Jeremiah 29:11 in Assamese 11 কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
Other Translations King James Version (KJV) For I know the thoughts that I think toward you, saith the LORD, thoughts of peace, and not of evil, to give you an expected end.
American Standard Version (ASV) For I know the thoughts that I think toward you, saith Jehovah, thoughts of peace, and not of evil, to give you hope in your latter end.
Bible in Basic English (BBE) For I am conscious of my thoughts about you, says the Lord, thoughts of peace and not of evil, to give you hope at the end.
Darby English Bible (DBY) For I know the thoughts that I think toward you, saith Jehovah, thoughts of peace, and not of evil, to give you in your latter end a hope.
World English Bible (WEB) For I know the thoughts that I think toward you, says Yahweh, thoughts of peace, and not of evil, to give you hope in your latter end.
Young's Literal Translation (YLT) For I have known the thoughts that I am thinking towards you -- an affirmation of Jehovah; thoughts of peace, and not of evil, to give to you posterity and hope.
Cross Reference Job 23:13 in Assamese 13 কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
Psalm 33:11 in Assamese 11 যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
Psalm 40:5 in Assamese 5 হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা! আমাক লৈ তোমাৰ পৰিকল্পনা অনেক! তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰো, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
Isaiah 40:1 in Assamese 1 তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
Isaiah 46:10 in Assamese 10 মই আৰম্ভনিৰে পৰা শেষৰ কথা ঘোষনা কৰিছো, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰো সেই দৰে কৰিম।”
Isaiah 55:8 in Assamese 8 “কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়”-এইয়া যিহোৱাৰ ঘোষনা।
Jeremiah 3:12 in Assamese 12 গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখো। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
Jeremiah 30:18 in Assamese 18 যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।
Jeremiah 31:1 in Assamese 1 “সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
Lamentations 3:26 in Assamese 26 যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।
Ezekiel 34:11 in Assamese 11 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ ভেড়াবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।
Ezekiel 36:1 in Assamese 1 এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা!
Ezekiel 39:1 in Assamese 1 “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তূবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ।
Hosea 2:14 in Assamese 14 এই হেতুকে মই এতিয়া তাইক বিমোহিত কৰিম আৰু তাইক মৰুপ্রান্তৰলৈ আনি তাইৰে সৈতে মৰমেৰে কথা পাতিম।
Hosea 3:5 in Assamese 5 তাৰপাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।
Hosea 14:2 in Assamese 2 মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা, “আমাৰ সকলো পাপ-অপৰাধ দূৰ কৰক আৰু আমাৰ যি উত্তম, তাক গ্ৰহণ কৰক; যাতে আমি আমাৰ ওঁঠেৰে আপোনাৰ প্রশংসা কৰিব পাৰো।
Joel 2:28 in Assamese 28 তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ভাববাণী প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
Amos 9:8 in Assamese 8 চোৱা, প্রভু যিহোৱাৰ দৃষ্টি অৱশ্যেই এই পাপপূৰ্ণ ৰাজ্যৰ ওপৰত আছে। পৃথিৱীৰ পৰা মই তাক উচ্ছন্ন কৰিম। তথাপিও মই যাকোবৰ বংশক সম্পূর্ণকৈ ধ্বংস নকৰিম।
Micah 4:12 in Assamese 12 ভাববাদীয়ে কৈছে, “তেওঁলোকে যিহোৱাৰ কল্পনাবোৰ নাজানে, নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে; কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰি গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে।”
Micah 5:4 in Assamese 4 যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, আৰু তেওঁৰ পশুৰ জাক চৰাব, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, তেওঁলোকে বাস কৰিব; কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব।
Micah 7:14 in Assamese 14 আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক ; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
Zephaniah 3:14 in Assamese 14 হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!
Zechariah 1:6 in Assamese 6 কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”
Zechariah 8:14 in Assamese 14 কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ,
Zechariah 9:9 in Assamese 9 হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
Zechariah 12:5 in Assamese 5 তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে নিজ নিজ মনতে ক’ব, ‘যিৰূচালেম নিবাসীসকল আমাৰ বল, কাৰণ বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঈশ্বৰ’।
Zechariah 14:20 in Assamese 20 কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব;
Revelation 14:8 in Assamese 8 তাৰ পাছত প্ৰথম স্বৰ্গৰ দূত জনক অনুসৰণ কৰি দ্বিতীয় দূত এজনে ক’লে, “যি বাবিলে (বেবিলনে) নিজ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰস সকলো জাতিক পান কৰাইছিল, সেই মহা-বাবিল (মহা বেবিলন) পৰিল, পৰিল।”