Jeremiah 2:21 in Assamese 21 তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰোইছিলোঁ; তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা?
Other Translations King James Version (KJV) Yet I had planted thee a noble vine, wholly a right seed: how then art thou turned into the degenerate plant of a strange vine unto me?
American Standard Version (ASV) Yet I had planted thee a noble vine, wholly a right seed: how then art thou turned into the degenerate branches of a foreign vine unto me?
Bible in Basic English (BBE) But when you were planted by me, you were a noble vine, in every way a true seed: how then have you been changed into the branching plant of a strange vine?
Darby English Bible (DBY) And I, -- I had planted thee a noble vine, wholly a right seed; how then art thou turned into the degenerate shoots of a strange vine unto me?
World English Bible (WEB) Yet I had planted you a noble vine, wholly a right seed: how then are you turned into the degenerate branches of a foreign vine to me?
Young's Literal Translation (YLT) And I planted thee a choice vine, wholly a true seed, And how hast thou been turned to Me, To the degenerate shoots of a strange vine?
Cross Reference Genesis 18:19 in Assamese 19 মই তেওঁক মনোনীত কৰিলো যেন তেওঁ নিজৰ সন্তানসকলক আৰু ঘৰৰ ভাবী-সন্তানসকলক যিহোৱাৰ পথত চলিবলৈ, সৎ আৰু ন্যায় কার্য কৰিবলৈ আজ্ঞা দিয়ে আৰু যেন যিহোৱাই অব্ৰাহামক যি কথা ক’লে তাক সিদ্ধ কৰিব পাৰে।”
Genesis 26:3 in Assamese 3 তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
Genesis 32:28 in Assamese 28 পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়েহে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল (ঈশ্বৰৰ লগত যুঁজ কৰোঁতা) বুলিহে মতা হ’ব।”
Exodus 15:17 in Assamese 17 আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব, হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই, হে প্ৰভু, যি ধৰ্ম্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে,
Deuteronomy 4:37 in Assamese 37 কাৰণ তেওঁ আপোনাৰ পূর্বপুৰুষসকলক প্রেম কৰিছিল, এই কাৰণে আপোনাৰ অর্থাৎ তেওঁলোকৰ পাছত ভাৱি-পূৰুষসকলক মনোনিত কৰিছিল। এই কাৰণে আপোনালোকক তেওঁ আপোনালোকৰ লগত থাকি মহাপৰাক্রমেৰে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে;
Deuteronomy 32:32 in Assamese 32 সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা; সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
Joshua 24:31 in Assamese 31 যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল।
Psalm 44:2 in Assamese 2 তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকৰ নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিছিলা।
Psalm 80:8 in Assamese 8 তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
Psalm 105:6 in Assamese 6 তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান।
Isaiah 1:21 in Assamese 21 কি দৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰী সকলেৰে পৰিপূৰ্ণ।
Isaiah 5:1 in Assamese 1 মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
Isaiah 5:4 in Assamese 4 মই মোৰ দ্ৰাক্ষাবাৰীৰ বাবে আৰু কি কৰিব পাৰিলো হেতেন, যিটো মই তাৰ বাবে কৰা নাই? মই দ্ৰাক্ষাগুটি লাগিবৰ অপেক্ষাত থাকোঁতে, কিয় তাত বনৰীয়া দ্ৰাক্ষাগুটি লাগিল?
Isaiah 41:8 in Assamese 8 কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলো, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,
Isaiah 60:21 in Assamese 21 মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্ম্মস্বৰূপ যি তোমাৰ লোক সকলোৱেই ধাৰ্ম্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব।
Isaiah 61:3 in Assamese 3 চিয়োনত শোক কৰা সকলৰ বাবে ঠাই প্রস্তুত কৰিবলৈ, ছাঁইৰ সলনি পাগুৰি, শোকৰ সলনি আনন্দৰ তেল, আৰু দুৰ্ব্বল আত্মাৰ সলনি প্ৰশংসাৰ আত্মা দান কৰিবলৈ, তেওঁলোকক ধাৰ্মিকতাৰ গছ, আৰু যিহোৱাৰ গৌৰৱৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হ’ব।
Lamentations 4:1 in Assamese 1 সুবৰ্ণ কেনে মলিন হল! অতি শুদ্ধ সোণ কেনে পৰিৱৰ্তন হ’ল। পবিত্ৰ পাথৰবোৰ প্ৰত্যেক আলিৰ মুৰত পেলোৱা হ’ল।
Matthew 21:33 in Assamese 33 “আৰু এটা দৃষ্টান্ত শুনক। এজন মানুহ আছিল; তেওঁ এখন দ্ৰাক্ষাবাৰী পাতিলে, আৰু তাৰ চাৰিওফালে বেৰা দি, তাৰ মাজত পেৰাশাল পাতিলে৷ তাৰ পাছত টঙি সাজিলে, আৰু খেতিয়ক সকলৰ হাতত গতাই দি, তেওঁ আন দেশলৈ গ’ল।
Mark 12:1 in Assamese 1 পাছত যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাঁত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙী সাজি খেতিয়ক সকলৰ হাতত সেই দ্ৰাক্ষাবাৰী গতাই দি আন দেশলৈ গ’ল।
Luke 20:9 in Assamese 9 পাছত তেওঁ লোক সকলৰ আগত এই দৃষ্টান্ত দি ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাক খেতিয়ক সকলৰ হাতত গতাই দি বহু দিনৰ কাৰণে আন দেশলৈ গ’ল।
John 15:1 in Assamese 1 “ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক।