Jeremiah 15:1 in Assamese 1 তেতিয়া যিহোৱাই মোক ক’লে, “যদিও মোচি আৰু চমূৱেল মোৰ আগত থিয় হয়, তথাপি মোৰ মন এই জাতিলৈ সদয় নহ’ব; তুমি মোৰ আগৰ পৰা তেওঁলোকক বিদায় কৰা, তেওঁলোক ওলাই গুচি যাওঁক।
Other Translations King James Version (KJV) Then said the LORD unto me, Though Moses and Samuel stood before me, yet my mind could not be toward this people: cast them out of my sight, and let them go forth.
American Standard Version (ASV) Then said Jehovah unto me, Though Moses and Samuel stood before me, yet my mind would not be toward this people: cast them out of my sight, and let them go forth.
Bible in Basic English (BBE) Then the Lord said to me, Even if Moses and Samuel came before me, I would have no desire for this people: send them away from before me, and let them go.
Darby English Bible (DBY) And Jehovah said unto me, Though Moses and Samuel stood before me, my soul [would] not [turn] toward this people. Send [them] out of my sight, and let them go forth.
World English Bible (WEB) Then said Yahweh to me, Though Moses and Samuel stood before me, yet my mind would not be toward this people: cast them out of my sight, and let them go forth.
Young's Literal Translation (YLT) And Jehovah saith unto me: Though Moses and Samuel should stand before Me, My soul is not toward this people, Send from before My face, and they go out.
Cross Reference Genesis 19:27 in Assamese 27 অব্ৰাহামে অতি পুৱাতে উঠি যি ঠাইত পূৰ্ব্বে যিহোৱাৰ সন্মুখত থিয় হৈছিল, সেই ঠাইলৈ গ’ল।
Exodus 32:11 in Assamese 11 কিন্তু মোচিয়ে তেওঁৰ ঈশ্বৰ যিহোৱাক শান্ত কৰিবলৈ চেষ্টা কৰি ক’লে, “হে যিহোৱা, আপোনাৰ লোকসকলৰ বিৰুদ্ধে কিয় ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ তেওঁলোকক আপুনি মহা পৰাক্ৰম আৰু বলৱান হাতেৰে মিচৰ দেশৰ পৰা উলিয়াই আনিলে।
Numbers 14:13 in Assamese 13 মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা।
Judges 5:9 in Assamese 9 মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰো!
1 Samuel 7:9 in Assamese 9 তেতিয়া চমূৱেলে পিয়াহ খোৱা মেৰ পোৱালি এটি লৈ যিহোৱাৰ উদ্দেশ্যে হোমবলি উৎসৰ্গ কৰিলে আৰু চমূৱেলে ইস্ৰায়েলৰ অৰ্থে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে। তেতিয়া যিহোৱাই তেওঁক উত্তৰ দিলে।
1 Samuel 12:23 in Assamese 23 মই তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ এৰি দিয়াৰ দ্বাৰাই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিম, এনে নহওঁক, ইয়াৰ পৰিবৰ্তে, মই তোমালোকক উত্তম আৰু সৰল পথ শিকাম।
2 Kings 17:20 in Assamese 20 সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতাসকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
Psalm 99:6 in Assamese 6 তেওঁৰ পুৰোহিতসকলৰ মাজত মোচি আৰু হাৰোণ আছিল; যিসকলে তেওঁৰ নামত প্ৰাৰ্থনা কৰে, তেওঁলোকৰ মাজত চমূৱেল আছিল। তেওঁলোকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিছিল; তাতে তেওঁ উত্তৰ দিছিল।
Psalm 106:23 in Assamese 23 সেয়েহে তেওঁ ক’লে, তেওঁলোকক ধ্বংস কৰিব লাগিব। কিন্তু তেওঁৰ মনোনীত ব্যক্তি মোচি ভাঙোনৰ মধ্যস্থ হ‘ল, আৰু তেওঁলোকক ধ্বংস কৰা ক্রোধৰ পৰা যেন তেওঁ মন ঘূৰায়, তাৰবাবে তেওঁ তেওঁৰ সন্মুখত থিয় হ’ল।
Proverbs 14:35 in Assamese 35 জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে; কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।
Jeremiah 7:15 in Assamese 15 আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।
Jeremiah 11:14 in Assamese 14 এই হেতুকে যিৰিমিয়া, তুমি নিজে এই জাতিৰ বাবে প্ৰাৰ্থনা নকৰিবা। তেওঁলোকৰ বাবে নিবেদন কি প্ৰাৰ্থনা উৎসৰ্গ নকৰিবা। কিয়নো তেওঁলোকে নিজৰ আপদৰ কাৰণে মোৰ আগত কাতৰোক্তি কৰা সময়তো মই নুশুনিম।
Jeremiah 14:11 in Assamese 11 যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
Jeremiah 15:19 in Assamese 19 এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্বৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
Jeremiah 18:20 in Assamese 20 উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰানলৈ গাঁত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
Jeremiah 23:39 in Assamese 39 আৰু মই তোমালোকক আৰু তোমালোকৰ পূৰ্ব্ব–পুৰুষসকলক দিয়া এই নগৰখন মোৰ দৃষ্টিৰ পৰা দলিয়াই পেলাম, আৰু পাহৰিব নোৱাৰা চিৰকলীয়া দুৰ্ণাম আৰু সৰ্ব্বদায় থকা লাজ তোমালোকলৈ ঘটাম।
Jeremiah 35:19 in Assamese 19 এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।”
Jeremiah 52:3 in Assamese 3 কিয়নো, যিৰূচালেম আৰু যিহূদাৰ লোকবিলাকক যিহোৱাই নিজৰ আগৰ পৰা দূৰ নকৰিলেমানে, তেওঁৰ ক্ৰোধৰ কাৰণে তেওঁবিলাকলৈ দুৰ্ঘটনা ঘটিল। আৰু চিদিকিয়াই বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।
Ezekiel 14:14 in Assamese 14 তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্ম্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।
Ezekiel 14:20 in Assamese 20 তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্ম্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”
Zechariah 3:3 in Assamese 3 সেই সময়ত যিহোচূৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল,
Hebrews 9:24 in Assamese 24 কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।