Jeremiah 11:4 in Assamese 4 তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক আজ্ঞা কৰা এই নিয়মটিৰ বাক্য, যি দিনাখন অগ্নি-কুণ্ডস্বৰূপ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিছিলো। মই ক’লো, “শুনা, মোৰ বাক্য পালন কৰা আৰু মই তোমালোকক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য্য কৰা, তেতিয়া তোমালোকে মোৰ প্ৰজা হ’বা আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।”
Other Translations King James Version (KJV) Which I commanded your fathers in the day that I brought them forth out of the land of Egypt, from the iron furnace, saying, Obey my voice, and do them, according to all which I command you: so shall ye be my people, and I will be your God:
American Standard Version (ASV) which I commanded your fathers in the day that I brought them forth out of the land of Egypt, out of the iron furnace, saying, Obey my voice, and do them, according to all which I command you: so shall ye be my people, and I will be your God;
Bible in Basic English (BBE) To the order which I gave your fathers on the day when I took them out of the land of Egypt, out of the oven of iron, saying, Give ear to my voice, and do all the orders I have given you: so you will be my people, and I will be your God:
Darby English Bible (DBY) which I commanded your fathers in the day that I brought them forth out of the land of Egypt, from the iron furnace, saying, Hearken unto my voice and do them, according to all that I command you; so shall ye be my people, and I will be your God:
World English Bible (WEB) which I commanded your fathers in the day that I brought them forth out of the land of Egypt, out of the iron furnace, saying, Obey my voice, and do them, according to all which I command you: so shall you be my people, and I will be your God;
Young's Literal Translation (YLT) That I commanded your fathers, In the day of My bringing them out from the land of Egypt, Out of the iron furnace, saying, Hearken to My voice, and ye have done them, According to all that I command you, And ye have been to Me for a people, And I am to you for God,
Cross Reference Genesis 17:8 in Assamese 8 যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
Exodus 20:6 in Assamese 6 কিন্তু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰা সকলক মই মোৰ বিশ্বাসযোগ্য চুক্তি হাজাৰ হাজাৰ পুৰুষলৈকে দেখাওঁ।
Exodus 23:21 in Assamese 21 তেওঁলৈ মনোযোগী হ’বা আৰু তেওঁক মানি চলিবা। তেওঁক উত্তেজিত নকৰিবা, কাৰণ তেওঁ তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। মোৰ নাম তেওঁত আছে।
Exodus 24:3 in Assamese 3 তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
Leviticus 26:3 in Assamese 3 যদি তোমালোকে মোৰ বিধানতে চলা আৰু মোৰ আজ্ঞা পালন কৰি সেই অনুসাৰে কাৰ্য্য কৰা,
Leviticus 26:12 in Assamese 12 আৰু মই তোমালোকৰ মাজত অহা-যোৱা কৰি, তোমালোকৰ ঈশ্বৰ হম আৰু তোমালোক মোৰ প্ৰজা হ’বা।
Deuteronomy 4:20 in Assamese 20 যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
Deuteronomy 5:2 in Assamese 2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
Deuteronomy 11:27 in Assamese 27 আজি মই আপোনালোকৰ ওচৰত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি আজ্ঞাবোৰ দিলো, সেইবোৰলৈ যদি আপোনালোকে মনোযোগ দিয়ে, তেন্তে আপোনালোকে আশীৰ্ব্বাদ পাব।
Deuteronomy 28:1 in Assamese 1 আপোনালোকে যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালনত মনোযোগ দিয়ে আৰু আজি দিয়া মোৰ এই সকলো আজ্ঞা যত্নেৰে পালন কৰে, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই পৃথিবীৰ আন সকলো জাতিতকৈ আপোনালোকৰ স্থান উচ্চ কৰিব।
