Jeremiah 20:7 in Assamese 7 হে যিহোৱা, তুমি মোৰ প্ৰবৃত্তি জন্মোৱাতহে মোৰ প্ৰবৃত্তি জন্মিল; তুমি মোতকৈ বলৱান, এই কাৰণে তুমি মোক বলে পাৰিলা। মই ওৰে দিনটো হাঁহিয়াতৰ বিষয় হৈছোঁ, সকলোৱে মোক ঠাট্ৰা কৰে।
Other Translations King James Version (KJV) O LORD, thou hast deceived me, and I was deceived; thou art stronger than I, and hast prevailed: I am in derision daily, every one mocketh me.
American Standard Version (ASV) O Jehovah, thou hast persuaded me, and I was persuaded; thou art stronger than I, and hast prevailed: I am become a laughing-stock all the day, every one mocketh me.
Bible in Basic English (BBE) O Lord, you have been false to me, and I was tricked; you are stronger than I, and have overcome me: I have become a thing to be laughed at all the day, everyone makes sport of me.
Darby English Bible (DBY) Jehovah, thou hast enticed me, and I was enticed; thou hast laid hold of me, and hast prevailed; I am become a derision the whole day: every one mocketh me.
World English Bible (WEB) Yahweh, you have persuaded me, and I was persuaded; you are stronger than I, and have prevailed: I am become a laughing-stock all the day, every one mocks me.
Young's Literal Translation (YLT) Thou hast persuaded me, O Jehovah, and I am persuaded; Thou hast hardened me, and dost prevail, I have been for a laughter all the day, Every one is mocking at me,
Cross Reference Exodus 5:22 in Assamese 22 তেতিয়া মোচিয়ে যিহোৱাৰ ওচৰত প্রাৰ্থনা কৰি ক’লে, “হে প্ৰভু, আপুনি এই লোক সকলক বিপদত কিয় পেলালে? মোৰ আগৰ ঠাইলৈ মোক কিয় পঠিয়ালে?
Numbers 11:11 in Assamese 11 পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা?
2 Kings 2:23 in Assamese 23 পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
Psalm 22:6 in Assamese 6 কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোকসমূহে মোক তুচ্ছ জ্ঞান কৰে।
Psalm 35:15 in Assamese 15 কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; মোৰ অজ্ঞাতে সেই অত্যাচাৰীসকলে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
Psalm 69:9 in Assamese 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাসকলৰ নিন্দা মোৰ ওপৰত পৰিল।
Jeremiah 1:6 in Assamese 6 তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”
Jeremiah 1:18 in Assamese 18 কিয়নো শুনা! মই আজি সমুদায় দেশৰ, যিহূদাৰ ৰজাসকলৰ, ইয়াৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ আৰু দেশৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ।
Jeremiah 15:10 in Assamese 10 হায় হায়, হে মোৰ মাতৃ! সমস্ত পৃথিৱীত বিবাদ আৰু কন্দল কৰাকৈ তুমি মোক প্ৰসৱ কৰিলা। মই কাকো সুতলৈ ধাৰ দিয়া নাই, বা মোকো কোনেও সুতলৈ ধাৰ দিয়া নাই; তথাপি সকলোৱে মোক শাও দিয়ে।
Jeremiah 15:18 in Assamese 18 মোৰ বেদনা কিয় চিৰকলীয়া? আৰু মোৰ ঘা কিয় সুস্থ হব নোৱাৰে? সেয়ে ভাল হব নোখোজে? তুমি জানো সচাকৈয়ে মোৰ আগত মিছা জুৰি আৰু অস্থায়ী জলস্বৰূপ হবা?
Jeremiah 17:16 in Assamese 16 মই হ’লে তোমাৰ পাছে পাছে ভেড়া-ৰখীয়া হ’বলৈ সততে বিমুখ হোৱা নাই, নাইবা দুখপূৰ্ণ দিনলৈ মই ইচ্ছা কৰা নাই। তাক তুমি জানি আছা; মোৰ ওঁঠৰ পৰা যি ওলাইছিল, সেয়ে তোমাৰ আগত আছিল।
Jeremiah 20:9 in Assamese 9 আৰু যদি মই কওঁ, যে, ‘মই যিহোৱাক আৰু উল্লেখ নকৰোঁ; বা তেওঁৰ নামেৰে আৰু নকওঁ’, তেনেহ’লে মোৰ হাড়বোৰত বন্ধ কৰা জ্বলি থকা জুই যেন মোৰ অন্তৰত লাগে; মই সহি সহি ক্লান্ত হ’লোঁ, সহি আৰু থকিব নোৱাৰোঁ।
Jeremiah 29:26 in Assamese 26 “যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে।
Lamentations 3:14 in Assamese 14 মই মোৰ লোকসকলৰ হাহি উদ্ৰেক কৰা ব্যক্তি হৈ পৰিলোঁ, দিনে দিনে তেওলোকৰ বিদ্রূপাত্মক গানৰ বিষয় হৈছোঁ।
Ezekiel 3:14 in Assamese 14 এইদৰে আত্মাই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলো, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।
Hosea 9:7 in Assamese 7 ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাৱবাদীক নির্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”
Micah 3:8 in Assamese 8 কিন্তু মোৰ ক্ষেত্রত, যাকোবক তেওঁৰ অপৰাধ আৰু ইস্ৰায়েলক তেওঁৰ পাপ ঘোষণা কৰিবলৈ, মই যিহোৱাৰ আত্মাৰ দ্বাৰাই শক্তি, ন্যায় বিচাৰ, আৰু পৰাক্রমেৰে পৰিপূৰ্ণ।
Luke 16:14 in Assamese 14 এই কথাবোৰ শুনি, ধন লুভীয়া ফৰীচী সকলে তেওঁক উপলুঙা কৰিলে৷
Luke 22:63 in Assamese 63 পাছত যি সকল লোকে যীচুক ধৰি ৰাখিছিল, তেওঁলোকে তেওঁক বিদ্ৰূপ কৰি কোবালে;
Luke 23:11 in Assamese 11 পাছত হেৰোদে তেওঁৰ সেনা সকলোৰে সৈতে যীচুক হেয়জ্ঞান আৰু বিদ্ৰূপ কৰি, ৰাজকীয় বস্ত্ৰ পিন্ধাই পীলাতৰ ওচৰলৈ আকৌ পঠিয়াই দিলে।
Luke 23:35 in Assamese 35 আৰু লোক সকলে থিয় হৈ চাই থাকোতে শাসনকর্তা সকলে তেওঁক উপহাস কৰি কলে, “ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত(খ্ৰীষ্ট) আৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।”
Acts 17:18 in Assamese 18 তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এইজনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
Acts 17:32 in Assamese 32 আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
1 Corinthians 4:9 in Assamese 9 কাৰণ, মোৰ ধাৰণা হয়, পাঁচনি সকল যি আমি, ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে। সেয়েহে আমি জগতৰ, স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক প্ৰদৰ্শনীৰ পাত্ৰ হৈছোঁ।
1 Corinthians 9:6 in Assamese 6 বার্ণব্বা আৰু ময়েই কেৱল জীৱিকা নির্ব্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নেকি?
Hebrews 11:36 in Assamese 36 আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে;