Jeremiah 2:15 in Assamese 15 তেন্তে তেওঁলোকে কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জ্জিছে, গৰ্জ্জন কৰিছে; সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে। তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে।
Other Translations King James Version (KJV) The young lions roared upon him, and yelled, and they made his land waste: his cities are burned without inhabitant.
American Standard Version (ASV) The young lions have roared upon him, and yelled; and they have made his land waste: his cities are burned up, without inhabitant.
Bible in Basic English (BBE) The young lions have made an outcry against him with a loud voice: they have made his land waste; his towns are burned up, with no one living in them.
Darby English Bible (DBY) The young lions roared against him, they gave forth their voice, and they made his land desolate: his cities are burned, without inhabitant.
World English Bible (WEB) The young lions have roared on him, and yelled; and they have made his land waste: his cities are burned up, without inhabitant.
Young's Literal Translation (YLT) Against him roar do young lions, They have given forth their voice, And make his land become a desolation, His cities have been burnt without inhabitant.
Cross Reference Judges 14:5 in Assamese 5 পাছত চিমচোন আৰু তেওঁৰ বাপেক-মাক তিম্নালৈ নামি গৈ তিম্নাত থকা দ্ৰাক্ষাবাৰী পোৱাত, এটা ডেকা সিংহই চিমচোনৰ বিৰুদ্ধে গৰ্জ্জন কৰি খেদি আহিল।
Job 4:10 in Assamese 10 সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
Psalm 57:4 in Assamese 4 মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; যিবোৰৰ দাঁত বৰছা আৰু কাঁড়স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱালস্বৰূপ, এনে অগ্নি-শিখাস্বৰূপ মনুষ্য-সন্তানবিলাকৰৰ মাজত মই শুইছোঁ ।
Isaiah 1:7 in Assamese 7 তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
Isaiah 5:9 in Assamese 9 বাহিনীসকলৰ যিহোৱাই মোক কৈছিল, “অনেক ঘৰ খালী হৈ থাকিব, এনে কি, ডাঙৰ আৰু সুন্দৰ ঘৰবোৰতো কোনো প্ৰাণী বাস নকৰাকৈ থাকিব।
Isaiah 5:29 in Assamese 29 তেওঁলোকৰ গৰ্জ্জন সিংহৰ গৰ্জ্জনৰ দৰে হ’ব; তেওঁলোকে যুবা সিংহৰ দৰে গুঁজৰিব এনে কি, কোনেও উদ্ধাৰ কৰিব নোৱাৰাকৈ তেওঁলোকে গুঁজৰি চিকাৰ ধৰিব আৰু টানি লৈ যাব।
Isaiah 6:11 in Assamese 11 তেতিয়া মই সুধিলোঁ, “হে প্ৰভু, কিমান সময়?” তেওঁ উত্তৰ দিলে, যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্রাণী নাবাচে, আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ’ব, আৰু দেশ জনসূণ্য হোৱা জাবৰৰ দ্বৰে নহয়,
Isaiah 24:1 in Assamese 1 চোৱা, যিহোৱাই পৃথিৱী খালী কৰিছে, আৰু তাক শূন্য কৰিছে, আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক সিঁচৰিত কৰিছে।
Jeremiah 4:7 in Assamese 7 এটা সিংহই নিজ গাঁতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
Jeremiah 5:6 in Assamese 6 এই কাৰণে কাঠনিৰ পৰা সিংহ আহি তেওঁলোকক বধ কৰিব। সন্ধ্যাবেলাত ওলোৱা ৰাংকুকুৰে তেওঁলোকক বিনষ্ট কৰিব। নাহৰফুটুকী বাঘে তেওঁলোকৰ নগৰৰ ওচৰত খাপ দি থাকিব। যেয়ে নগৰৰ পৰা বাহিৰ ওলাব, তাক চিৰাচিৰ কৰা হ’ব। কাৰণ তেওঁলোকৰ অধৰ্ম্ম অধিক আৰু তেওঁলোকৰ বিপথগমন সৰহ।
Jeremiah 9:11 in Assamese 11 মই যিৰূচালেমক ভগ্নৰাশি, শিয়ালৰ বাসস্থান কৰিম। আৰু মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
