Jeremiah 1:16 in Assamese 16 তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে কৰা বস্তুৰ আগত প্ৰণিপাত কৰিছে!
Other Translations King James Version (KJV) And I will utter my judgments against them touching all their wickedness, who have forsaken me, and have burned incense unto other gods, and worshipped the works of their own hands.
American Standard Version (ASV) And I will utter my judgments against them touching all their wickedness, in that they have forsaken me, and have burned incense unto other gods, and worshipped the works of their own hands.
Bible in Basic English (BBE) And I will give my decision against them on account of all their evil-doing; because they have given me up, burning perfumes to other gods and worshipping the works of their hands.
Darby English Bible (DBY) and I will pronounce my judgments against them for all their wickedness, in that they have forsaken me, and have burned incense unto other gods, and worshipped the works of their own hands.
World English Bible (WEB) I will utter my judgments against them touching all their wickedness, in that they have forsaken me, and have burned incense to other gods, and worshiped the works of their own hands.
Young's Literal Translation (YLT) And I have spoken My judgments with them concerning all their evil, in that they have forsaken Me, and make perfume to other gods, and bow themselves to the works of their own hands.
Cross Reference Deuteronomy 28:20 in Assamese 20 আপোনালোকে মন্দ কাৰ্য্য কৰি যিহোৱাক ত্যাগ কৰাৰ কাৰণে আপোনালোকে কৰা সকলো কার্যতে তেওঁ শাও দিব। যেতিয়ালৈকে আপোনালোক ধ্বংস আৰু শীঘ্ৰে বিনষ্ট হৈ নাযায়, তেতিয়ালৈকে যিহোৱাই আপোনালোকৰ মাজলৈ শাও, ব্যাকুলতা, আৰু ধমকি পঠাই থাকিব।
Deuteronomy 31:16 in Assamese 16 যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হবা; এই লোকসমূহে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাসকলৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
Joshua 24:20 in Assamese 20 তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
2 Kings 22:17 in Assamese 17 কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্ম্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”
2 Chronicles 7:19 in Assamese 19 কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ, মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেবতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা,
2 Chronicles 15:2 in Assamese 2 তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
2 Chronicles 34:25 in Assamese 25 কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ, তেওঁলোকে মোক ত্যাগ কৰি ইতঁৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষোৱ যাব, নুমুৱা নাযাব।’”
Isaiah 2:8 in Assamese 8 মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা বস্তুক সেৱা কৰে।
Isaiah 37:19 in Assamese 19 তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নহয়, কিন্তু মনুষ্যৰ হাতৰ কাৰ্যহে, সেইবোৰ কাঠ আৰু শিল মাথোন, সেয়ে অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে।
Isaiah 44:15 in Assamese 15 তাৰ পাছত মানুহে তাক জুইৰ বাবে ব্যৱহাৰ কৰে, আৰু নিজে শেক লয়। হয়, তেওঁ জুই জ্বলায়; আৰু তাত ৰুটি শেকে। তেওঁ তাৰে এটা দেৱতা নিৰ্ম্মাণ কৰি তাৰ আগত প্রণিপাত কৰে, আৰু তেওঁ এটা মূৰ্ত্তি সাজি তাৰ আগত প্ৰণিপাত কৰে।
Isaiah 65:3 in Assamese 3 বাৰীত বলিদান দিলে, আৰু ইটাৰ ওপৰত ধূপ জ্বলালে, এওঁলোকেই সেই লোক যি সদায় মোক অসন্তুষ্ট কৰিলে।
Jeremiah 2:13 in Assamese 13 কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে, আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে।
Jeremiah 2:17 in Assamese 17 তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
Jeremiah 4:12 in Assamese 12 সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
Jeremiah 4:28 in Assamese 28 এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
Jeremiah 5:9 in Assamese 9 গতিকে মই জানো এই কাৰ্য্যবোৰৰ বাবে দণ্ড নিদিম? এইয়েই যিহোৱাৰ ঘোষণা। নাইবা মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
Jeremiah 5:29 in Assamese 29 যিহোৱাই এইদৰে ঘোষনা কৰিছে, যে এইবোৰ কাৰ্য্যৰ বাবে মই জানো তেওঁলোকক দণ্ড নিদিম? মোৰ প্ৰাণে জানো এনে জাতিৰ প্ৰতিকাৰ নাসাধিব?
Jeremiah 7:9 in Assamese 9 তোমালোকে চুৰ, নৰ-বধ, পৰস্ত্ৰীগমন আৰু মিছা শপত খোৱা, বাল দেৱতাৰ উদ্দেশ্যে ধূপ জ্বলাই, তোমালোকে নজনা ইতৰ দেৱতাবোৰৰ পাছত চলি, সেই সকলো ঘিণলগীয়া কাৰ্য্য কৰা?
