Jeremiah 10:12 in Assamese 12 তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Other Translations King James Version (KJV) He hath made the earth by his power, he hath established the world by his wisdom, and hath stretched out the heavens by his discretion.
American Standard Version (ASV) He hath made the earth by his power, he hath established the world by his wisdom, and by his understanding hath he stretched out the heavens:
Bible in Basic English (BBE) He has made the earth by his power, he has made the world strong in its place by his wisdom, and by his wise design the heavens have been stretched out.
Darby English Bible (DBY) He hath made the earth by his power, he hath established the world by his wisdom, and hath stretched out the heavens by his understanding.
World English Bible (WEB) He has made the earth by his power, he has established the world by his wisdom, and by his understanding has he stretched out the heavens:
Young's Literal Translation (YLT) The maker of the earth by His power, The establisher of the world by His wisdom, Who, by His understanding, stretched forth the heavens,
Cross Reference Genesis 1:1 in Assamese 1 আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।
Genesis 1:6 in Assamese 6 তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ (দিগবলয়) হওঁক আৰু ই জলক দুভাগ কৰক।”
Job 9:8 in Assamese 8 তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
Job 26:7 in Assamese 7 তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে, আৰু পৃথিবীক শূন্যত ওলোমাই থয়।
Job 38:4 in Assamese 4 যি সময়ত মই পৃথিবীৰ মুল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।
Psalm 24:2 in Assamese 2 কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
Psalm 33:6 in Assamese 6 যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
Psalm 78:69 in Assamese 69 তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।
Psalm 93:1 in Assamese 1 যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
Psalm 104:2 in Assamese 2 বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
Psalm 104:24 in Assamese 24 হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মান কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
Psalm 119:90 in Assamese 90 পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱীক স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
Psalm 136:5 in Assamese 5 যি জনাই জ্ঞানেৰে আকাশ-মণ্ডল সৃষ্টি কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
Psalm 146:5 in Assamese 5 যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
Psalm 148:4 in Assamese 4 হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জলসমূহ, তেওঁৰ প্রশংসা কৰা!
Proverbs 3:19 in Assamese 19 যিহোৱাই প্ৰজ্ঞাৰ দ্বাৰাই পৃথিবী স্থাপন কৰিলে, আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
Proverbs 30:4 in Assamese 4 কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
Isaiah 40:22 in Assamese 22 যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
Isaiah 42:5 in Assamese 5 যি জনাই আকাশ মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে, সেই জনাই পৃথিবী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে; যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে, সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই,
Isaiah 44:24 in Assamese 24 তোমাৰ মুক্তিদাতা, আৰু তোমাক গৰ্ভত গঠন কৰা যিহোৱাই এই কথা কৈছে, “ময়ে যিহোৱা যি সকলো সৃষ্টি কৰিলে, যি জনাই অকলেই আকাশ মণ্ডল বিস্তাৰ কৰিলে, আৰু যি জনাই অকলেই পৃথিবী সজালে,
Isaiah 45:12 in Assamese 12 মইয়ে পৃথিবী সৃষ্টি কৰিলোঁ, আৰু তাত মনুষ্য সৃষ্টি কৰিলোঁ। ময়েই নিজ হাতেৰে আকাশ মণ্ডল বিস্তাৰ কৰিলোঁ; আৰু সকলো তৰাবোৰক দৃষ্টিগোচৰ হবলৈ মই আজ্ঞা দিলোঁ।
Isaiah 45:18 in Assamese 18 কোনে পৃথিবী সৃষ্টি কৰিলে আৰু গঠন কৰিলে কোনে তাক স্থাপন কৰিলে। তেওঁ অনৰ্থকৰূপে সৃষ্টি কৰা নাই, কিন্তু বাসস্থানৰ বাবেহে তাক নিৰ্মাণ কৰিলে, আকাশ মণ্ডল সৃষ্টি কৰা সেই সত্য ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ময়েই যিহোৱা, মোৰ কোনো সমকক্ষ নাই।
Isaiah 48:13 in Assamese 13 হ’য়, মোৰ হাতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলে, আৰু মোৰ সোঁহাতে আকাশ মণ্ডল বিস্তাৰ কৰিলে; মই যেতিয়া তেওঁলোকক মাতো,তেওঁলোক একেলগে থিয় হয়।
Isaiah 49:8 in Assamese 8 যিহোৱাই এই কথা কৈছে, একে সময়তে মই তোমাক মোৰ অনুগ্ৰহ আৰু উত্তৰ দিবলৈ সিদ্ধান্ত ল’ম, আৰু পৰিত্ৰাণৰ দিনা মই তোমাক সহায় কৰিম; উওৰাধিকাৰি সূত্রে পোৱা উচ্ছন্ন হৈ যোৱা দেশ পুনৰ নির্দিষ্ট কৰি গঠন কৰিবলৈ, মই তোমাক সুৰক্ষা দিম,আৰু তোমাক চুক্তি হিচাবে লোকসকলৰ কাৰণে দিম।
Jeremiah 10:13 in Assamese 13 তেওঁ মাত লগালে আকাশ-মণ্ডলৰ জলসমুহৰ কোলাহল হয়, আৰু তেওঁ পৃথিৱীৰ অন্ত ভাগৰ পৰা ভাপবোৰ তোলে। তেওঁ বৃষ্টিৰ কাৰণে বিজুলি স্ৰজে আৰু নিজ ভঁৰালৰ পৰা বতাহ বাহিৰ কৰি আনে।
Jeremiah 32:17 in Assamese 17 “হে প্ৰভু যিহোৱা, চোৱা, তুমিয়েই তোমাৰ মহা শক্তিৰে আৰু মেলা বহুৰে আকাশ-মণ্ডল আৰু পৃথিৱী নিৰ্মাণ কৰিলা। তোমাৰ অসাধ্য একোৱেই নাই;
Jeremiah 51:15 in Assamese 15 তেওঁ নিজ শক্তিৰে পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
Zechariah 12:1 in Assamese 1 ইস্ৰায়েলৰ বিষয়ে যিহোৱাৰ বক্তব্য - এয়ে যিহোৱাৰ ঘোষণা, যি জন আকাশ মণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা:
John 1:3 in Assamese 3 তেওঁৰ দ্বাৰাই সকলো সৃষ্টি হ’ল আৰু যি সকলো হ’ল, সেইবোৰৰ এটাও তেওঁৰ অবিহনে নহ’ল।
Colossians 1:16 in Assamese 16 কিয়নো যি যি স্বৰ্গত আৰু এই জগতত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