোঁতাই অকস্মাতে আমাৰ ওপৰত আক্ৰমণ চলাব।
Jeremiah 22:21 in Assamese 21 তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।
Lamentations 5:7 in Assamese 7 আমাৰ পূৰ্ব্ব-পুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।
Lamentations 5:16 in Assamese 16 আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
Ezekiel 7:18 in Assamese 18 তেওঁলোকে চট কাপোৰ পিন্ধিব আৰু মহাত্ৰাস তেঔঁলোকৰ আৱৰণস্বৰূপ হ’ব; প্রতিজনৰ মুখমণ্ডল লজ্জিত হ’ব আৰু তেওঁলোকৰ সকলো মূৰ টকলা কৰা হ’ব।
Ezekiel 36:32 in Assamese 32 প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’
Daniel 9:6 in Assamese 6 আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মূখ্যলোক, পূৰ্ব্ব-পুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
Daniel 12:2 in Assamese 2 পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।
Romans 6:21 in Assamese 21 তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।