Jeremiah 2:20 in Assamese 20 কিয়নো বহুকাল হ’ল, তুমি তোমাৰ যুৱলি ভাঙিলা; আৰু যোঁত-জৰী চিঙি ক’লা, “মই পৰাধিন নহম,” কাৰণ তুমি প্ৰত্যেক ওখ পৰ্ব্বতত, আৰু কেঁচাপতীয়া গছৰ তলত মূৰ দোৱাই বেশ্যাকৰ্ম্ম কৰিলা।
Other Translations King James Version (KJV) For of old time I have broken thy yoke, and burst thy bands; and thou saidst, I will not transgress; when upon every high hill and under every green tree thou wanderest, playing the harlot.
American Standard Version (ASV) For of old time I have broken thy yoke, and burst thy bonds; and thou saidst, I will not serve; for upon every high hill and under every green tree thou didst bow thyself, playing the harlot.
Bible in Basic English (BBE) For in the past, your yoke was broken by your hands and your cords parted; and you said, I will not be your servant; for on every high hill and under every branching tree, your behaviour was like that of a loose woman
Darby English Bible (DBY) For of old thou hast broken thy yoke, [and] burst thy bands; and thou saidst, I will not serve. For upon every high hill, and under every green tree, thou bowest down, playing the harlot.
World English Bible (WEB) For of old time I have broken your yoke, and burst your bonds; and you said, I will not serve; for on every high hill and under every green tree you did bow yourself, playing the prostitute.
Young's Literal Translation (YLT) For from of old thou hast broken thy yoke, Drawn away thy bands, and sayest, `I do not serve,' For, on every high height, and under every green tree, Thou art wandering -- a harlot.
Cross Reference Exodus 3:8 in Assamese 8 মই তেওঁলোকক মিচৰীয়া লোকসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোল বৈ থকা এখন উত্তম আৰু বহল দেশলৈ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবূচীয়া লোক সকলে বাস কৰি আছে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
Exodus 19:8 in Assamese 8 সকলো লোকে একেলগে উত্তৰ দি ক’লে, “যিহোৱাই যি কৈছে, সেইবোৰ আমি কৰিম।” তেতিয়া মোচিয়ে যিহোৱাৰ আগত লোকসকলে কোৱা কথা জনালে।
Exodus 24:3 in Assamese 3 তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
Exodus 34:14 in Assamese 14 তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
Leviticus 26:13 in Assamese 13 মিচৰীয়াসকলৰ বন্দী নহবৰ কাৰণে যিজনাই মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ যিহোৱা মই; মই তোমালোকৰ যুঁৱলিৰ শ’লমাৰি ভাঙি, তোমালোকক মূৰ দঙাই গমণ কৰিলোঁ।
Deuteronomy 4:20 in Assamese 20 যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
Deuteronomy 4:34 in Assamese 34 ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্য্যৰ দ্বাৰাই ইজিপ্তিতত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?
Deuteronomy 5:27 in Assamese 27 আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’
Deuteronomy 12:2 in Assamese 2 আপোনালোকে যি জাতিবোৰক উচ্ছেদ কৰিব, তেওঁলোকে ওখ পর্বতত, পাহাৰত আৰু সেউজীয়া গছৰ তলত যি সকলো দেৱ-দেৱীৰ পূজা কৰে, সেই ঠাইবোৰ আপোনালোকে সম্পূর্ণকৈ ধ্বংস কৰিব।
Deuteronomy 15:15 in Assamese 15 আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিছৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল, আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক মুক্ত কৰিলে; তাক সোঁৱৰক; এই কাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ।
Deuteronomy 26:17 in Assamese 17 আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনলোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
Joshua 1:16 in Assamese 16 তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “আপুনি আমাক যি যি আজ্ঞা দিছে, আমি সেই আজ্ঞা পালন কৰিম আৰু আপুনি আমাক য’লৈকে পঠিয়ায়, তা’লৈকে আমি যাম৷
Joshua 24:24 in Assamese 24 লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
