Jeremiah 18:20 in Assamese 20 উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰানলৈ গাঁত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
Other Translations King James Version (KJV) Shall evil be recompensed for good? for they have digged a pit for my soul. Remember that I stood before thee to speak good for them, and to turn away thy wrath from them.
American Standard Version (ASV) Shall evil be recompensed for good? for they have digged a pit for my soul. Remember how I stood before thee to speak good for them, to turn away thy wrath from them.
Bible in Basic English (BBE) Is evil to be the reward of good? for they have made a deep hole for my soul. Keep in mind how I took my place before you, to say a good word for them so that your wrath might be turned away from them.
Darby English Bible (DBY) Shall evil be recompensed for good? For they have digged a pit for my soul. Remember how I stood before thee to speak good for them, to turn away thy wrath from them.
World English Bible (WEB) Shall evil be recompensed for good? for they have dug a pit for my soul. Remember how I stood before you to speak good for them, to turn away your wrath from them.
Young's Literal Translation (YLT) Is evil recompensed instead of good, That they have dug a pit for my soul? Remember my standing before Thee to speak good of them, To turn back Thy wrath from them.
Cross Reference Genesis 18:22 in Assamese 22 তাৰ পাছতে সেই পুৰুষ কেইজন তাৰ পৰা ঘূৰি চদোমৰ ফাললৈ গ’ল আৰু অব্ৰাহাম তেতিয়াও যিহোৱাৰ সন্মুখত থিয় হৈ থাকিল।
1 Samuel 24:17 in Assamese 17 তেওঁ দায়ূদক ক’লে, “মোতকৈ তুমি ধাৰ্ম্মিক; কাৰণ তুমি মোৰ মঙ্গল কৰিলা, কিন্তু মই তোমাক অমঙ্গল কৰিলোঁ।
Job 6:27 in Assamese 27 তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
Psalm 7:15 in Assamese 15 তেওঁলোকে মাটি খান্দি দ গাঁত কৰে, আৰু নিজেই খন্দা গাঁতত নিজে পৰে।
Psalm 35:7 in Assamese 7 কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাঁতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাঁত খান্দিলে।
Psalm 35:12 in Assamese 12 তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।
Psalm 38:20 in Assamese 20 মোৰ উপকাৰৰ সলনি তেওঁলোকে মোলৈ অপকাৰহে কৰে; যদিও মই সৎকর্ম কৰো, তেওঁলোক মোৰ বিৰোধী।
Psalm 57:6 in Assamese 6 সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে । সিহঁতে মোৰ সন্মুখত গাঁত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল । চেলা ।
Psalm 106:23 in Assamese 23 সেয়েহে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভাঙোনৰ মধ্যস্থ হ‘ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰবাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
Psalm 109:4 in Assamese 4 মোৰ প্ৰেমৰ পৰিবর্তে তেওঁলোকে মোৰ বিৰুদ্ধে শত্ৰুতা কৰিছে; কিন্তু মই হ’লে তেওঁলোকৰ বাবে প্ৰাৰ্থনাত লাগি থাকোঁ।
Psalm 119:95 in Assamese 95 দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্ত মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
Proverbs 17:13 in Assamese 13 যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে।
Proverbs 26:27 in Assamese 27 যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব; আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব।
Ecclesiastes 10:8 in Assamese 8 যি মানুহে গাঁত খান্দে, তেওঁ তাৰ ভিতৰত পৰিব পাৰে; যি মানুহে শিলৰ দেৱাল ভাঙে তেওঁক সাপে খুঁটিব পাৰে।
Jeremiah 7:16 in Assamese 16 এই হেতুকে, তুমি এই জাতিৰ কাৰণে প্ৰাৰ্থনা নকৰিবা, বা তেওঁলোকৰ কাৰণে নিবেদন কি, প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা, বা অনুৰোধ নকৰিবা; কিয়নো মই তোমাৰ কথা নুশুনিম।
Jeremiah 11:14 in Assamese 14 এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
Jeremiah 14:7 in Assamese 7 হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য্য কৰা। কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Jeremiah 14:20 in Assamese 20 হে যিহোৱা, আমাৰ দুষ্টতা, আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Jeremiah 18:22 in Assamese 22 তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাঁত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
Ezekiel 22:30 in Assamese 30 আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মান কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।
Zechariah 3:1 in Assamese 1 তেতিয়া যিহোৱাই দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহোচূৱাক থিয় হৈ থকা দেখুৱালে আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ কাৰণে তেওঁৰ সোঁহাতে চয়তানক থিয় হৈ থকা যেন তেওঁ মোক দেখুৱালে।
John 10:32 in Assamese 32 যীচুৱে তেওঁলোকক উত্তৰ দিলে, “পিতৃৰ পৰা অনেক ভাল কৰ্ম কৰি মই আপোনালোকক দেখুৱালোঁ; সেইবোৰৰ কোন কৰ্মৰ কাৰণে আপোনালোকে মোক শিল দলিয়াই মাৰিব বিছাৰিছে?”
John 15:25 in Assamese 25 বিধান-শাস্ত্ৰৰ এই বাক্য পূর্ণ হ’বলৈ, এই সকলো ঘটিল; যেনেদৰে তেওঁলোকৰ শাস্ত্রত লিখা আছে, ‘কোনো কাৰণ নোহোৱাতো তেওঁলোকে মোক ঘৃণা কৰিলে’।