Jeremiah 25:30 in Assamese 30 এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা, ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পৱিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব, তেওঁৰ ভেড়া চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।
Jeremiah 26:9 in Assamese 9 এই গৃহ চীলোৰ দৰে হ’ব আৰু এই নগৰ উচ্ছন্ন হৈ নিবাসী-শূন্য হ’ব বুলি কৈ, তুমি যিহোৱাৰ নামেৰে কিয় ভাববাণী প্ৰচাৰ কৰিছা?” সেই কাৰণে সকলো প্ৰজাই যিহোৱাৰ গৃহত যিৰিমিয়াৰ আগত গোট খালে।
Jeremiah 33:10 in Assamese 10 যিহোৱাই এই কথা কৈছে: “এই যি ঠাইৰ বিষয়ে তোমালোকে কৈছা, যে, ‘ই উচ্ছন্ন। মনুষ্য আৰু পশুশূন্য, এই ঠাইত মনুষ্য আৰু আৰু পশুশূন্য আৰু যিহূদাৰ নগৰ আৰু যিৰূচালেমৰ আলিবাটবোৰ নিৰ্জন।
Jeremiah 34:22 in Assamese 22 চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম” - এয়ে যিহোৱাৰ ঘোষণা - মই তেওঁলোকক পুনৰায় এই নগৰৰ অহিতে যুদ্ধ কৰি, ইয়াক হাত কৰি লৈ, জুই দি পুৰিবলৈ, তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম। কিয়নো মই যিহূদাৰ নগৰবোৰ নিবাসী-শূন্য ধ্বংসস্থান কৰিম।
Jeremiah 44:22 in Assamese 22 এই কাৰণে যিহোৱাই তোমালোকৰ দুষ্কৰ্ম্মৰ কাৰণে আৰু তোমালোকে কৰা ঘিণলগীয়া কাৰ্য্যৰ বাবে আৰু সহি থাকিব নোৱাৰিলে; এই হেতুকে তোমালোকে আজি দেখাৰ দৰে তোমালোকৰ দেশ-নিবাসীশূণ্য হৈ, ধ্বংসস্থান আৰু বিস্ময় ও শাওৰ বিষয় হ’ল।
Jeremiah 50:17 in Assamese 17 ইস্ৰায়েল ছিন্ন-ভিন্ন মেৰস্বৰূপ; সিংহবোৰে তাক খেদি দিলে; প্ৰথমে অচূৰৰ ৰজাই তাক গ্ৰাস কৰিলে আৰু শেষত বাবিলৰ ৰজা এই নবূখদৰেচৰে তাৰ হাড়বোৰ ভাঙিলে।
Ezekiel 5:14 in Assamese 14 ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।
Hosea 5:14 in Assamese 14 মই ইফ্ৰয়িমলৈ সিংহৰ নিচিনা হ’ম, যিহূদা-বংশলৈ এটা যুবা সিংহৰ নিচিনা হ’ম; মই নিজেই তেওঁলোকক ছিন্ন-ভিন্ন কৰিম আৰু আতঁৰ হৈ যাম; মই তেওঁলোকক দূৰলৈ লৈ যাম, তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
Hosea 11:10 in Assamese 10 তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তানসকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।
Hosea 13:7 in Assamese 7 সেই কাৰণে মই তেওঁলোকৰ ওপৰত সিংহৰ দৰেই হ’ম; নাহৰ-ফুটুকী বাঘৰ নিচিনাকৈ বাটত খাপ দি থাকিম।
Amos 3:4 in Assamese 4 চিকাৰ নোপোৱাকৈ অৰণ্যত সিংহই জানো গৰ্জ্জন কৰে? একো নধৰাকৈ যুবা সিংহই জানো তাৰ গাঁতৰ ভিতৰত গুজৰি থাকে?
Amos 3:8 in Assamese 8 সিংহই গৰ্জ্জন কৰিলে কোনে ভয় নকৰিব? প্ৰভু যিহোৱাই কবলৈ কলে কোনে ভাৱবাদীৰূপে কথা নোকোৱাকৈ থাকিব পাৰিব?
Amos 3:12 in Assamese 12 যিহোৱাই এই কথা কৈছে, “ভেড়াৰখীয়াই যেনেকৈ সিংহৰ মুখৰ পৰা কেৱল ভেড়াৰ দুখন ঠেং বা কাণৰ এডোখৰ উদ্ধাৰ কৰিব পাৰে, তেনেকৈ চমৰিয়াত যি ইস্রায়েলৰ লোকসকলে বাস কৰে, তেওঁলোকে কেৱল শয্যাৰ চুক বা বিচনা চাদৰৰ এটা টুকুৰাৰ সৈতে উদ্ধাৰ পাব।”
Nahum 2:11 in Assamese 11 যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালিৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুবা সিংহৰ সেই খোৱা ঠাই ক’ত?
Zephaniah 1:18 in Assamese 18 যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।
Zephaniah 2:5 in Assamese 5 হে সমুদ্ৰতীৰত বাস কৰা কৰেথীয়া লোকসকল, আপোনালোকৰ সন্তাপ হ’ব। হে ফিলিস্তিনীয়াসকলৰ দেশ কনান! যিহোৱাই আপোনালোকৰ বিপক্ষে কৈছে, “কোনো অৱশিষ্ট নথকালৈকে মই তোমাক উচ্ছন্ন কৰিম।”
Zephaniah 3:6 in Assamese 6 যিহোৱাই কৈছে, “মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ কোঁঠবোৰ ধ্বংস কৰা হ’ল; মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলোঁ; কোনেও সেইবোৰেদি অহা-যোৱা নকৰে; তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ’ল; সেইবোৰত কোনো মানুহ নাই; কোনেও বাস নকৰে।