Jeremiah 2:13 in Assamese 13 কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
Other Translations King James Version (KJV) For my people have committed two evils; they have forsaken me the fountain of living waters, and hewed them out cisterns, broken cisterns, that can hold no water.
American Standard Version (ASV) For my people have committed two evils: they have forsaken me, the fountain of living waters, and hewed them out cisterns, broken cisterns, that can hold no water.
Bible in Basic English (BBE) For my people have done two evils; they have given up me, the fountain of living waters, and have made for themselves water-holes, cut out from the rock, broken water-holes, of no use for storing water.
Darby English Bible (DBY) For my people have committed two evils: they have forsaken me, the fountain of living waters, to hew them out cisterns, broken cisterns that hold no water.
World English Bible (WEB) For my people have committed two evils: they have forsaken me, the spring of living waters, and hewed them out cisterns, broken cisterns, that can hold no water.
Young's Literal Translation (YLT) For two evils hath My people done, Me they have forsaken, a fountain of living waters, To hew out for themselves wells -- broken wells, That contain not the waters.
Cross Reference Judges 10:13 in Assamese 13 তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম।
1 Samuel 12:10 in Assamese 10 তাৰ পাছত তেওঁলোকে যিহোৱাৰ ওচৰত কাতৰোক্তি কৰি ক’লে, ‘আমি পাপ কৰিলোঁ; কাৰণ আমি যিহোৱাক ত্যাগ কৰি বাল দেৱতাবোৰক আৰু অষ্টাৰেৎ দেৱীবোৰক পূজা কৰিলোঁ। কিন্তু এতিয়া আপুনি আমাক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰক; আৰু আমি আপোনাৰ আৰাধনা কৰিম।’
Psalm 36:9 in Assamese 9 কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
Psalm 81:11 in Assamese 11 কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।
Psalm 115:4 in Assamese 4 তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য্য।
Psalm 146:3 in Assamese 3 তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
Ecclesiastes 1:2 in Assamese 2 উপদেশকে কৈছে, “অসাৰৰ অসাৰ! সকলোৱেই অসাৰ।
Ecclesiastes 1:14 in Assamese 14 সুৰ্য্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালো; দেখিলো, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।
Ecclesiastes 2:11 in Assamese 11 তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলো, তাক চাই দেখিলো যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।
Ecclesiastes 2:21 in Assamese 21 কিয়নো কোনো মানুহে প্ৰজ্ঞা, জ্ঞান, আৰু দক্ষতাৰে পৰিশ্ৰম কৰিব পাৰে; কিন্তু পাছত তেওঁৰ সকলোখিনি এনে এজনৰ কাৰণে ৰাখি যাব লগা হয়, যি মানুহে তাৰ বাবে কোনো পৰিশ্ৰমেই কৰা নাই। ইও অসাৰ আৰু এক অতি দুখৰ কথা।
Ecclesiastes 2:26 in Assamese 26 যি মানুহে ঈশ্বৰক সন্তুষ্ট কৰে, তেওঁক তেওঁ প্ৰজ্ঞা, জ্ঞান, আৰু আনন্দ দান কৰে; কিন্তু তেওঁ পাপীক হ’লে, ধন-সম্পদ গোটোৱা আৰু জমা কৰাৰ কার্য দিয়ে, যাতে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰা লোকক দিব পাৰে। ইও অসাৰ আৰু বতাহক ধৰিবলৈ চেষ্টা কৰা মাত্ৰ।
Ecclesiastes 4:4 in Assamese 4 তাৰপাছত মই দেখিলো, সকলো পৰিশ্রমৰ কার্য আৰু সকলো দক্ষ কার্যক্ষম এজন লোকৰ প্রতি আনজনৰ হিংসাভাৱ থকাৰ পৰাই হয়। ইয়ো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়।
Ecclesiastes 12:8 in Assamese 8 উপদেশকে কৈছে, অসাৰৰ অসাৰ, সকলোৱেই অসাৰ।
Isaiah 1:3 in Assamese 3 গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”
Isaiah 5:13 in Assamese 13 এই হেতুকে জ্ঞানৰ অভাৱত মোৰ লোকসকলক বন্দীত্বলৈ নিয়া হৈছে; তেওঁলোকৰ মূখ্যলোক সকল ভোকাতুৰ হৈছে, আৰু তেওঁৰ লোকসমূহৰ পান কৰিবলৈ পানী নাছিল।
Isaiah 44:9 in Assamese 9 কটা-মূৰ্ত্তি সাজোঁতাবোৰ সকলোৱে অসাৰ; তেওঁলোকে আনন্দ কৰা বিষয়বোৰ মূল্যহীন; তেওঁলোকৰ সাক্ষীবোৰে একো নেদেখে বা নাজানে, আৰু সেয়ে তেওঁলোকক লাজত পৰিব।
Isaiah 46:6 in Assamese 6 লোকসকলে মোনাৰ পৰা সোণ ঢালি দিয়ে আৰু তৰ্জুত ৰূপ জোখে। তেওঁলোকে তাৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰিক বেচ দিয়ে; তেওঁলোকে সেই দেৱতাক প্ৰণিপাত কৰে, আৰু পূজাও কৰে।
Isaiah 55:2 in Assamese 2 যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
Isaiah 63:8 in Assamese 8 কাৰণ তেওঁ কৈছিল, “অৱশ্যে তেওঁলোক মোৰ লোক, এওঁলোক বিশ্বাসঘাত নকৰা সন্তান।” তেওঁ তেওঁলোকৰ ত্ৰাণকৰ্ত্তা হৈছিল।
Jeremiah 1:16 in Assamese 16 তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে কৰা বস্তুৰ আগত প্ৰণিপাত কৰিছে!
Jeremiah 2:11 in Assamese 11 যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল? কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে।
Jeremiah 2:17 in Assamese 17 তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
Jeremiah 2:26 in Assamese 26 চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাবাদীসকলে লাজ পাইছে।
Jeremiah 2:31 in Assamese 31 তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা। ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লোঁ, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’
Jeremiah 4:22 in Assamese 22 যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
Jeremiah 5:26 in Assamese 26 কিয়নো মোৰ প্ৰজাসকলৰ মাজত দুষ্টলোক পোৱা যায়; চৰাই-মৰিয়াই খাপ দি থকাৰ দৰে, তেওঁলোকে খাপ দি থাকে, তেওঁলোকে ফান্দ পাতি মানুহকেই ধৰে।
Jeremiah 5:31 in Assamese 31 ভাববাদীসকলে মিছা ভাববাণী প্ৰচাৰ কৰে, আৰু পুৰোহিতসকলে তেওঁলোকৰ দ্বাৰাই চালিত হৈ শাসন কৰে। আৰু মোৰ প্ৰজাসকলে এনেকুৱাবোৰ হোৱাতোহে ভাল পায়; কিন্তু ইয়াৰ অন্তত তোমালোকৰ পৰিণাম কি হ’ব?
Jeremiah 15:6 in Assamese 6 যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
Jeremiah 17:13 in Assamese 13 যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
Jeremiah 18:14 in Assamese 14 লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে? বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়?
Micah 2:8 in Assamese 8 ইতিমধ্যে মোৰ লোকসকল শত্রুৰ দৰে হৈ উঠিছে; নিৰাপদে আছোঁ বুলি ভাবি যুদ্ধৰ পৰা ঘূৰি অহা সৈন্যসকলৰ দৰে, সন্দেহ নোহোৱা পথিকৰ পৰা তুমি পোচাক, আৰু বস্ত্র খুলি লৈছা;
Micah 6:3 in Assamese 3 “হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ? মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ? মোৰ অহিতে সাক্ষ্য দিয়া।
John 4:14 in Assamese 14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
John 7:37 in Assamese 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হ’ল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
2 Peter 2:17 in Assamese 17 এই লোক সকল পানী নথকা ভুমুকৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
Revelation 21:6 in Assamese 6 পাছত তেওঁ মোক ক’লে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
Revelation 22:1 in Assamese 1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেষ পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী,
Revelation 22:17 in Assamese 17 আত্মা আৰু কন্যাই কয়, “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।