Deuteronomy 29:10 in Assamese 10 আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্রায়েলীয়াসকল থিয় হৈছে।
1 Samuel 15:22 in Assamese 22 চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
1 Kings 8:51 in Assamese 51 কিয়নো তেওঁলোক লোহাৰ কুণ্ড স্বৰূপ মিচৰ দেশৰ পৰা অনা আপোনাৰ প্ৰজা আৰু আপোনাৰ আধিপত্য।
Isaiah 48:10 in Assamese 10 চোৱা, মই তোমাক সংশোধিত কৰিম, কিন্তু ৰূপৰ দৰে নহয় ; অত্যন্ত যন্ত্রনাত অগ্নিশালত মই তোমাক শুদ্ধ কৰিম।
Jeremiah 7:22 in Assamese 22 কিয়নো যি দিনা মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলোঁ, সেই দিনা মই হোম-বলি কি মঙ্গলাৰ্থক বলিৰ বিষয়ে কোৱা বা আজ্ঞা দিয়া নাছিলোঁ।
Jeremiah 24:7 in Assamese 7 আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
Jeremiah 26:13 in Assamese 13 এই হেতুকে এতিয়া তোমালোকে নিজ নিজ আচৰণ আৰু কৰ্ম্ম শুদ্ধ কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা; তাতে যিহোৱাই তোমালোকৰ অহিতে কৰিব খোজা অমঙ্গলৰ পৰা থামিব।
Jeremiah 30:22 in Assamese 22 আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
Jeremiah 31:31 in Assamese 31 যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
Jeremiah 32:28 in Assamese 28 এই কাৰণে যিহোৱাই এই কথা কৈছে: “চোৱা, মই কলদীয়াসকলক আৰু বাবিলৰ ৰজা নবূখদৰেচৰৰ হাতত এই নগৰখন সৰ্ম্পণ কৰিম। তেতিয়া তেওঁ তাক হাত কৰি ল’ব।
Ezekiel 11:20 in Assamese 20 তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
Ezekiel 14:11 in Assamese 11 ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁলোকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁলোক যেন মোৰ প্ৰজা হয় আৰু মই তেওঁলোকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভু যিহোৱাই কৈছে।
Ezekiel 20:6 in Assamese 6 সেই দিনা আটাই দেশৰ ভূষণ স্বৰূপ, গাখীৰ আৰু মৌ-জোল বোৱা, তেওঁলোকৰ বাবে মই অনুসন্ধান কৰা এখন দেশলৈ মিচৰ দেশৰ পৰা তেওঁলোকক উলিয়াই আনিম বুলি তেওঁলোকৰ পক্ষে মোৰ হাত দাঙি শপত খাই তেওঁলোকক কৈছিলোঁ!
Ezekiel 36:28 in Assamese 28 আৰু মই তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
Ezekiel 37:23 in Assamese 23 আৰু তেওঁলোকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণ লগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁলোকে পাপ কৰা তেওঁলোকৰ আটাই বাসস্থানৰ পৰা মই তেওঁলোকক ৰক্ষা কৰিম, আৰু তেওঁলোকক শুচি কৰিম; তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
Ezekiel 37:27 in Assamese 27 মোৰ আবাসো তেওঁলোকৰ লগত থাকিব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব!
Zechariah 6:15 in Assamese 15 আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মানৰ সাহাৰ্য্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।”
Zechariah 8:8 in Assamese 8 কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব, আৰু সত্যতাত আৰু ধাৰ্ম্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!”
Zechariah 13:9 in Assamese 9 আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
Matthew 28:20 in Assamese 20 মই যি যি আজ্ঞা তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া; আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সঙ্গে সঙ্গে আছোঁ।”
2 Corinthians 6:16 in Assamese 16 আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি ঐক্য? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, বোলে, “মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম; মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ লোক হ’ব।”
Hebrews 5:9 in Assamese 9 এইভাৱে যীচুৱে মহা-পুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ উৎস হ’ল;
Hebrews 8:8 in Assamese 8 কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত ক’লে, ‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম,