Jeremiah 13:14 in Assamese 14 মই পৰস্পৰক, এনে কি, বাপেক-পুতেকহঁতক লগ লগাই খুন্দিয়া-খুন্দি কৰোৱাম; যিহোৱাৰ এইয়েই ঘোষণা যে - মই যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম, দয়া, কি অনুগ্ৰহ কৰিম, এনে নহ’ব।
Other Translations King James Version (KJV) And I will dash them one against another, even the fathers and the sons together, saith the LORD: I will not pity, nor spare, nor have mercy, but destroy them.
American Standard Version (ASV) And I will dash them one against another, even the fathers and the sons together, saith Jehovah: I will not pity, nor spare, nor have compassion, that I should not destroy them.
Bible in Basic English (BBE) I will have them smashed against one another, fathers and sons together, says the Lord: I will have no pity or mercy, I will have no feeling for them to keep me from giving them to destruction.
Darby English Bible (DBY) And I will dash them one against another, both the fathers and the sons together, saith Jehovah; I will not pity, nor spare, nor have mercy so as not to destroy them.
World English Bible (WEB) I will dash them one against another, even the fathers and the sons together, says Yahweh: I will not pity, nor spare, nor have compassion, that I should not destroy them.
Young's Literal Translation (YLT) And have dashed them one against another, And the fathers and the sons together, An affirmation of Jehovah, I do not pity, nor spare, nor have I mercy, So as not to destroy them.
Cross Reference Deuteronomy 29:20 in Assamese 20 যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
Judges 7:20 in Assamese 20 এইদৰে তিনিওটা দলে একেলগে শিঙাবোৰ বজাই হাতৰ কলহ ভাঙিলে। বাওঁ হাতত জোঁৰ আৰু সোঁ হাতেৰে বজাবৰ কাৰণে শিঙা লৈ তেওঁলোকে চিঞঁৰি ক’বলৈ ধৰিলে, “যিহোৱা আৰু গিদিয়োনৰ তৰোৱাল”।
1 Samuel 14:16 in Assamese 16 তেতিয়া বিন্যামীনৰ গিবীয়াত থকা চৌলৰ প্ৰহৰীসকলে দেখিলে যে, লোকসমূহ ছিন্ন-ভিন্ন হৈ ইফালে-সিফালে গৈছে।
2 Chronicles 20:23 in Assamese 23 কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তানসকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।
Psalm 2:9 in Assamese 9 লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।”
Isaiah 9:20 in Assamese 20 তেওঁলোকে সোঁ হাতেৰে মাংস টুকুৰা কৰিব, তথাপিও ভোকত থাকিব; তেওঁলোকে বাঁও হাতেৰে মাংস ভোজন কৰিব, কিন্তু সন্তুষ্ট নহ’ব; তেওঁলোক প্ৰতিজনে নিজৰ বাহুৰ মংস খাব।
Isaiah 27:11 in Assamese 11 তাৰ ডাল যেতিয়া শুকাই যায়, তেতিয়া সেইবোৰ ভাঙি যাব; আৰু মহিলাসকলে আহি সেইবোৰ লৈ জুই ধৰিব; কিয়নো এই লোকসকল বিবেচনা শক্তি থকা লোক নহয়; এই হেতুকে তাৰ সৃষ্টিৰ্কতাই তাক দয়া নকৰিব, আৰু তেওঁৰ নিৰ্ম্মাণকৰ্ত্তাই তাক কৃপা নকৰিব।
Jeremiah 6:21 in Assamese 21 এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই এই জাতিৰ আগত উজুটি খোৱা মূঢ়া থম; তেতিয়া বাপেক আৰু পুতেকহঁতে একে সময়ত তাত উজুটি খাই পৰিব। ওচৰ-চুবুৰীয়া আৰু তাৰ বন্ধু বিনষ্ট হ’ব।
Jeremiah 16:5 in Assamese 5 কিয়নো যিহোৱাই এইদৰে কৈছে: “তুমি শোকৰ কোনো ঘৰত নোসোমাবা। তুমি বুকু ভুকুৱাবলৈ নাযাবা, আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা। কাৰণ, মই এই জাতিৰ পৰা মোৰ শান্তি, এনে কি, দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ!” যিহোৱাই এইদৰেই কৈছে।
Jeremiah 19:9 in Assamese 9 আৰু নগৰ অৱৰোধ কৰা সময়ত, শত্ৰূবোৰৰ আৰু প্ৰাণ লবলৈ বিচাৰি ফুৰাবোৰৰ দ্বাৰাই ঘটা সঙ্কটৰ কালত, মই তেওঁলোকক নিজ নিজ পো-জীৰ মাংস ভোজন কৰিব আৰু তেওঁলোকে নিজ নিজ বন্ধুৰ মাংস খাব’।”
Jeremiah 21:7 in Assamese 7 যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবুখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”
Jeremiah 47:3 in Assamese 3 শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত, ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত, পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তানসকলকৈ ঘূৰি নাচাব।
Jeremiah 48:12 in Assamese 12 এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাক্ষবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব।
Ezekiel 5:10 in Assamese 10 এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম!
Ezekiel 7:4 in Assamese 4 কিয়নো মই তোমালৈ কৰুণাময় দৃষ্টিপাত নকৰোঁ আৰু তোমাক দয়াও নকৰিম; কিন্তু তোমাৰ আচৰণৰ ফলৰ কাৰণে মই তোমাক শাস্তি দিম, আৰু তোমাৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমাৰ মাজত থাকিব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
Ezekiel 7:9 in Assamese 9 মই কৃপাদৃষ্টি নকৰিম আৰু দয়াও নকৰিম। তোমালোকে যিদৰে কৰিলা, মইয়ো তোমালোকলৈ সেইদৰেই কৰিম; আৰু তোমালোকৰ ঘিণলগীয়া কাৰ্য্যৰ ফল তোমালোকৰ মাজত থাকিব, তেতিয়া মই যে তোমালোকৰ প্ৰহাৰ কৰোঁতা যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
Ezekiel 8:18 in Assamese 18 এই হেতুকে ময়ো কোপেৰে কাৰ্য্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”
Ezekiel 9:5 in Assamese 5 তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
Ezekiel 9:10 in Assamese 10 গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্য্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”
Ezekiel 24:14 in Assamese 14 মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
Matthew 10:21 in Assamese 21 ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ শোধাই দিব। সন্তান সকলে মাক-বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব।
Mark 13:12 in Assamese 12 তেতিয়া ককায়েকে ভায়েকক, বাপেকে পুতেকক মৰণলৈ শোধাই দিব; আৰু সন্তান সকলে মাক- বাপেকৰ বিৰুদ্ধে থিয় হৈ তেওঁলোকক বধ কৰাব।