Jeremiah 26:19 in Assamese 19 কোৱাচোন, যিহূদাৰ হিস্কিয়া ৰজাই আৰু গোটেই যিহূদাই জানো তেওঁক বধ কৰিছিল? হিস্কিয়াই জানো যিহোৱালৈ ভয় কৰা নাছিল? আৰু তেওঁ জানো যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাছিল? তাতে যিহোৱাই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা জানো নাথামিল? তোমালোকে কোৱাৰ দৰে কৰিলে আৰু নিজ নিজ প্ৰাণৰ অহিতে মহা-অমঙ্গল ঘটাম।
Other Translations King James Version (KJV) Did Hezekiah king of Judah and all Judah put him at all to death? did he not fear the LORD, and besought the LORD, and the LORD repented him of the evil which he had pronounced against them? Thus might we procure great evil against our souls.
American Standard Version (ASV) Did Hezekiah king of Judah and all Judah put him to death? did he not fear Jehovah, and entreat the favor of Jehovah, and Jehovah repented him of the evil which he had pronounced against them? Thus should we commit great evil against our own souls.
Bible in Basic English (BBE) Did Hezekiah and all Judah put him to death? did he not in the fear of the Lord make prayer for the grace of the Lord, and the Lord let himself be turned from the decision he had made against them for evil? By this act we might do great evil against ourselves.
Darby English Bible (DBY) Did Hezekiah king of Judah and all Judah put him at all to death? Did he not fear Jehovah, and supplicate Jehovah, and Jehovah repented him of the evil that he had pronounced against them? And we should be doing a great evil against our souls.
World English Bible (WEB) Did Hezekiah king of Judah and all Judah put him to death? Didn't he fear Yahweh, and entreat the favor of Yahweh, and Yahweh repented him of the evil which he had pronounced against them? Thus should we commit great evil against our own souls.
Young's Literal Translation (YLT) `Put him at all to death did Hezekiah king of Judah, and all Judah? Did he not fear Jehovah? yea, he appeaseth the face of Jehovah, and Jehovah repenteth concerning the evil that He spake against them; and we are doing great evil against our souls.
Cross Reference Exodus 32:14 in Assamese 14 তেতিয়া যিহোৱাই নিজৰ লোকসকলৰ যি অপকাৰ কৰিম বুলি কৈছিল, তাৰ পৰা ক্ষান্ত হ’ল।
Numbers 16:38 in Assamese 38 নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তানসকললৈ চিন হ’ব।
Numbers 35:33 in Assamese 33 এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে।
2 Samuel 24:16 in Assamese 16 পাছত যেতিয়া দূতে যিৰূচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহোৱাই সেই আপদৰ বাবে খেদ কৰি সংহাৰক দূতক ক’লে, “এয়ে জুৰিছে! এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱা সেই দূত যিবূচীয়া অৰৌণাৰ মৰণা মৰা খলাৰ ওচৰত আছিল।
2 Chronicles 29:6 in Assamese 6 কিয়নো আমাৰ পূর্ব-পুৰুষসকলে সত্যলঙ্ঘন কৰিলে আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে, বিশেষকৈ তেওঁলোকে তেওঁক ত্যাগ কৰিলে আৰু যিহোৱাৰ নিবাসৰ ঠাইৰ পৰা বিমুখ হৈ তালৈ পিঠি দিলে।
2 Chronicles 32:20 in Assamese 20 পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে।
2 Chronicles 32:25 in Assamese 25 কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
2 Chronicles 34:21 in Assamese 21 “তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”
Isaiah 26:21 in Assamese 21 কিযনো চোৱা, পৃথিৱীৰ নিবাসীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিবলৈ তেওঁ নিজৰ ঠাইৰ পৰা ওলাই আহিছে, পৃথিৱীয়ে তাৰ ৰক্তপাত দেখুৱাই দিব, আৰু নিজৰ হ’ত হোৱা লোকক আৰু ঢাকি নাৰাখিব।”
Isaiah 37:1 in Assamese 1 সেই কথা শুনা মাত্ৰে ৰজা হিষ্কিয়াই নিজৰ বস্ত্ৰ ফালি চট কাপোৰ পিন্ধিলে, আৰু যিহোৱাৰ গৃহলৈ গ’ল।
Isaiah 37:4 in Assamese 4 যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক।
Isaiah 37:15 in Assamese 15 হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে,
Jeremiah 26:3 in Assamese 3 কিজানি তেওঁলোকে শুনি নিজ নিজ কু-পথৰ পৰা উলটিব; সেয়ে হ’লে, তেওঁলোকৰ দুষ্টতাৰ বাবে মই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা থামিম।
Jeremiah 26:15 in Assamese 15 কিন্তু তোমালোকে নিশ্চয়ে জানিবা, যে, যদি তোমালোকে মোক বধ কৰা, তেন্তে তোমালোকৰ নিজৰ নিজৰ, এই নগৰৰ, আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ ঘটোৱাব। কিয়নো সঁচাকৈ সেই সকলো কথা তোমালোকৰ কাণত ক’বলৈ যিহোৱাই মোক তোমালোকৰ গুৰিলৈ পঠিয়ালে।”
Jeremiah 44:7 in Assamese 7 এই হেতুকে এতিয়া ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তোমালোক উচ্ছন্ন হ’বলৈ আৰু পৃথিৱীৰ সকলো জাতিৰ মাজত অভিশাপ আৰু ধিক্কাৰৰ বিষয় হ’বলৈ, তোমালোকে প্ৰবাস কৰিবলৈ অহা এই মিচৰ দেশত ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাই তোমালোকৰ হাতৰ কাৰ্য্যেৰে মোক বেজাৰ দিলা।
Lamentations 4:13 in Assamese 13 সেই ভাববাদীসকলৰ পাপৰ আৰু সেই পুৰোহিতসকলৰ অপৰাধৰ বাবে এয়ে ঘটিল তাৰ যি ভাববাদীসকলে আৰু তাৰ যি পুৰোহিতসকলে তাৰ ভিতৰত ধাৰ্ম্মিকসকলৰ ৰক্তপাত কৰিছিল।
Habakkuk 2:10 in Assamese 10 তুমি অনেক লোকক উচ্ছন্ন কৰিবলৈ তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা, আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা।
Matthew 23:35 in Assamese 35 তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদীৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
Matthew 27:24 in Assamese 24 তেতিয়া পীলাতে দেখিলে যে, তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে, ইয়াকে দেখি পীলাতে লোক সকলৰ আগত পানী লৈ হাত ধুই ক’লে, “এই ধাৰ্মিক জনৰ ৰক্তপাতত মই নিৰ্দ্দোষী; এওঁক তোমালোকেই চাবা।”
Luke 3:19 in Assamese 19 ৰজা হেৰোদে নিজৰ ভায়েকৰ ভার্যা হেৰোদিয়াক বিয়া কৰোঁৱা আৰু তেওঁ কৰা অন্যান্য কু-কর্মবোৰৰ কাৰণে যোহনে হেৰোদকো তিৰস্কাৰ কৰিলে।
Acts 5:39 in Assamese 39 কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।
Revelation 6:9 in Assamese 9 যেতিয়া মেষ পোৱালিটোৱে পঞ্চম ছাব মেলিলে, তেতিয়া বেদীৰ তলত, যি লোক সকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ।
Revelation 16:6 in Assamese 6 যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাৱবাদী সকলৰ ৰক্তপাত কৰিলে, আৰু তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”
Revelation 18:20 in Assamese 20 “হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাৱবাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”