Jeremiah 2:8 in Assamese 8 ‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে, আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ (প্রতিমাৰ) পাছত চলিলে।”
Other Translations King James Version (KJV) The priests said not, Where is the LORD? and they that handle the law knew me not: the pastors also transgressed against me, and the prophets prophesied by Baal, and walked after things that do not profit.
American Standard Version (ASV) The priests said not, Where is Jehovah? and they that handle the law knew me not: the rulers also transgressed against me, and the prophets prophesied by Baal, and walked after things that do not profit.
Bible in Basic English (BBE) The priests did not say, Where is the Lord? and those who were expert in the law had no knowledge of me: and the rulers did evil against me, and the prophets became prophets of the Baal, going after things without value.
Darby English Bible (DBY) The priests said not, Where is Jehovah? and they that handled the law knew me not; and the shepherds transgressed against me; and the prophets prophesied by Baal, and walked after [things that] do not profit.
World English Bible (WEB) The priests didn't say, Where is Yahweh? and those who handle the law didn't know me: the rulers also transgressed against me, and the prophets prophesied by Baal, and walked after things that do not profit.
Young's Literal Translation (YLT) The priests have not said, `Where `is' Jehovah?' And those handling the law have not known Me. And the shepherds transgressed against Me, And the prophets have prophesied by Baal, And after those who profit not have gone.
Cross Reference Deuteronomy 33:10 in Assamese 10 লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়, ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়; তোমাৰ আগত ধূপ জ্বলায়, যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।
1 Samuel 2:12 in Assamese 12 এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল।
1 Samuel 12:21 in Assamese 21 কোনো অসাৰ বস্তুৰ পাছত তোমালোক নাযাবা; সেয়া তোমালোকৰ কাৰণে লাভ জনক নহয় বা তোমালোকক ৰক্ষা নকৰে, কাৰণ এই সকলো অসাৰ।
1 Kings 18:22 in Assamese 22 তেতিয়া এলিয়াই লোকসকলক ক’লে, “যিহোৱাৰ এজন মাত্ৰ ভাববাদী মইহে অৱশিষ্ট আছোঁ, কিন্তু বালৰ ভাববাদী চাৰিশ পঞ্চাশজন লোক আছে।
1 Kings 18:29 in Assamese 29 এইদৰে দুপৰ বেলা পাৰ হ’ল আৰু তেওঁলোকে সন্ধ্যাৰ নৈবেদ্য দিয়ালৈকে ভাববাণী প্ৰচাৰ কৰিলে; তথাপি উত্তৰ দিবলৈ কোনো বাণী ন’হল বা কোনোৱে তেওঁলোকক উত্তৰ দিবলৈ মনোযোগো নকৰিলে।
1 Kings 18:40 in Assamese 40 তেতিয়া এলিয়াই তেওঁলোকক ক’লে, “তোমালোকে বালৰ ভাববাদীসকলক ধৰা। তেওঁলোকৰ মাজৰ এজনকো পলাই সাৰি যাব নিদিবা।” তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰিলে আৰু এলিয়াই তেওঁলোকক কিচোন জুৰিলৈ নি, সেই ঠাইত তেওঁলোকক বধ কৰিলে।
Isaiah 28:7 in Assamese 7 কিন্তু দ্ৰাক্ষাৰসেৰে ভ্ৰান্ত, আৰু সুৰাপানেৰে বিপথগামী হৈছে; পুৰোহিত আৰু ভাববাদী সুৰাপানেৰে ভ্ৰান্ত হৈছে, আৰু তেওঁলোক দ্ৰাক্ষাৰসেৰে নষ্ট হৈছে, সুৰাপানেৰে বিপথগামী হৈছে, আৰু দৰ্শনত ভ্ৰান্ত হৈছে আৰু বিচাৰত বিচলিত হৈছে।
Isaiah 29:10 in Assamese 10 কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।
Isaiah 30:5 in Assamese 5 তথাপি তেওঁলোকক সহায় কৰিব নোৱাৰা লোকসকলৰ কাৰণে তেওঁলোক লজ্জিত হব, যি সহায় কৰা বা উপকাৰী নহয়, কিন্তু লাজ দিওঁতা আৰু দুৰ্ণামজনকহে হয়।”
Isaiah 56:9 in Assamese 9 পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ!
Jeremiah 2:6 in Assamese 6 তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি, খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত?
