Jeremiah 22:3 in Assamese 3 যিহোৱাই এইদৰে কৈছে: “তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰা আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা; বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা নাইবা এই ঠাইত নিৰ্দ্দোষীৰ ৰক্তপাত নকৰিবা।
Other Translations King James Version (KJV) Thus saith the LORD; Execute ye judgment and righteousness, and deliver the spoiled out of the hand of the oppressor: and do no wrong, do no violence to the stranger, the fatherless, nor the widow, neither shed innocent blood in this place.
American Standard Version (ASV) Thus saith Jehovah: Execute ye justice and righteousness, and deliver him that is robbed out of the hand of the oppressor: and do no wrong, do no violence, to the sojourner, the fatherless, nor the widow; neither shed innocent blood in this place.
Bible in Basic English (BBE) This is what the Lord has said: Do what is right, judging uprightly, and make free from the hands of the cruel one him whose goods have been violently taken away: do no wrong and be not violent to the man from a strange country and the child without a father and the widow, and let not those who have done no wrong be put to death in this place.
Darby English Bible (DBY) Thus saith Jehovah: Execute judgment and righteousness, and deliver the spoiled out of the hand of the oppressor; and do no wrong, do no violence to the stranger, the fatherless, or the widow, and shed not innocent blood in this place.
World English Bible (WEB) Thus says Yahweh: Execute you justice and righteousness, and deliver him who is robbed out of the hand of the oppressor: and do no wrong, do no violence, to the foreigner, the fatherless, nor the widow; neither shed innocent blood in this place.
Young's Literal Translation (YLT) Thus said Jehovah: Do ye judgment and righteousness, And deliver the plundered from the hand of the oppressor, And sojourner, orphan, and widow, ye do not oppress nor wrong, And innocent blood ye do not shed in this place.
Cross Reference Exodus 22:22 in Assamese 22 তোমালোকে বিধৱা আৰু পিতৃহীন সন্তানক বেয়া ব্যৱহাৰ নকৰিবা।
Exodus 23:6 in Assamese 6 তোমালোকে কোনো দৰিদ্ৰ লোকৰ বিচাৰত তেওঁৰ প্রতি অন্যায় বিচাৰ নকৰিবা।
Leviticus 19:15 in Assamese 15 তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
Deuteronomy 10:18 in Assamese 18 তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
Deuteronomy 16:18 in Assamese 18 ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
Deuteronomy 19:10 in Assamese 10 আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।
Deuteronomy 24:7 in Assamese 7 কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব।
Deuteronomy 25:1 in Assamese 1 যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব;
Deuteronomy 27:19 in Assamese 19 যি কোনোৱে বিদেশী, পিতৃহীন আৰু বিধৱাৰ প্রতি অন্যায় বিচাৰ হ’বলৈ দিয়ে, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’
2 Samuel 23:3 in Assamese 3 ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
2 Kings 24:4 in Assamese 4 আৰু তেওঁ কৰা নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাতৰ কাৰণে। মনচিয়ে নির্দ্দোষীসকলৰ তেজেৰে যিৰূচালেম পূৰ্ণ কৰিছিল আৰু যিহোৱাই ইয়াক ক্ষমা কৰিবলৈ মান্তি নহ’ল।
Job 22:9 in Assamese 9 তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা; আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল।
