Jeremiah 17:13 in Assamese 13 যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
Other Translations King James Version (KJV) O LORD, the hope of Israel, all that forsake thee shall be ashamed, and they that depart from me shall be written in the earth, because they have forsaken the LORD, the fountain of living waters.
American Standard Version (ASV) O Jehovah, the hope of Israel, all that forsake thee shall be put to shame. They that depart from me shall be written in the earth, because they have forsaken Jehovah, the fountain of living waters.
Bible in Basic English (BBE) O Lord, the hope of Israel, all who give you up will be put to shame; those who go away from you will be cut off from the earth, because they have given up the Lord, the fountain of living waters.
Darby English Bible (DBY) Thou hope of Israel, Jehovah! all that forsake thee shall be ashamed. They that depart from me shall be written in the earth; because they have forsaken Jehovah, the fountain of living waters.
World English Bible (WEB) Yahweh, the hope of Israel, all who forsake you shall be disappointed. Those who depart from me shall be written in the earth, because they have forsaken Yahweh, the spring of living waters.
Young's Literal Translation (YLT) The hope of Israel `is' Jehovah, All forsaking Thee are ashamed, And `My apostates' in the earth are written, For they have forsaken Jehovah, A fountain of living waters.
Cross Reference Psalm 22:4 in Assamese 4 তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
Psalm 36:8 in Assamese 8 তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
Psalm 73:27 in Assamese 27 কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকাসকলৰ সর্বনাশ হব; তোমাক এৰি অবিশ্বাসীহোৱা সকলোকে তুমি ধ্বংস কৰিবা।
Psalm 97:7 in Assamese 7 লজ্জিত হওঁক সেইসকল, যিসকলে মূর্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
Proverbs 10:7 in Assamese 7 সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
Proverbs 14:14 in Assamese 14 যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব; কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
Isaiah 1:28 in Assamese 28 বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
Isaiah 45:16 in Assamese 16 মুৰ্ত্তি সাজোঁতাসকলে অপমান পাব, তেওঁলোকে লাজ পাব আৰু অপদস্হ হ’ব।
Isaiah 65:11 in Assamese 11 কিন্তু যিহোৱাক ত্যাগ কৰা, আৰু মোৰ পবিত্ৰ পৰ্ব্বতক পাহৰা, ভাগ্যদেৱতালৈ মেজ সজোৱা, ভাগ্য নিৰূপণ দেৱীলৈ দ্ৰাক্ষাৰসেৰে পানপাত্ৰ পূৰ কৰা যি তোমালোক,
Isaiah 66:5 in Assamese 5 যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
Jeremiah 2:13 in Assamese 13 কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
Jeremiah 2:17 in Assamese 17 তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
Jeremiah 2:26 in Assamese 26 চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাবাদীসকলে লাজ পাইছে।
Jeremiah 14:8 in Assamese 8 হে ইস্ৰায়েলৰ আশাভুমি, তাৰ সঙ্কটৰ কালৰ ত্ৰাণকৰ্ত্তা, তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে, আৰু ৰাতি থকা পথিকৰ নিচিনা?
Jeremiah 17:5 in Assamese 5 যিহোৱাই এইদৰে কৈছে: “যি মানুহে মানুহত ভাৰসা ৰাখে, তেওঁ সাপগ্ৰস্ত; তেওঁ মৰ্ত্ত্যক নিজৰ বাহু জ্ঞান কৰে, আৰু তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হয়।
Jeremiah 17:17 in Assamese 17 মোলৈ ত্ৰাসস্বৰূপ নহ’বা। বিপদৰ দিনত তুমিয়েই মোৰ আশ্ৰয়।
Ezekiel 16:63 in Assamese 63 তাতে, মই যে যিহোৱা, তাক তুমি জানিবা।”
Ezekiel 36:32 in Assamese 32 প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’
Daniel 12:2 in Assamese 2 পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।
Joel 3:16 in Assamese 16 যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব, আৰু যিৰূচালেমৰ পৰা নিজৰ মাত শুনাব। আকাশ-মণ্ডল আৰু পৃথিবী কঁপিব, কিন্তু যিহোৱা নিজ প্ৰজাসকলৰ আশ্ৰয় আৰু ইস্ৰায়েলৰ সন্তানসকলৰ কোঁঠস্বৰূপ হ’ব।
Luke 10:20 in Assamese 20 তথাপি ভূতৰ আত্মাবোৰ যে, তোমালোকৰ বশীভূত হল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”
John 4:10 in Assamese 10 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “তুমি যদি জানিলাহেঁতেন যে, ঈশ্বৰৰ দান কি আৰু কোনে তোমাক ‘মোক পানী খাবলৈ দিয়া’ বুলি কৈছে, তেনেহলে তুমিয়েই তেওঁক খুজিলাহেঁতেন আৰু তেৱোঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।”
John 4:14 in Assamese 14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
John 7:37 in Assamese 37 পৰ্বৰ শেষৰ দিন - যি দিনটো পর্বৰ প্ৰধান দিন, সেইদিনা যীচুৱে অশ্ৰু টুকি থিয় হ’ল, আৰু উচ্চস্বৰে ক’লে, “কোনো মানুহৰ যদি পিয়াহ লাগে, তেওঁ মোৰ ওচৰলৈ আহি পান কৰক।
John 8:6 in Assamese 6 তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ এই কথা ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মূৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।
Acts 28:20 in Assamese 20 এই কাৰণে আপোনালোকক চাবলৈ আৰু কথা-বাৰ্তা হ’বলৈ মাতিলোঁ, কিয়নো ইস্ৰায়েলৰ আশাৰ কাৰণেহে মই এই শিকলিৰ বান্ধনত আছোঁ৷”
1 Timothy 1:1 in Assamese 1 মই পৌল, আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আদেশ অনুসাৰে খ্ৰীষ্ট যীচুৰ পাঁচনি আৰু খ্ৰীষ্ট যীচু আশা,
Revelation 7:17 in Assamese 17 কিয়নো সিংহাসনৰ মাজত থকা মেষ-পোৱালি জনে এওঁলোকক চৰাব, আৰু জীৱনময় জলৰ ভুমুকৰ ওচৰলৈ নিব, আৰু ঈশ্বৰে এওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব।”
Revelation 20:15 in Assamese 15 আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল।
Revelation 21:6 in Assamese 6 পাছত তেওঁ মোক ক’লে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
Revelation 22:1 in Assamese 1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেষ পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী,
Revelation 22:17 in Assamese 17 আত্মা আৰু কন্যাই কয়, “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক।