Jeremiah 23:36 in Assamese 36 “যিহোৱাৰ ভাৰ-বাক্য” এই বুলি তোমালোকে আৰু উল্লেখ নকৰিবা; কাৰণ প্ৰতিজনৰ বাক্যেই তালৈ ভাৰস্বৰূপ হ’ব, কিয়নো তোমালোকে জীৱন্ত ঈশ্বৰৰ, আমাৰ ঈশ্বৰ বাহিনীসকলৰ যিহেৱাৰ বাক্য বিপৰীত কৰিছা।
Other Translations King James Version (KJV) And the burden of the LORD shall ye mention no more: for every man's word shall be his burden; for ye have perverted the words of the living God, of the LORD of hosts our God.
American Standard Version (ASV) And the burden of Jehovah shall ye mention no more: for every man's own word shall be his burden; for ye have perverted the words of the living God, of Jehovah of hosts our God.
Bible in Basic English (BBE) And you will no longer put people in mind of the word of weight of the Lord: for every man's word will be a weight on himself; for the words of the living God, of the Lord of armies, our God, have been twisted by you.
Darby English Bible (DBY) And the burden of Jehovah shall ye mention no more; for every man's own word shall be his burden: for ye have perverted the words of the living God, of Jehovah of hosts, our God.
World English Bible (WEB) The burden of Yahweh shall you mention no more: for every man's own word shall be his burden; for you have perverted the words of the living God, of Yahweh of Hosts our God.
Young's Literal Translation (YLT) And the burden of Jehovah ye do not mention any more, For the burden to each is -- His word, And ye have overturned the words of the living God, Jehovah of Hosts, our God.
Cross Reference Deuteronomy 5:26 in Assamese 26 মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
1 Samuel 17:26 in Assamese 26 তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই ফিলিষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নত ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
1 Samuel 17:36 in Assamese 36 আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ ফিলিষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
2 Kings 19:4 in Assamese 4 আপোনাৰ ঈশ্বৰ যিহোৱাই সম্ভৱতঃ ৰবচাকিৰ সকলো কথাই শুনিলে, যিজনক তেওঁৰ প্রভু অচূৰৰ ৰজাই জীৱন্ত ঈশ্বৰক ঠাট্টা-বিদ্রূপ কৰিবলৈ পঠাইছিল; হয়তো আপোনাৰ ঈশ্বৰ যিহোৱাই সেই সকলো কথা শুনি তেওঁক শাস্তি দিব। সেয়ে যিসকল এতিয়াও জীয়াই আছে, তেওঁলোকৰ কাৰণে আপুনি প্রার্থনা কৰক’।”
Psalm 12:3 in Assamese 3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
Psalm 64:8 in Assamese 8 তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰুদ্ধি হ’ল; যি সকলে তেওঁলোকক অস্থিৰভাৱে দেখিব; তেওঁলোক সকলোৱে সেইসকলক দেখি মূৰ জোকাৰিব।
Psalm 120:3 in Assamese 3 হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব?
Psalm 149:9 in Assamese 9 যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Proverbs 17:20 in Assamese 20 কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়; যিজনে মিছ কথা কয়, তেওঁ বিপদত পৰে।
Isaiah 3:8 in Assamese 8 কাৰণ যিৰূচালেম ধ্বংস হৈছে, আৰু যিহূদা পতিত হৈছে; কিয়নো তেওঁলোকৰ কথা আৰু কাৰ্যবোৰ যিহোৱাৰ বিৰুদ্ধে, এনে কি, তেওঁৰ ৰাজকীয় ক্ষমতাও অমান্য কৰা হৈছে।
Isaiah 28:13 in Assamese 13 সেয়ে তেওঁলোকে গৈ যেন উজুটি খাই চিত হৈ পৰি ভগ্ন হ’ব, আৰু ফান্দত ধৰা পৰিব, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ বাক্য “আজ্ঞাৰ উপৰিও আজ্ঞা, “আজ্ঞাৰ উপৰিও আজ্ঞা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, ইয়াত অলপ তাত অলপ হ’ব।”
Isaiah 28:22 in Assamese 22 এতিয়া সেই কাৰণে নিন্দা নকৰিবা, বা তোমালোকৰ বান্ধ শকত হ’ব; কিয়নো মই বাহিনীসকলৰ যিহোৱা প্ৰভুৰ পৰা গোটেই পৃথিৱীত উচ্ছন্নতাৰ আজ্ঞা শুনিলোঁ।
Jeremiah 10:10 in Assamese 10 কিন্তু যিহোৱা সত্য ঈশ্বৰ। তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে, আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে।
Matthew 12:36 in Assamese 36 কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
Luke 19:22 in Assamese 22 ভদ্ৰবংশীয় লোক জনে তেওঁক ক’লে, ‘হেৰ দুষ্ট দাস, তোৰ নিজৰ মুখৰ কথাৰেই তোৰ সোধ-বিচাৰ কৰিম; মই কঠিন মানুহ, যিহকে থোৱা নাই, তাকে তোলোঁ, যিহকে বোৱা নাই, তাকে দাওঁ, ইয়াকে তই জানিছিলি;
Acts 14:15 in Assamese 15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, এই জগত, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেইজনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
Galatians 1:7 in Assamese 7 আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
Galatians 6:5 in Assamese 5 কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
1 Thessalonians 1:9 in Assamese 9 কাৰণ লোক সকলে আমাক জনাইছে যে, আপোনালোকে কিদৰে আমাক গ্ৰহণ কৰিছিল আৰু কি ভাবে আপোনালোকে মূর্তি পূজাৰ পৰা ঘূৰি জীৱন্ত আৰু সত্য ঈশ্বৰৰ সেৱা কৰি আছে৷
2 Peter 2:17 in Assamese 17 এই লোক সকল পানী নথকা ভুমুকৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
2 Peter 3:16 in Assamese 16 আৰু এইবোৰ বিষয়ৰ প্ৰসঙ্গ কৰি সকলো পত্ৰত লিখিলে; কোনো কোনো ঠাইত বুজিবলৈ টান কথা আছে; অজ্ঞ আৰু বিশ্বাসত দুর্ব্বল মানুহবোৰে ধৰ্মশাস্ত্ৰৰ অন্যান্য কথাৰ যেনেকৈ বিকৃত অর্থ কৰে, তেনেকৈ পৌলৰ কথাৰ বিকৃত অর্থ কৰি নিজকেই বিনাশৰ পথত লৈ যায়।
Jude 1:15 in Assamese 15 সকলো লোকৰ সোধ-বিচাৰ কৰিবলৈ আৰু ভক্তিহীন সকলে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লঙ্ঘন কৰিলে আৰু ভক্তিহীন পাপী লোকে তেওঁৰ বিৰুদ্ধে যি কঠিন কথা ক’লে, সেই সকলোবোৰ বিষয়ত থকা দোষৰ প্ৰমাণ দিবলৈ আহিল৷”