Job 24:9 in Assamese 9 কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়, আৰু দুখীয়াৰ পৰা বন্ধক লয়।
Job 29:7 in Assamese 7 যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, চকত মোৰ আসন যুগুত কৰিছিলোঁ,
Psalm 68:5 in Assamese 5 ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
Psalm 72:2 in Assamese 2 তেওঁ ধাৰ্ম্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
Psalm 94:6 in Assamese 6 বিধৱা আৰু বিদেশী লোকক তেওঁলোকে বধ কৰিছে; অনাথ সকলক হত্যা কৰিছে;
Psalm 94:21 in Assamese 21 তেওঁলোকে ধাৰ্ম্মিকৰ প্ৰাণৰ বিৰুদ্ধে গোট খায়; তেওঁলোকে নির্দোষীক মৃত্যুদণ্ড বিহিবলৈ দোষী কৰে।
Proverbs 6:17 in Assamese 17 গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দোষীৰ তেজত পতিত হোৱা হাত,
Proverbs 23:10 in Assamese 10 পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা;
Isaiah 1:15 in Assamese 15 সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত তেজেৰে পৰিপূৰ্ণ হৈছে।
Isaiah 1:23 in Assamese 23 তোমালোকৰ শাসনকৰ্ত্তাসকল বিদ্ৰোহী আৰু চুৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকৰ আগত নাহে।
Jeremiah 5:28 in Assamese 28 তেওঁলোক ৰিষ্ট-পুষ্ট আৰু চিক্চিকীয়া, এনে কি, তেওঁলোকে দুষ্কৰ্ম্মত অতিৰিক্ত কৰে। তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, পিতৃহীনৰ কুশলৰ অৰ্থে তেওঁলোকে বিচাৰত প্ৰতিবাদ নকৰে, আৰু দৰিদ্ৰসকলৰ বিচাৰ নিস্পত্তি নকৰে।
Jeremiah 7:5 in Assamese 5 কিয়নো যদি তোমালোকে নিজ নিজ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য্য সম্পূৰ্ণকৈ শুধৰোঁৱা, যদি কোনো মানুহ আৰু তাৰ ওচৰ-চুবুৰীয়াৰ মাজত তোমালোকে ন্যায় বিচাৰ সম্পূৰ্ণকৈ সিদ্ধ কৰা,
Jeremiah 9:24 in Assamese 24 কিন্তু যি জনে গৌৰৱ কৰে, তেওঁ ইয়াতহে গৌৰৱ কৰে, যে, তেওঁ মোৰ বিষয়ে বুজে আৰু জানে, যে মই পৃথিৱীত দয়া, বিচাৰ আৰু ধাৰ্ম্মিকতা সিদ্ধ কৰোঁতা যিহোৱা; কিয়নো এইবোৰত মই সন্তুক পাওঁ, ইয়াক যিহোৱাই কৈছে।
Jeremiah 21:12 in Assamese 12 হে দায়ুদৰ বংশ, যিহোৱাই এইদৰে কৈছে: ‘তোমালোকে প্ৰতি ৰাতিপোৱা বিচাৰ নিস্পত্তি কৰা। আৰু অপহাৰিত জনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা। নতুবা তোমালোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্ৰোধ অগ্নি দৰে ওলাই কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
Jeremiah 22:17 in Assamese 17 কিন্তু তোমাৰ চকু আৰু মন; নিজৰ লাভ বিচৰাত বাজে, আৰু নিৰ্দ্দোষীত ৰক্তপাত কৰাত, আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোতো নালাগে।
Jeremiah 26:16 in Assamese 16 তেতিয়া প্ৰধান লোকসকল আৰু আটাই প্ৰজাই পুৰোহিত আৰু ভাববাদীসকলক ক’লে, “এই মানুহ প্ৰাণদণ্ডৰ যোগ্য নহয়; কিয়নো এওঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে আমাক কথা ক’লে।”
Ezekiel 22:7 in Assamese 7 তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
Joel 3:19 in Assamese 19 যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
Micah 3:11 in Assamese 11 তোমালোকৰ মুখ্য লোকসকলে উৎকোচৰ বাবে বিচাৰ কৰে, তোমালোকৰ পুৰোহিতসকলে মূল্যৰ বাবে শিক্ষা দিয়ে, আৰু তোমালোকৰ ভাববাদীসকলে ধনৰ বাবে ভৱিষ্যত বাণী কৰে, তথাপি তোমালোকে যিহোৱাৰ ওপৰত ভাৰসা কৰি কোৱা, “যিহোৱা আমাৰ লগত নাই নে? কোনো আপদ আমালৈ নাহিব;
Micah 6:8 in Assamese 8 হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
Zechariah 7:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
Malachi 3:5 in Assamese 5 বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অত্যাচাৰ কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, তেওঁলোক সকলোৰে বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
James 1:27 in Assamese 27 মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু জগতৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।