Jeremiah 22:21 in Assamese 21 তোমাৰ মঙ্গলৰ সময়ত মই তোমাক কৈছিলোঁ; কিন্তু তুমি, “মই নুশুনো” বুলি ক’লা। তুমি যে মোৰ বাক্য পালন নকৰা, এয়ে লৰা কালৰে পৰা তোমাৰ দস্তুৰ।
Other Translations King James Version (KJV) I spake unto thee in thy prosperity; but thou saidst, I will not hear. This hath been thy manner from thy youth, that thou obeyedst not my voice.
American Standard Version (ASV) I spake unto thee in thy prosperity; but thou saidst, I will not hear. This hath been thy manner from thy youth, that thou obeyedst not my voice.
Bible in Basic English (BBE) My word came to you in the time of your well-being; but you said, I will not give ear. This has been your way from your earliest years, you did not give attention to my voice.
Darby English Bible (DBY) I spoke unto thee in thy prosperity; [but] thou saidst, I will not hear. This hath been thy way from thy youth, that thou hearkenedst not unto my voice.
World English Bible (WEB) I spoke to you in your prosperity; but you said, I will not hear. This has been your manner from your youth, that you didn't obey my voice.
Young's Literal Translation (YLT) I have spoken unto thee in thine ease, Thou hast said, `I do not hearken,' This `is' thy way from thy youth, For thou hast not hearkened to My voice.
Cross Reference Deuteronomy 9:7 in Assamese 7 আপোনালোকে মৰুভূমিত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কেনেদৰে ক্রোধ জগাই তুলিছিল, তাক মনত ৰাখক, কেতিয়াও পাহৰি নাযাব। মিচৰ দেশ এৰি অহা দিনৰে পৰা আৰম্ভ কৰি এই ঠাই পোৱালৈকে আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰি আহিছে।
Deuteronomy 9:24 in Assamese 24 মই যেতিয়াৰে পৰা আপোনালোকক জানিছো, তেতিয়াৰে পৰা আপোনালোক সকলো সময়তে যিহোৱাৰ অবাধ্য হৈছে।
Deuteronomy 31:27 in Assamese 27 কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙিয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!
Deuteronomy 32:15 in Assamese 15 যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
Judges 2:11 in Assamese 11 সেয়ে তেওঁলোকে যিহোৱাৰ দৃষ্টিত যি বেয়া তেনে আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু বাল-দেৱতাবোৰৰ সেৱা-পূজা কৰিব ধৰিলে।
2 Chronicles 33:10 in Assamese 10 আৰু যিহোৱাই মনচিক আৰু তেওঁৰ লোকসকলক নানা কথা ক’লে; কিন্তু তেওঁলোকে কোনো মনোযোগ নিদিলে।
2 Chronicles 36:16 in Assamese 16 কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতসকলক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
Nehemiah 9:16 in Assamese 16 কিন্তু তেওঁলোক আৰু আমাৰ পূৰ্ব-পুৰুষ সকলে অসন্মান জনক কার্য কৰিলে। তেওঁলোক আঁকোৰগোঁজ আছিল, আৰু আপোনাৰ আজ্ঞাবোৰ শুনা নাছিল।
Psalm 106:6 in Assamese 6 আমাৰ পূর্বপুৰুষসকলৰ দৰে আমিও পাপ কৰিলো; আমি অধর্ম কৰিলো, দুষ্টতাৰ কার্য কৰিলো।
Proverbs 30:9 in Assamese 9 কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰো, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
Isaiah 48:8 in Assamese 8 তুমি কেতিয়াও শুনা নাই, জনাও নাই, তোমালোকে শুনিবৰ বাবে এইবোৰ কথা আগেয়ে মুকলি হোৱা নাছিল। কাৰণ মই জানো, যে তুমি অতি প্রবঞ্চক, আৰু সেই তুমি জন্মৰে পৰা বিদ্রোহী।
Jeremiah 2:31 in Assamese 31 তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা। ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লোঁ, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’
Jeremiah 3:25 in Assamese 25 সেয়েহে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্ব্ব-পুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলো।”
Jeremiah 6:16 in Assamese 16 যিহোৱাই এই কথা কৈছে: যে, তোমালোকে চাৰিআলিৰ মূৰত থিয় হৈ চোৱা; আৰু প্ৰাচীন পথবোৰৰ বিষয়ে সোধা, ‘উত্তম পথ কোনটো? আৰু তাত চলা; তাতে তোমালোকৰ প্ৰাণত বিশ্ৰাম পাবলৈ এটি ঠাই বিচাৰি লোৱা; কিন্তু তেওঁলোকে ক’লে, আমি তাত নচলোঁ।
Jeremiah 7:22 in Assamese 22 কিয়নো যি দিনা মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
Jeremiah 32:30 in Assamese 30 কিয়নো ইস্ৰায়েল আৰু যিহূদাৰ সন্তানসকলে লৰা কালৰে পৰা মোৰ সাক্ষাতে কেৱল কু-কৰ্মহে কৰা লোক আছিল; ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ হাতৰ কাৰ্যৰে কেৱল মোক বেজাৰহে দিছে” - এয়ে যিহেৱাৰ ঘোষণা।
Jeremiah 35:15 in Assamese 15 মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
Jeremiah 36:21 in Assamese 21 তেতিয়া ৰজাই পুথিখন আনিবলৈ যিহূদীক পঠিয়ালে, যিহূদীয়ে ইলীচামা লিখকৰ কোঠালিৰ পৰা তাক আনিলে। আৰু ৰজাই শুনাকৈ, আৰু তেওঁৰ ওচৰত থিয় হৈ থকা সকলো প্ৰধান লোকে শুনাকৈ যিহূদীয়ে তাক পাঠ কৰিলে।
Ezekiel 20:8 in Assamese 8 কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে আৰু মোৰ কথা শুনিবলৈ অমান্তি হ’ল। তেওঁলোকে তেওঁলোকৰ চকুত লগা ঘিণলগীয়া বস্তুবোৰ দূৰ নকৰিলে, বা মিচৰৰ প্রতিমাবোৰো ত্যাগ নকৰিলে। তেতিয়া মই মিচৰ দেশৰ মাজত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Ezekiel 20:13 in Assamese 13 কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Ezekiel 20:21 in Assamese 21 কিন্তু সেই সন্তানসকলে মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে, বা যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য্য কৰিলে জীয়াই থাকিব পাৰে, মোৰ সেই শাসন প্ৰণালীবোৰ তেওঁলোকে পালন নকৰিলে। তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিলে। সেয়েহে মই অৰণ্যত তেওঁলোকৰ অহিতে মোৰ ক্ৰোধ সিদ্ধ কৰিবলৈ, তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।
Ezekiel 20:28 in Assamese 28 কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।
Ezekiel 23:3 in Assamese 3 তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যা-কৰ্ম্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যা-কৰ্ম্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।