Jeremiah 2:11 in Assamese 11 যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল? কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে।
Jeremiah 4:22 in Assamese 22 যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
Jeremiah 5:31 in Assamese 31 ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
Jeremiah 7:8 in Assamese 8 চোৱা! উপকাৰ কৰিব নোৱাৰা মিছা কথাত তোমালোকে বিশ্বাস কৰিছা।
Jeremiah 8:8 in Assamese 8 “আমি জ্ঞানী, আৰু যিহোৱাৰ ব্যৱস্থা আমাৰ লগত আছে”, এই বুলি তোমালোকে কেনেকৈ ক’ব পাৰা? কিন্তু চোৱা! লিখকসকলৰ মিছাকৈ লিখা লিখনীয়ে তাক মিছা কৰি পেলালে।
Jeremiah 10:21 in Assamese 21 কিয়নো ৰখীয়াসকল পশু-তুল্য হ’ল। আৰু তেওঁলোকে যিহোৱাক নিবিচাৰিলে। এই কাৰণে তেওঁলোকে মঙ্গল পোৱা নাই; তেওঁলোকৰ আটাই জাক গোট গোট হৈ গ’ল।
Jeremiah 12:10 in Assamese 10 অনেক ভেড়া-ৰখীয়াই মোৰ দ্ৰাক্ষাবাৰী নষ্ট কৰিলে, মোৰ ভাগ ভৰিৰ তলত মোহাৰিলে; মোৰ সন্তোষজনক ভাগ ধ্বংস-অৰণ্য কৰিলে।
Jeremiah 16:19 in Assamese 19 হে মোৰ বল, হে মোৰ কোঁঠ, আৰু সঙ্কটৰ কালৰ মোৰ আশ্ৰয় হে যিহোৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক’ব, “আমাৰ পূৰ্ব্ব-পুৰুষসকলে মিছা, এনে কি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই।
Jeremiah 23:1 in Assamese 1 “যি ৰখীয়াবোৰে চৰণীয়া ঠাইৰ জাকৰ ভেড়াবোৰক নষ্ট আৰু ছিন্ন-ভিন্ন কৰে, সিহঁতৰ সন্তাপ হব” এয়ে যিহোৱাৰ বচন।
Jeremiah 23:9 in Assamese 9 ভাববাদীবোৰৰ বিষয়। মোৰ অন্তৰত মোৰ হৃদয় ভগ্ন হ’ল, আৰু মোৰ আটাই হাড়বোৰ কঁপিছে; যিহোৱাৰ কাৰণে আৰু তেওঁৰ পৱিত্ৰ বাক্যৰ কাৰণে মই মতলীয়া লোকৰ দৰে, এনে কি, দ্ৰাক্ষাৰসে পৰাজয় কৰা মানুহৰ দৰে হলোঁ।
Hosea 4:6 in Assamese 6 জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলো। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তানসকলক পাহৰি যাম।
Habakkuk 2:18 in Assamese 18 কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক; যেতিয়া নিৰ্মাণকাৰীয়ে নিষ্প্রাণ মূৰ্ত্তি তৈয়াৰ কৰে, তেতিয়া তেওঁ নিজৰ হাতৰ কাৰ্মত বিশ্বাস কৰে।
Malachi 2:6 in Assamese 6 তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঁঠত কোনো অধর্ম পোৱা নাছিলো; তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহাযোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল।
Matthew 16:26 in Assamese 26 কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ প্ৰাণকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
Luke 11:52 in Assamese 52 হায় হায় বিধানৰ অধ্যাপক সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ কিয়নো আপোনালোকে জ্ঞানৰ চাবি ধৰি আছে, কিন্তু তাতে নিজে প্ৰৱেশ নকৰিলে আৰু প্ৰৱেশ কৰিবলৈ ধৰা সকলকো বাধা দিছে।”
John 8:55 in Assamese 55 আপোনালোকে তেওঁক নাজানে; মই হ’লে তেওঁক জানো; মই তেওঁক নাজানো বুলি যদি কওঁ, তেনেহলে আপোনালোকৰ নিচিনা মিছলীয়া হ’ম। কিন্তু মই তেওঁক জানো, আৰু তেওঁৰ বাক্য পালন কৰোঁ।
John 16:3 in Assamese 3 তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
Romans 2:17 in Assamese 17 আপুনি যদি নিজকে ইহুদী বুলি কয়, তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰে,
2 Corinthians 4:2 in Assamese 2 ইয়াৰ পৰিৱৰ্তে সকলো লজ্জাজন পথ আৰু গোপন কাৰ্য ত্যাগ কৰিলোঁ। আমি শঠতাৰে (ধুৰ্ত্তাচাৰী হৈ) জীৱন যাপন নকৰিলো, আৰু ঈশ্বৰৰ বাক্যত কোনো ভাঁজ নিদিলো। সত্যতা প্ৰকাশৰ যোগেদি আমি ঈশ্বৰৰ দৃষ্টিত আৰু প্ৰতিজন মানুহৰ বিবেকৰ ওচৰতো নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।