Jeremiah 10:8 in Assamese 8 কিন্তু তেওঁলোক সম্পূৰ্ণকৈ পশুতুল্য আৰু নিৰ্ব্বোধ; মূৰ্ত্তিবোৰৰ শিক্ষা লোৱা এডোখৰ কাঠ মাথোন।
Jeremiah 10:15 in Assamese 15 সেইবোৰ ভাপ আৰু প্ৰবঞ্চনাৰ কাৰ্য্য মাথোন; দণ্ড দিয়াৰ সময়ত সেইবোৰ বিনষ্ট হব।
Jeremiah 11:12 in Assamese 12 তেতিয়া যিহূদাৰ নগৰবোৰৰ লোকে আৰু যিৰোচালেম-নিবাসীসকলে গৈ, তেওঁলোকে ধূপ জ্বলোৱা দেৱতাবোৰৰ আগত কাতৰোক্তি কৰিব, কিন্তু সেইবোৰে তেওঁলোকৰ আপদৰ সময়ত তেওঁলোকক সমূলি ত্ৰাণ কৰিব নোৱাৰিব।
Jeremiah 11:17 in Assamese 17 কিয়নো বালৰ উদ্দেশ্যে ধূপ জ্বলাই মোক বেজাৰ দিবৰ অৰ্থে যিহূদা আৰু ইস্ৰায়েল বংশই নিজৰ বিৰুদ্ধে যি দুষ্কৰ্ম্ম কৰিছিল, তাৰ কাৰণে তোমাক ৰোপণ কৰা বাহিনীসকলৰ যিহোৱাই তোমাৰ বিৰুদ্ধে অমঙ্গল প্ৰকাশ কৰিলে।
Jeremiah 15:6 in Assamese 6 যিহোৱাই কৈছে, তুমি মোক ত্যাগ কৰিলা, তুমি পাছ হুঁহকি গ’লা। এই কাৰণে মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক নষ্ট কৰিলোঁ; মই ক্ষমা কৰি কৰি আমনি পাইছোঁ।
Jeremiah 16:11 in Assamese 11 তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই কৈছে, তোমালোকৰ পূৰ্ব্ব-পুৰুষসকলে মোক ত্যাগ কৰিলে,’ ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱাপূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে। কিন্তু মোক হ’লে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে।
Jeremiah 17:13 in Assamese 13 যিহোৱাই ইস্ৰায়েলৰ আশা-ভুমি। যিসকলে তোমাক ত্যাগ কৰে, তেওঁলোক সকলোৱেই লজ্জিত হব; যিসকলে সেই ঠাইত তোমাৰ পৰা আঁতৰি যায় তেওঁলোক বঞ্চিত হ’ব। কিয়নো তেওঁলোকে জীৱিত জলৰ ভুমুকস্বৰূপ যিহোৱাক ত্যাগ কৰিলে।
Jeremiah 19:4 in Assamese 4 তেওঁলোকে মোক ত্যাগ কৰিলে, এই ঠাই বিজাতীয় ঠাই কৰিলে, আৰু তেওঁলোক, তেওঁলোকৰ পূৰ্ব্ব–পুৰুষসকল আৰু যিহূদাৰ ৰজাসকলে নজনা ইতৰ দোৱতাবোৰৰ উদ্দেশ্যে এই ঠাইত ধূপ জ্বলালে আৰু নিৰ্দ্দোষী লোকসকলৰ তেজেৰে এই ঠাই পৰিপূৰ্ণ কৰিলে।
Jeremiah 44:17 in Assamese 17 কিন্তু আমি আৰু আমাৰ পূৰ্ব্ব-পুৰুষসকলে আমাৰ ৰজা আৰু প্ৰধান লোকসকলে যিহূদাৰ নগৰবোৰত আৰু যিৰূচালেমৰ আলিত যেনেকৈ কৰিছিলোঁ, তেনেকৈ আকাশৰ ৰাণীৰ উদ্দেশ্যে ধূপ জ্বলাবলৈ আৰু তেওঁৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিবলৈ আমাৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্য আমি নিশ্চয়ে সিদ্ধ কৰিম; কাৰণ সেই কালত আমাৰ আহাৰ অধিক আছিল আৰু আমি কুশলে আছিলোঁ, কোনো অমঙ্গল নেদেখিছিলোঁ।
Jeremiah 51:17 in Assamese 17 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূণ্য প্ৰতিজন সোণাৰি তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়; কাৰণ তাৰ সাঁচত ঢলা মুৰ্ত্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস-প্ৰশ্বাস নাই।
Ezekiel 8:9 in Assamese 9 তেতিয়া তেওঁ মোক পুনৰ ক’লে, “তুমি ভিতৰলৈ গৈ তেওঁলোকে তাত কৰি থকা ঘিণলগীয়া দুষ্কৰ্ম্মবোৰ চোৱা।”
Ezekiel 24:14 in Assamese 14 মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
Hosea 8:6 in Assamese 6 কিয়নো এই দামুৰিৰ মূর্তি ইস্ৰায়েলৰ লোকসকলেই নির্মাণ কৰিছে; এজন শিল্পকাৰে তাক নির্মাণ কৰিলে; কিন্তু সেয়া ঈশ্বৰ নহয়; চমৰিয়াৰ সেই দামুৰিৰ মূর্তিটো ডোখৰ ডোখৰকৈ ভঙা হ’ব।
Hosea 11:2 in Assamese 2 মই তেওঁলোকক যিমানে মাতিছিলো, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।
Joel 2:11 in Assamese 11 যিহোৱাই নিজ সৈন্যসামন্তৰ আগত নিজ কন্ঠধ্বনি শুনাইছে, কিয়নো তেওঁৰ বাহিনী অতিশয় অধিক; কাৰণ তেওঁৰ আজ্ঞা পালন কৰোতাসকল বলৱান। কিয়নো যিহোৱাৰ দিন মহৎ আৰু অতি ভয়ানক। কোনে তাক সহন কৰিব পাৰে?
Matthew 23:35 in Assamese 35 তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদীৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।
Acts 7:41 in Assamese 41 তেতিয়া তেওঁলোকে এটা দামুৰিৰ মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান উৎসর্গ কৰিলে। তেওঁলোকে নিজ হাতেৰে কৰা কার্যত আনন্দ কৰিবলৈ ধৰিলে।