Joshua 24:26 in Assamese 26 তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি থ’লে আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্ম্ম-ধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে।
1 Samuel 12:10 in Assamese 10 তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’
1 Kings 12:32 in Assamese 32 পাছত যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ দৰে এক উৎসৱ পাতি যজ্ঞবেদীলৈ উঠি গ’ল৷ তেওঁ বৈৎএলত এই দৰে কৰিলে আৰু নিজে নিৰ্ম্মাণ কৰা দামুৰি দুটাৰ আগত বলি উৎসৰ্গ কৰিলে আৰু বৈৎএলত নিজে সজা পবিত্ৰ ঠাইবোৰত পুৰোহিতসকলক ৰাখিলে।
Psalm 78:58 in Assamese 58 তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।
Isaiah 1:21 in Assamese 21 কি দৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰী সকলেৰে পৰিপূৰ্ণ।
Isaiah 9:4 in Assamese 4 কাৰণ তুমি মিদিয়নৰ সময়ত কৰা দৰে, তেওঁৰ ভাৰ স্বৰূপ যুৱলি, তেওঁৰ কান্ধৰ কানমাৰি, আৰু তেওঁৰ উপদ্ৰৱকাৰী দণ্ড ভাঙি পেলালা।
Isaiah 10:27 in Assamese 27 সেই দিনা তোমালোকৰ কান্ধৰ পৰা তেওঁৰ বোজা আৰু তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি তোলা হ’ব, আৰু তোমালোকৰ ডিঙি অধিক শকত হোৱাৰ কাৰণে যুৱলি ধ্বংস হ’ব।
Isaiah 14:25 in Assamese 25 মই মোৰ দেশত অচোৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম। তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।”
Isaiah 57:5 in Assamese 5 তোমালোকে ওক গছ আৰু প্ৰত্যেক জোপা সেউজীয়া গছৰ তলত কামাগ্নিত উত্তেজিত হোৱা, যি তোমালোক, তোমালোকে ওপৰৰ পৰা ওলমি থকা শিলাময়ৰ তলৰ নদীৰ কিনাৰত নিজৰ সন্তানসকলক বধ কৰোঁতা।
Jeremiah 3:1 in Assamese 1 মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
Jeremiah 3:6 in Assamese 6 যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম্ম কৰিলে।
Jeremiah 17:2 in Assamese 2 সেই সময়ত যিহূদাৰ সন্তানসকলে কেঁচাপতীয়া গছবোৰৰ গুৰিত তেওঁলোকৰ নিজ নিজ যজ্ঞ-বেদি, আৰু নিজ নিজ অচেৰা মূৰ্ত্তিক ওখ পৰ্ব্বতবোৰৰ ওপৰত সোঁৱৰণ কৰে।
Jeremiah 30:8 in Assamese 8 আৰু বাহিনীসকলৰ যিহোৱাই কৈছে: সেই দিনা মই তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি ভাঙি পেলাম; আৰু তোমাৰ যোত-জৰীবোৰ চিঙি পেলাম, বিদেশীসকলে তেওঁক আৰু বন্দী-কাম নকৰাব।
Ezekiel 16:15 in Assamese 15 কিন্তু তুমি নিজ সৌন্দৰ্য্যত নিৰ্ভৰ কৰি নিজৰ যশস্যাৰ কাৰণে বেশ্যাবৃত্তি ধৰিলা আৰু প্ৰত্যেক বাটৰুৱাৰ লগত অধিক পৰিমাণে বেশ্যাকৰ্ম্ম কৰিলা; তাৰহে ভোগ হ’ল।
Ezekiel 16:24 in Assamese 24 তুমি নিজৰ বাবে এক বেশ্যালয় সাজিলা আৰু প্ৰত্যেক চকত নিজৰ বাবে এডোখৰ ওখ ঠাই কৰিলা।
Ezekiel 16:28 in Assamese 28 তুমি তৃপ্ত নোহোৱাত অচূৰীয়াসকলে সৈতেও বেশ্যাকৰ্ম্ম কৰিও তৃপ্ত নহ’লা।
Ezekiel 16:31 in Assamese 31 তুমি প্ৰত্যেক আলিৰ মূৰত তোমাৰ বেশ্যালয় সাজিছা, প্ৰত্যেক চকত তোমাৰ ওখ ঠাই নিৰ্ম্মান কৰিছা আৰু তুমি বেশ্যা কৰ্ম্মৰ বেচ তুচ্ছ কৰাত বেশ্যাৰ নিচিনা নোহোৱা।
Ezekiel 16:41 in Assamese 41 এইদৰে অনেক স্ত্রীৰ আগত তোমাক দণ্ড দিব; এইদৰে মই তোমাক বেশ্যাকৰ্ম্ম কৰাৰ পৰা এৰুৱাম, তুমি বেশ্যাৰ বেচ আৰু নিদিবা।
Ezekiel 20:28 in Assamese 28 কিয়নো যি দেশ তেওঁলোকক দিম বুলি মই হাত দাঙি শপত কৰিছিলোঁ, সেই দেশলৈ মই যেতিয়া তেওঁলোকক আনিলোঁ, তেতিয়া তেওঁলোকে যি যি ঠাইত কোনো ওখ পৰ্ব্বত আৰু কোনো ঘনপতীয়া গছ দেখা পালে, সেই সেই ঠাইত তেওঁলোকে নিজ নিজ বলি উৎসৰ্গ কৰিছিল, সেই সেই ঠাইত বিৰক্তিজনক নিজ নিজ নৈবেদ্য দিছিল, সেই সেই ঠাইত নিজ নিজ সুঘ্ৰাণাৰ্থক দ্ৰব্য থৈছিল আৰু সেই সেই ঠাইত পেয় নৈবেদ্য ঢালিছিল।
Ezekiel 23:5 in Assamese 5 কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যা-কৰ্ম্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী,
Hosea 2:5 in Assamese 5 তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে। কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”
Hosea 3:3 in Assamese 3 তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।”
Nahum 1:13 in Assamese 13 মই এতিয়া তোমাৰ পৰা তাৰ যুৱলি ভাঙি পেলাম, আৰু তোমাৰ বান্ধবোৰ ছিঙি পেলাম।”